বহুতে শুনিছে যে আপুনি আপোনাৰ স্মাৰ্টফোনৰ বেটাৰী ১০০% চাৰ্জ কৰাৰ পৰিৱৰ্তে ৮০% চাৰ্জ কৰিব লাগে। কিন্তু ইয়াক ১০০% চাৰ্জ কৰিলে সঁচাকৈয়ে আপোনাৰ ফোনটো বেয়া হয় নেকি?
আজিৰ বেছিভাগ স্মাৰ্টফোনতে লিথিয়াম-আয়ন বেটাৰী ব্যৱহাৰ কৰা হয়। এই বেটাৰীবোৰৰ আয়ুস চাৰ্জিং চক্ৰৰ সৈতে জড়িত। এটা চক্ৰ হ’ল ০%ৰ পৰা ১০০%লৈকে চাৰ্জ। যিমানেই বেছি চক্ৰ হ’ব সিমানেই বেটাৰীৰ ক্ষমতা কম।
বেটাৰীটো ১০০% চাৰ্জ কৰি দীৰ্ঘদিন ধৰি ৰাখিলে বেটাৰীৰ ওপৰত চাপ পৰে। গতিকে, সাধাৰণতে ফোনটো ২০-৮০% চাৰ্জ কৰি ৰাখিলে বেটাৰীৰ ওপৰত কম চাপ পৰে। ইয়াৰ দ্বাৰা দীৰ্ঘদিনলৈ ফোনটোৰ ভাল পাৰফৰমেন্স নিশ্চিত হ’ব পাৰে।
বহুতে ফোন ১০০% চাৰ্জ হোৱাৰ পিছতো চাৰ্জাৰত প্লাগ কৰি ৰাখে। ইয়াৰ ফলত কোনো বিশেষ ক্ষতি নহ’লেও ই বেটাৰীৰ দীৰ্ঘম্যাদী স্বাস্থ্য হ্ৰাস কৰে। ফোনটো গৰম হ’লে বেটাৰীৰ ওপৰত চাপ বাঢ়ি যায়। যদি আপুনি মোবাইল কোম্পানীৰ চাৰ্জাৰ/কেবল/এডাপ্টাৰৰ সলনি সস্তীয়া কেবল ব্যৱহাৰ কৰে, তেন্তে বিপদ বেছি।
অৱশ্যে আজিকালি সকলো ফোনতে স্মাৰ্ট চাৰ্জিং আছে। ফোনটো ১০০% চাৰ্জ হ’লে চাৰ্জিং বন্ধ হৈ যায়। অৰ্থাৎ যেতিয়া ই সম্পূৰ্ণ চাৰ্জ হয় তেতিয়া চাৰ্জাৰ অন হওক বা নহওক স্বয়ংক্ৰিয়ভাৱে চাৰ্জিং বন্ধ হৈ যায়। অৱশ্যে সকলো সময়তে ফোনটো ১০০% চাৰ্জ কৰি নাৰাখিলে ভাল।
বেটাৰীৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল অতিমাত্ৰা গৰম হোৱা। চাৰ্জ কৰাৰ সময়ত কেতিয়াও আপোনাৰ ফোনটো আঠুৱা বা কম্বলৰ তলত ৰাখিব নালাগে। মুকলি ঠাইত চাৰ্জ কৰিবলৈ চেষ্টা কৰক।
আপুনি বেটাৰীটো বাৰে বাৰে শূন্যৰ ওচৰলৈ নিষ্কাশন কৰাটোও এৰাই চলিব লাগে। সম্ভৱ হ’লে ফোনটো ২০%ৰ ওচৰত হ’লে চাৰ্জ কৰাটো ভাল। নিয়মিতভাৱে ২০-৮০% ৰ ভিতৰত ফোনটো চাৰ্জ কৰি ৰাখিলে বেটাৰীৰ টান কমি যায় আৰু ফোনটো দীৰ্ঘদিনলৈ ভাল কাম কৰি থাকে।
শেষত সকলো সময়তে ৮০% নিয়ম মানি চলাটো সম্ভৱ নহয়। প্ৰয়োজন হ’লে ১০০% চাৰ্জ কৰক। অৱশ্যে ফোনটো ১০০% বা চাৰ্জাৰত বেছি সময় নাৰাখিব। অত্যধিক গৰম পৰিহাৰ কৰক। ইয়াৰ ফলত বেটাৰীটো বহুদিনলৈ ভাল হৈ থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















