অনলাইনত গেলামাল বা ঘৰুৱা সামগ্ৰী অৰ্ডাৰ কৰা গ্ৰাহকৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ। কৰ্ণাটকৰ খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন বিভাগে Amazon, Swiggy Instamart আৰু BigBasketৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই তিনিটা অনলাইন প্লেটফৰ্মত বিষাক্ত উদ্ভিদ ধতুৰাৰ ফল আৰু বীজ খাদ্য সামগ্ৰী হিচাপে তালিকাভুক্ত কৰি বিক্ৰী আৰু যোগান ধৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে এই পদক্ষেপ লোৱা হৈছে। TOIৰ প্ৰতিবেদন অনুসৰি, কৰ্ণাটকৰ খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন বিভাগে তিনিওটা প্লেটফৰ্মৰ খাদ্য অনুজ্ঞাপত্ৰ পৰৱৰ্তী জাননী নিদিয়ালৈকে স্থগিত ৰাখিছে। লগতে সংশ্লিষ্ট কোম্পানীসমূহক কাৰণ দৰ্শোৱাৰো জাননী জাৰি কৰা হৈছে। বিভাগে স্পষ্টভাৱে নিৰ্দেশ দিছে যে ধতুৰা ফল বা বীজ মানুহৰ খোৱাৰ বাবে খাদ্য সামগ্ৰী হিচাপে বিক্ৰী কৰা কোনো তালিকা বা বিজ্ঞাপন থাকিলে সেয়া তৎক্ষণাত আঁতৰাব লাগিব।
ধতুৰা কিয় বিপজ্জনক?
ধতুৰা এবিধ বিষাক্ত উদ্ভিদ। ইয়াৰ ফল আৰু বীজত এনে বিষাক্ত উপাদান থাকে, যিয়ে মানুহৰ শৰীৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে। ভুলবশতঃ বা অসাৱধানতাৰে ধতুৰা সেৱন কৰিলে বিষক্ৰিয়া, বিভ্ৰান্তি, অস্বাভাৱিক আচৰণ, অচেতনতা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। কেৱল এয়াই নহয় ধতুৰা খোৱাৰ ফলত এগৰাকী লোকৰ মৃত্যু পৰ্যন্ত হব পাৰে। সেয়েহে ধতুৰাক সাধাৰণ খাদ্য সামগ্ৰী হিচাপে বিক্ৰী বা মানুহৰ খোৱাৰ বাবে যোগান ধৰাটো অত্যন্ত বিপজ্জনক।
অনলাইন প্লেটফৰ্মক কি নিৰ্দেশ দিয়া হৈছে?
কৰ্ণাটকৰ খাদ্য সুৰক্ষা বিভাগে Amazon, Swiggy Instamart আৰু BigBasketক ধতুৰা ফল আৰু বীজৰ সৈতে জড়িত সকলো খাদ্য তালিকা আৰু বিজ্ঞাপন আঁতৰাবলৈ নিৰ্দেশ দিছে। লগতে খাদ্য সামগ্ৰী হিচাপে ধতুৰাৰ বিক্ৰী আৰু বিতৰণ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ কোৱা হৈছে। এই ঘটনাই অনলাইন শ্বপিং প্লেটফৰ্মত খাদ্য সামগ্ৰী তালিকাভুক্ত কৰাৰ ক্ষেত্ৰত অধিক সাৱধানতা আৰু কঠোৰ পৰীক্ষাৰ প্ৰয়োজনীয়তাকো পুনৰ উজলাই তুলিছে। বিশেষকৈ মানুহে খাব পৰা সামগ্ৰী হিচাপে কোনো বিষাক্ত বা বিপজ্জনক বস্তু ভুলতে তালিকাভুক্ত হ’লে তাৰ ফল গুৰুতৰ হ’ব পাৰে। কৰ্ণাটক কৰ্তৃপক্ষৰ এই পদক্ষেপৰ জৰিয়তে অনলাইন প্লেটফৰ্মসমূহক খাদ্য সুৰক্ষাৰ নিয়ম কঠোৰভাৱে মানি চলাৰ ক্ষেত্ৰত এক স্পষ্ট বাৰ্তা দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















