• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

29 minutes ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

3 seconds ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

2 hours ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

3 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

16 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

17 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

17 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

18 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

18 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

19 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

20 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

20 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

বিগত সময়ৰ ৰাজ্যৰ কেইটামান অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতিৰ কাহিনী

editor by editor
September 5, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক্ৰমাৎ অতি অধুনিকতাৰ দিশলৈ গতি কৰিছে এই পৃথিৱী। সমান্তৰালভাৱে সলনি হৈছে আমাৰ জীৱনশৈলী। ইণ্টাৰনেটৰ উত্তৰণে পৃথিৱীখন ক্ষুদ্ৰতকৈ ক্ষুদ্ৰ কৰি পেলাইছে। ইণ্টাৰনেটৰ বাবেই থাউকতে কষ্ট নকৰাকৈয়ে লাভ কৰিছো ভূ-ভাৰাস্তৰ তথ্য। কিন্তু আজিৰ এই ইণ্টাৰনেটৰ যুগত যেন শিথিল হৈ পৰিছে সম্পৰ্কবোৰ। ইয়াৰ বাবে দায়ী কিন্তু ইণ্টাৰনেট বা প্ৰযুক্তিৰ উত্তৰণ নহয়, দায়ী সঠিক উদ্দেশ্যত ব্যৱহাৰ কৰিব নজনাসকলহে। সম্পৰ্কত ফাট মেলা তেনে অলেখ অসংখ্য কাহিনীয়ে দৈনিক সংবাদ মাধ্যম ভিৰ কৰাও আমি দেখি আহিছো। একেদৰে বিভিন্ন অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতিও প্ৰায়ে সংবাদৰ শিৰনোমলৈ অহা দেখিবলৈ পাও।

শেহতীয়াকৈ ডাঃ প্ৰয়াস সিংহলৰ মৃ*ত্যুৰ পিছতে উদয় হৈছে কেইবাটাও দিশ। মৃ*ত প্ৰয়াসৰ পিতৃৰ নীলাঞ্জনা নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে অভিযোগৰ পিছতে নীলাঞ্জনৰো ডাঃ প্ৰয়াস সিংহলৰ বিৰুদ্ধে প্ৰতি অভিযোগেৰে ভৰা মন্তব্যবোৰে অবৈধ সম্পৰ্কৰ বিষয়টোক উদঙাইছে। প্ৰতি অভিযোগ কৰিলেও নীলাঞ্জনাই নিজেও স্বীকাৰ কৰিছে ডাঃ প্ৰয়াস সিংহলৰ সৈতে সম্পৰ্কৰ কথা। জানিব পৰা মতে ইতিমধ্যে প্ৰয়াস সিংহলৰ বিৱাহ বিচ্ছেদ হৈছিল। সমান্তৰালভাৱে এটা সন্তানৰ মাতৃ নীলাঞ্জনাৰো স্বামীৰ সৈতে সম্পৰ্ক সুস্থ নাছিল বুলি স্বীকাৰোক্তি দিছে। ইয়াৰ মাজতে প্ৰয়াসৰ পিতৃয়ে অভিযোগৰ আঙুলি তোলা নীলাঞ্জনাৰ স্বামীৰ ভাষ্যয়ো বিষয়টোৰ দিশ নিৰ্ধাৰণ কৰিছে। প্ৰয়াসৰ মৃ*ত্যুৰ কাৰণ হয়টো আৰক্ষীৰ তদন্তত স্পষ্ট হ’ব, কিন্তু এই অকাল মৃ*ত্যুৰ অবৈধ সম্পৰ্ক যে এক অন্যতম ‘কাৰক’ আছিল সেয়া প্ৰয়াসৰ মৃ*ত্যুৰ পিছত পোহৰলৈ অহা কল ৰেকৰ্ডিং, পিতৃ, নীলাঞ্জনা তথা তেওঁৰ স্বামীৰ ভাষ্যই তাকেই প্ৰমাণ কৰিছে।

ডাঃ প্ৰয়াস সিহলৰ মৃ*ত্যুৰ এটা এটা উদাহৰণহে। অবৈধ তথা গোপন সম্পৰ্কবোৰৰ ভয়ংকৰ পৰিণতিৰ বিভিন্ন ঘটনা নিতৌ হৈ আছে, দৈনিক পোহৰলৈ আহিয়েই আছে। এই অবৈধ সম্পৰ্কবোৰৰ বাবে একো একোটা পৰিয়াল ধ্বংস হৈ গৈছে। মাত্ৰ এজন লোক বা এগৰাকী মহিলাৰ ভুলৰ ফল এটা পৰিয়াল তথা বহু সময়ত একোখন সমাজেও ভুগিব লগীয়া হৈ আছে। ইয়াৰ উপৰিও সংশ্লিষ্ট ব্যক্তিৰ পৰৱৰ্তী প্ৰজন্ময়ো ইয়াৰ কুফল ভুগিবলগীয়া হয়।

