ঘনকান্ত গগৈৰ অতীতৰ জীৱন আছিল বিভিন্ন বিতৰ্ক আৰু প্ৰৱঞ্চনাৰ অভিযোগেৰে ভৰা। ঘনকান্তৰ প্ৰথম পৰিচয় আছিল জোন গগৈ নামেৰে। এই নাম ব্যৱহাৰ কৰিয়েই তেওঁ বিভিন্ন স্থানত মাটি-বাৰী আৰু ধনৰ লেনদেনৰ ব্যৱসায় চলাইছিল বুলি অভিযোগ উত্থাপন হৈছে। উজনি অসমত জোন গগৈ এজন দালাল হিচাপে পৰিচিত আছিল।
জোন গগৈৰ ঘৰ আছিল নাহৰকটীয়াৰ জয়পুৰৰ লেবাংকুলাত। পৰিয়াল বুলিবলৈ তেওঁৰ আছিল মাতৃ, ভায়েক আৰু ভগ্নী। মাতৃৰ মৃত্যুৰ পিছত পৰিয়ালৰ মূৰব্বীৰ দায়িত্বও তেওঁৰ ওপৰতে পৰিছিল। অভিযোগ অনুসৰি, জোন গগৈয়ে নাহৰকটীয়াৰ বিভিন্ন স্থানত ধনৰ লেনদেনক কেন্দ্ৰ কৰি প্ৰৱঞ্চনাৰ জাল পেলাইছিল। বহু লোকৰ পৰা ধন লৈ সেই ধন ঘূৰাই দিব নোৱাৰাত অৱশেষত তেওঁ লেবাংকুলাৰ ঘৰ এৰিবলৈ বাধ্য হয়। ইয়াৰ পিছতে নাহৰকটীয়া এৰি ডিব্ৰুগড়ত ভাড়াঘৰ লৈ থাকিবলৈ লয় জোন গগৈয়ে। সেই সময়ৰ পৰাই পৰিয়ালৰ সৈতেও তেওঁৰ বিশেষ সম্পৰ্ক নাছিল বুলি জানিব পৰা গৈছে।
ডিব্ৰুগড়ত আৰম্ভ কৰিছিল দালালি
নাহৰকটীয়া এৰি ডিব্ৰুগড়লৈ যোৱাৰ পিছত জোন গগৈয়ে তাত দালালিৰ কাম আৰম্ভ কৰে। কেৱল ডিব্ৰুগড়তে নহয়, উজনি অসমৰ বিভিন্ন স্থানতো তেওঁ এই কাম চলাইছিল বুলি অভিযোগ আছে। কিন্তু বিভিন্ন স্থানত ধনৰ লেনদেন আৰু বিবাদৰ সৈতে তেওঁৰ নাম জড়িত হৈ পৰে।
যোৰহাটত প্ৰথমটো গোচৰ ৰুজু
ঘনকান্ত গগৈৰ বিৰুদ্ধে যোৰহাটত প্ৰথমটো গোচৰ ৰুজু হৈছিল বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, তিনিজন সহযোগীৰ সৈতে তেওঁ মাৰপিটৰ ঘটনাত জড়িত হৈছিল। যোৰহাটৰ শুভম গাৰ্ডেনৰ সমীপত সংঘটিত এই ঘটনাত বিনা কাৰণতে পাঁচজন লোকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই ঘটনাৰ পিছতে ঘনকান্ত গগৈক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়া হৈছিল বুলি জানিব পৰা গৈছে।
জোন গগৈৰ পৰা ঘনকান্তলৈ নাম সলনি
এই ঘটনাৰ সময়ছোৱাতে তেওঁ নিজৰ পৰিচয় সলনি কৰিছিল বুলি অভিযোগ উঠিছে। ডিব্ৰুগড়ৰ ঠিকনা ব্যৱহাৰ কৰি তেওঁ নতুন পৰিচয়ৰে আধাৰ কাৰ্ড উলিয়াইছিল বুলি জানিব পৰা গৈছে। জোন গগৈৰ পৰিৱৰ্তে তেওঁ ঘনকান্ত গগৈ নামেৰে পৰিচিত হৈ পৰে। ঘনকান্ত গগৈৰ বিৰুদ্ধে যোৰহাটত মাৰণাস্ত্ৰ দেখুৱাই এজন ব্যৱসায়ীক মৃ*ত্যুৰ ভাবুকি দিয়াৰ অভিযোগো উত্থাপন হৈছিল। এই ঘটনাৰ সৈতে জড়িত হৈ তেওঁ পুলিবৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি শিৱসাগৰৰ ডিমৌ থানাতো তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ থকাৰ কথা উল্লেখ কৰা হৈছে। অভিযোগ অনুসৰি, বিহপুৰীয়াৰ এটা পৰিয়ালৰ পৰা ধন লৈ সেই ধন ঘূৰাই নিদিয়াৰ ঘটনাক কেন্দ্ৰ কৰি এই গোচৰ ৰুজু হৈছিল।
অনুজ্ঞাপত্ৰ অবিহনে মা*ৰণাস্ত্ৰ ৰখাৰ অভিযোগ
আন এক অভিযোগ অনুসৰি, ঘনকান্ত গগৈয়ে সেই সময়ৰে পৰা নিজৰ লগত মা*ৰণাস্ত্ৰ ৰাখিবলৈ লৈছিল। অৱশ্যে, সেই সময়ত তেওঁৰ হাতত মা*ৰণাস্ত্ৰ ৰখাৰ বৈধ অনুজ্ঞাপত্ৰ নাছিল বুলি অভিযোগ উত্থাপন হৈছে। সামগ্ৰিকভাৱে, নাহৰকটীয়াৰ পৰা ডিব্ৰুগড় আৰু যোৰহাটলৈকে বিভিন্ন স্থানত ধনৰ লেনদেন, প্ৰৱঞ্চনা, মাৰপিট আৰু ভাবুকি দিয়াৰ অভিযোগৰ সৈতে ঘনকান্ত গগৈৰ নাম জড়িত হৈ পৰিছিল। উজনি অসমত নিজৰ পৰিচয় আৰু ভাবমূৰ্তি অক্ষুণ্ণ ৰখাত তেওঁ সফল হোৱা নাছিল বুলি এই ঘটনাসমূহে ইংগিত দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















