হিমাচল প্ৰদেশৰ বিদ্যালয়-মহাবিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী ঠাকুৰ সুখৱিন্দৰ সিং সুখুৱে ঘোষণা কৰিছে যে পৰৱৰ্তী শৈক্ষিক অধিবেশনৰ পৰা নাৰ্চাৰীৰ পৰা কলেজ পৰ্যায়লৈ নামভৰ্তিৰ প্ৰ-পত্ৰত জাতিৰ বাবে কোনো পৃথক স্তম্ভ নাথাকিব। হিমাচল প্ৰদেশ অনুসূচিত জাতি কল্যাণ ব’ৰ্ডৰ বৈঠকত সভাপতিত্ব কৰি মুখ্যমন্ত্ৰীয়ে কয় যে-সমাজৰ পৰা জাতিভিত্তিক বৈষম্য আঁতৰোৱা আৰু সকলোৰে মাজত ভাতৃত্ববোধ গঢ়ি তোলাই চৰকাৰৰ অন্যতম লক্ষ্য। মুখ্যমন্ত্ৰীৰ মতে, শিশুৰ মনত সৰুৰে পৰাই কোনো ধৰণৰ হীনমন্যতা বা বৈষম্যৰ ভাৱ সৃষ্টি হ’ব নালাগে। সকলো শিশুৱে সমান অধিকাৰ আৰু সমান সন্মানৰ ভাৱনাৰে আগবাঢ়িব লাগে। সেই লক্ষ্যৰে সাধাৰণ নামভৰ্তি প্ৰক্ৰিয়াৰ পৰা জাতিৰ তথ্য আঁতৰোৱাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে শিক্ষা প্ৰতিষ্ঠানত প্ৰৱেশ কৰাৰ সময়ত কেৱল জাতিৰ ভিত্তিত কোনো শিশুক পৃথকভাৱে চিনাক্ত কৰা উচিত নহয়। শিশুসকলৰ মাজত যাতে জাতিভিত্তিক পাৰ্থক্যৰ ভাৱ সৃষ্টি নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
চৰকাৰী সুবিধা লাভত নাথাকিব বাধা
অৱশ্যে নামভৰ্তি প্ৰ-পত্ৰৰ পৰা জাতিৰ স্তম্ভ আঁতৰোৱাৰ অৰ্থ এইটো নহয় যে অনুসূচিত জাতি বা অন্যান্য যোগ্য শ্ৰেণীৰ লোকসকলে চৰকাৰী সুবিধা নাপাব। চৰকাৰী আঁচনি, বৃত্তি, সংৰক্ষণ বা আন কোনো সুবিধা লাভৰ বাবে য’ত জাতিগত তথ্যৰ প্ৰয়োজন হয়, তেনে ক্ষেত্ৰত প্ৰয়োজনীয় তথ্য পৃথকভাৱে সংগ্ৰহ কৰিব পৰা যাব। অৰ্থাৎ যোগ্য হিতাধিকাৰীসকলে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰি থাকিব। মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্তক সামাজিক সমতাৰ দিশত এক গুৰুত্বপূৰ্ণ আৰম্ভণি বুলি অভিহিত কৰিছে। তেওঁৰ মতে, শিশুৱে শৈশৱৰ পৰাই সমান সুযোগ, সমান অধিকাৰ আৰু সমান সন্মান লাভ কৰিলে সমাজত বৈষম্য আৰু দূৰত্বৰ ভাৱ কমি আহিব।
পৰৱৰ্তী শৈক্ষিক অধিবেশনৰ পৰা কাৰ্যকৰীৰ প্ৰস্তুতি
এই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ ৰাজ্যখনৰ শিক্ষা বিভাগে এতিয়া বিদ্যালয় আৰু মহাবিদ্যালয়ত ব্যৱহৃত নামভৰ্তি প্ৰ-পত্ৰ সংশোধন কৰিব লাগিব। পৰৱৰ্তী শৈক্ষিক অধিবেশনৰ পৰা নাৰ্চাৰীৰ পৰা উচ্চ শিক্ষালৈ সাধাৰণ নামভৰ্তি প্ৰক্ৰিয়াত জাতিৰ স্তম্ভ নথকাৰ ব্যৱস্থা কৰাৰ প্ৰস্তুতি চলিব। চৰকাৰৰ মতে, এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে শিশুসকলক সৰুৰে পৰাই জাতিৰ পৰিৱৰ্তে সমতা, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সন্মানৰ মূল্যবোধেৰে আগবঢ়াই নিয়া।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















