বিশ্বৰ অন্যতম জনপ্ৰিয় মল্লযোদ্ধা হিচাপে পৰিচিত দ্য গ্ৰেট খালী কেৱল তেওঁৰ বিশাল শৰীৰ আৰু শক্তিৰ বাবেই নহয়, খাদ্যৰ প্ৰতি থকা আগ্ৰহৰ বাবেও অনুৰাগীৰ মাজত চৰ্চিত। শেহতীয়াকৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ খাদ্যৰ সোৱাদ লোৱাৰ লগতে অসমীয়া খাদ্যৰ প্ৰতিও তেওঁৰ আগ্ৰহ দেখা যায়। অসমত বান পৰিস্থিতি বুজ ল’বলৈ আহি অসমীয়া খাদ্য খালে উদৰ পূৰাই। কিন্তু আপুনি জানে কি কি সুস্বাদু খাদ্য উদৰ পূৰাই খালে দ্য গ্ৰেট খালীয়ে?
দ্য গ্ৰেট খালীৰ দৰে সুস্বাস্থ্য আৰু শাৰীৰিক শক্তিৰ বাবে পৰিচিত ব্যক্তিৰ ক্ষেত্ৰত খাদ্যৰ বিষয়টো স্বাভাৱিকতেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু। তেওঁ সাধাৰণতে পুষ্টিকৰ আৰু প্ৰ’টিনসমৃদ্ধ খাদ্যৰ ওপৰত গুৰুত্ব দিয়ে। দ্য গ্ৰেট খালীৰ অসম ভ্ৰমণৰ সৈতে জড়িত ছবি আৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে বহু লোকেই তেওঁৰ খাদ্যৰ পছন্দক লৈ আলোচনা কৰিছে। বিশেষকৈ বানপীড়িত লোকসকলৰ মাজলৈ গৈ তেওঁলোকৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে স্থানীয় লোকৰ সৈতে সময় কটোৱাটোৱে তেওঁৰ এই ভ্ৰমণক অধিক চৰ্চিত কৰি তুলিছে।
বন্যাৰ্তক সহায় কৰিবলৈ অহা গ্ৰেট খালীক দৈনিক খাদ্যৰ যোগানত কোনো ক্ৰটি ৰৈ যাবলৈ নিদিলে অসমীয়া ৰাইজে। মৰাণৰ পেচিফিকা ইন হোটেলে কি কি আয়োজন কৰিছিল গ্ৰেট খালীৰ বাবে জানো আহক…
এবাৰ খোৱা খাদ্যৰ তালিকা
- ৯ টা লোকেল মুৰ্গী
- ২০ টা বইল কণী
- ১ কেজি আপেল
- ১০ টা কল
- আৰু অন্যান্য খাদ্যও অন্তৰ্ভুক্ত
আনহাতে Asom Live 24 ৰ সৈতেও হোৱা সাক্ষাৎকাৰতো খালীয়ে অসমৰ পিঠা আৰু খাদ্যৰ কথা বৰ্ণনা কৰে। তেওঁ কয়, ‘অসমৰ খাদ্য যথেষ্ঠ ভাল লাগিছে। অসমৰ ভাত-দাইল, পিঠা-পনা আৰু চাহ সেৱন কৰি যথেষ্ঠ আনন্দ পাইছোঁ। অসমত অসমীয়া লোকেল মুৰ্গীৰ মাংস ভাল লাগিছে, অলপ টান যদিও সোৱাদযুক্ত।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















