এতিয়াই আপোনাৰ KYC আপডেট কৰক, নহ’লে আপোনাৰ একাউণ্ট ব্লক হ’ব! এনে ধৰনৰ মেছেজ কিন্তু অতি সাৱধান হওক। কে ৱাই চি আপডেট সম্পৰ্কীয় জালিয়াতিৰ সন্দৰ্ভত সকীয়াই দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।
ৰিজাৰ্ভ বেংকে কয় যে যদি কোনোবাই এনে বাৰ্তা লাভ কৰে তেন্তে আতংকিত হোৱাৰ কোনো কাৰণ নাই। ভয়ৰ কোনো কাৰণ নাই। এইবোৰ প্ৰৱঞ্চনামূলক বাৰ্তা। যদি আপুনি এনে বাৰ্তা লাভ কৰে তেন্তে যিকোনো ধৰণৰ লিংকত ক্লিক কৰাটো নিষিদ্ধ। প্ৰৱঞ্চকৰ পৰা সাৱধান হ’বলৈ গ্ৰাহকক কেইবাটাও পদ্ধতি মানি চলিবলৈ কোৱা হৈছে।
আৰ বি আইয়ে কয়, এনে বাৰ্তা আহিলে খৰখেদাকৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিব। কাৰণ বেংক বা বিত্তীয় কোম্পানীয়ে (NBFC) KYC আপডেটৰ বাবে লিংক প্ৰেৰণ নকৰে। যদি এনে বাৰ্তা আহে, তেন্তে এনে লিংকত কেতিয়াও ক্লিক নকৰিব। আৰ বি আইয়ে কয়, যদি কোনো অ’টিপি, পিন আৰু পাছৱৰ্ড সোধা হয়, তেন্তে কেতিয়াও শ্বেয়াৰ নকৰিব।
অধিক জানিবলৈ আৰ বি আইয়ে https://m.rbi.org.in/FinancialEducation/ ত ক্লিক কৰাৰ পৰামৰ্শ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















