ৰাখী বন্ধন উৎসৱ ওচৰ চাপি আহিছে। এই বিশেষ দিনটোত ভগ্নীসকলে ভাতৃৰ হাতত ৰাখী বান্ধি মৰম আৰু আন্তৰিকতাৰ প্ৰতীক হিচাপে মিঠাই খুৱায়। আনহাতে, ভায়েকসকলেও ভগ্নীৰ সুৰক্ষা, সুখ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে সদায় কাষত থকাৰ প্ৰতিশ্ৰুতি দিয়ে। এই উপলক্ষে বহুতে ভগ্নীক বিভিন্ন ধৰণৰ উপহাৰ দিয়ে। কিন্তু এইবাৰ যদি ভগ্নীক এনে এটা উপহাৰ দিব বিচাৰে, যিয়ে তেওঁৰ ভৱিষ্যৎ সুৰক্ষিত কৰাত সহায় কৰিব, তেন্তে সুকন্যা সমৃদ্ধি যোজনা এটা ভাল বিকল্প হ’ব পাৰে। ভাৰত চৰকাৰে কন্যা সন্তানৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ লক্ষ্যৰে ২০১৫ চনৰ ২২ জানুৱাৰীত ‘বেটী বচাও, বেটী পঢ়াও’ অভিযানৰ অধীনত সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছিল। এই আঁচনি কেৱল কন্যা সন্তানৰ বাবেই প্ৰযোজ্য। সেয়ে কন্যাৰ শিক্ষা আৰু ভৱিষ্যতৰ বাবে সঞ্চয় কৰিব বিচৰা অভিভাৱকসকলৰ বাবে এই আঁচনি বিশেষ গুৰুত্বপূৰ্ণ।
কোনে খুলিব পাৰে সুকন্যা সমৃদ্ধি একাউণ্ট?
ভাৰতীয় কন্যা সন্তানৰ জন্মৰ পৰা ১০ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ আগলৈকে তেওঁৰ নামত সুকন্যা সমৃদ্ধি একাউণ্ট খুলিব পাৰি। এটা কন্যা সন্তানৰ নামত মাত্ৰ এটা একাউণ্টহে খুলিব পাৰি। এটা পৰিয়ালত সাধাৰণতে সৰ্বাধিক দুগৰাকী কন্যা সন্তানৰ নামত এই একাউণ্ট খোলা যায়। অৱশ্যে যমজ বা একেলগে জন্ম হোৱা তিনিগৰাকী কন্যা সন্তানৰ ক্ষেত্ৰত নিৰ্দিষ্ট নিয়ম অনুসৰি দুটাতকৈ অধিক একাউণ্ট খোলাৰ সুবিধা আছে। ভাৰতৰ যিকোনো স্থানৰ পৰা এই একাউণ্ট আন স্থানলৈ ট্ৰেন্সফাৰ কৰিব পাৰি। কন্যা সন্তানৰ বয়স ১৮ বছৰ সম্পূৰ্ণ নোহোৱালৈকে একাউণ্টটো পিতৃ-মাতৃ বা আইনী অভিভাৱকে পৰিচালনা কৰে। ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ পিছত প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰি কন্যা সন্তানে নিজেই একাউণ্টটো পৰিচালনা কৰিব পাৰে। একাউণ্ট খোলাৰ তাৰিখৰ পৰা ২১ বছৰ সম্পূৰ্ণ হ’লে সুকন্যা সমৃদ্ধি একাউণ্টৰ মেচিউৰিটি হয়।
একাউণ্ট খুলিবলৈ কি কি নথি লাগে?
সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট খুলিবলৈ সাধাৰণতে তলত দিয়া নথি-পত্ৰসমূহৰ প্ৰয়োজন হয়—
সুকন্যা সমৃদ্ধি যোজনাৰ একাউণ্ট খোলাৰ প্ৰ-পত্ৰ
কন্যা সন্তানৰ জন্মৰ প্ৰমাণ পত্ৰ
পিতৃ-মাতৃ বা অভিভাৱকৰ আধাৰ কাৰ্ড আৰু ফটো
প্ৰযোজ্য ক্ষেত্ৰত PAN কাৰ্ড বা Form 60
এই একাউণ্ট ডাকঘৰ অথবা অনুমোদিত বেংকৰ শাখাত খুলিব পাৰি।
কিমান টকা জমা কৰিব পাৰি?
সুকন্যা সমৃদ্ধি যোজনাত কম পৰিমাণৰ ধনেৰেও সঞ্চয় আৰম্ভ কৰিব পাৰি। প্ৰতি বিত্তীয় বৰ্ষত নূন্যতম ২৫০ টকা জমা কৰিব লাগে। আনহাতে, এটা বিত্তীয় বৰ্ষত সৰ্বাধিক ১.৫ লাখ টকা জমা কৰিব পাৰি। একাউণ্ট খোলাৰ তাৰিখৰ পৰা ১৫ বছৰলৈকে ইয়াত ধন জমা কৰিব পাৰি। অৰ্থাৎ, একাউণ্ট মেচিউৰ হোৱাৰ আগতেই নিয়মীয়াকৈ সঞ্চয় কৰি কন্যাৰ ভৱিষ্যতৰ বাবে এটা ভাল পৰিমাণৰ ধন গঠন কৰিব পৰা যায়।
বৰ্তমান সুতৰ হাৰ কিমান?
বৰ্তমান সুকন্যা সমৃদ্ধি যোজনাত জমা ধনৰ ওপৰত বছৰি ৮.২ শতাংশ সুত প্ৰদান কৰা হৈছে। সুতৰ হাৰ চৰকাৰে সময় অনুসৰি সংশোধন কৰিব পাৰে। সুত সাধাৰণতে মাহেকীয়াকৈ গণনা কৰা হয় আৰু প্ৰতিটো বিত্তীয় বৰ্ষৰ শেষত একাউণ্টত যোগ কৰা হয়। সেয়ে দীৰ্ঘম্যাদীভাৱে কন্যাৰ শিক্ষা আৰু ভৱিষ্যতৰ বাবে সঞ্চয় কৰাৰ ক্ষেত্ৰত এই আঁচনিখন গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। সুকন্যা সমৃদ্ধি যোজনাত কৰা বিনিয়োগ আয়কৰ আইনৰ ধাৰা ৮০Cৰ অধীনত নিৰ্দিষ্ট সীমালৈ কৰ ৰেহাইৰ বাবে যোগ্য। ইয়াৰ উপৰি, একাউণ্টত জমা ধনৰ ওপৰত লাভ কৰা সুত আৰু নিয়ম অনুসৰি লাভ কৰা মেচিউৰিটি ধনৰ ক্ষেত্ৰতো কৰ সুবিধা আছে।
ৰাখীবন্ধনত ভগ্নীক দিয়ক ভৱিষ্যতৰ উপহাৰ
ৰাখীবন্ধনত কাপোৰ, গহনা, মোবাইল বা আন উপহাৰ দিয়াৰ পৰিৱৰ্তে ভগ্নীৰ ভৱিষ্যতৰ বাবে সঞ্চয় আৰম্ভ কৰাটো এক অৰ্থপূৰ্ণ উপহাৰ হ’ব পাৰে। অৱশ্যে সুকন্যা সমৃদ্ধি যোজনা কেৱল ১০ বছৰৰ তলৰ কন্যা সন্তানৰ বাবে খোলাৰ সুবিধা আছে। সেয়ে যোগ্য কন্যা সন্তানৰ নামত অভিভাৱকে একাউণ্ট খুলি নিয়মীয়াকৈ সঞ্চয় কৰিলে ভৱিষ্যতে শিক্ষা আৰু অন্যান্য প্ৰয়োজনত এই ধন সহায়ক হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















