আজি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত তেল, খনিজ সম্পদ, উদ্যোগ, নিয়োগ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহ ৰাইজক জনায়।

আজি মুখ্যমন্ত্ৰীয়ে কয়, “এতিয়াৰে পৰা প্ৰতিটো কোচিং চেন্টাৰে বাধ্যতামূলকভাৱ কৰিব লাগিব পঞ্জীয়ন। প্ৰতিজন শিক্ষাৰ্থীৰ সৈতে দৈনিক কথা পাতিব লাগিব মনোৰোগ বিশেষজ্ঞই।”

আজি কাজিৰঙাৰ ইক’ ছেনছিটিভ জ’নক লৈ চলি থকা বিতৰ্ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় পঞ্চতাৰকা হোটেল ECO SENSITIVE ZONE ত হ’ব পাৰে। এয়া ছুপ্ৰিম কোৰ্টে কৈছে।

মুখ্যমন্ত্ৰীয়ে কয়, য’তেই হাত দিও তাতেই সোণ হয়! আজি যদি কৰোবাত ৰকিবুল হুছেইনৰ পাৰ্টীয়ে কাজিৰঙা ৰক্ষা কৰিব বুলি কয়, মানুহে হজম কৰিব নেকি? তেওঁলোকে মোক যিমান গালি-গালাজ দিয়ে লাভ নাই, মই ২৫ বছৰ ৰাজনীতি কৰিছোঁ, কংগ্ৰেছে কেতিয়াও অসমৰ ৰাজনীতি শিকা নাই।

ইফালে তেল, খনিজ সম্পদ বিচাৰি অসমৰ নতুন নতুন ঠাইত খনন চলিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