অবৈধ প্ৰেমৰ পৰিণতিত ২০১৭ চনত বৰপেটাত সংঘটিত হৈছিল এক লোমহৰ্ষক হ*ত্যাকাণ্ড। পত্নীৰ অবৈধ সম্পৰ্কৰ সন্দেহত অশোক দাস নামৰ এজন ব্যক্তিয়ে ২০১৭ চনৰ ৮ আগষ্টত পত্নীক হ*ত্যা কৰিছিল। অবৈধ সম্পৰ্কৰ বাবেই স্বামী-স্ত্ৰীৰ মাজত সঘনাই কাজিয়াৰ সূত্ৰপাতো হৈছিল। প্ৰায় ৯ বছৰীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত ২০২৫ চনৰ ২৫ ফেব্ৰুৱাৰীত বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে অশোক দাসক যাৱজ্জীৱন কাৰাদণ্ড বিহে।

২০১৯ চনত মৰাণত অবৈধ প্ৰেমৰ পৰিণতিত দীপক মাঝি নামৰ এজন লোকে পত্নীক হ*ত্যা কৰে। আৰক্ষীৰ তথ্য অনুসৰি পত্নীৰ পৰকীয়া সম্পৰ্কৰ সন্দেহত পত্নীক হ*ত্যা কৰিছিল দীপকে। ২০১৯ত কোকৰাঝাৰৰ ফকিৰাগ্ৰামত অবৈধ সম্পৰ্কৰ বাবেই ৩টাকৈ হ*ত্যাকাণ্ড সংঘটিত হৈছিল। অভিযুক্ত শোভানন্দ বৰ্মনে প্ৰথমে অবৈধ প্ৰেমিকা মৰমী ৰায়ক হ*ত্যা কৰে। ইয়াৰ পিছতে মৰমী ৰায়ৰ স্বামী টিপুল ৰায় আৰু তেওঁলোকৰ ৩ বছৰীয়া কন্যাকো হ*ত্যা কৰে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে মৃত মৰমীয়ে শোভানন্দৰ উপৰিও আন এজন লোকৰ সৈতেও সম্পৰ্কত আছিল বুলি সন্দেহ কৰিছিল অভিযুক্ত শোভানন্দই। ২০১৯ৰ ১ জুলাইত আৰক্ষীয়ে শোভানন্দ ৰায়ক গ্ৰেপ্তাৰ কৰিছিল।

অবৈধ প্ৰেম কিমান নীচ পৰ্যায়লৈ যাব পাৰে তাৰেই উদাহৰণ গোলাঘাটৰ বৰপথাৰৰ বিলগাঁৱৰ চম্পক সন্দিকৈ হ*ত্যাকাণ্ড। আৰক্ষীৰ তদন্ত অনুসৰি ২০২২চনৰ ছেপ্টেম্বৰত সংঘটিত হোৱা এই হ*ত্যাকাণ্ডৰ খলনায়ক আছিল ভুক্তভোগী চম্পকৰ পিতৃ, চম্পকৰ পত্নী আৰু আন এজন লোক। হ*ত্যাকাণ্ডৰ কাৰণ অবৈধ প্ৰেম। আৰক্ষীয়ে তদন্তৰ অন্তত চম্পকৰ পত্নী, পিতৃ আৰু তৃতীয়জন লোকক গ্ৰেপ্তাৰ কৰে। অবৈধ প্ৰেমৰ বাবেই ২০২২ চনত গুৱাহাটীৰ সাতগাঁৱত ৬০ বছৰীয়া অৱসৰপ্ৰাপ্ত সেনা জোৱান ৰৌচান আলী হ*ত্যাৰ বলি হৈছিল। এই হ*ত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল হাবিবুৰ ৰহমান। ২০২২ৰ ২৩ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই হ*ত্যাকাণ্ড। হাবিবুৰ ৰহমানক ইতিমধ্যে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

২০২৩ চনৰ গোৱালপাৰাত জোনালী নাথ নামৰ এগৰাকী মহিলাৰ হ*ত্যাকাণ্ডৰো মূল কাৰণ আছিল অবৈধ প্ৰেম। এই হ*ত্যাকাণ্ডটোৱে ব্যাপকভাৱে চৰ্চা লাভ কৰিছিল। জোনালী নাথৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল হাছানুৰ ইছলাম। হাজানুৰ আৰু জোনালীৰ মাজত দুবছৰ ধৰি অবৈধ প্ৰেম আছিল। তথ্য অনুসৰি হাছানুৰে অন্য এগৰাকী যুৱতীক বিয়া পাতিবলৈ যো-জা চলোৱাৰ সময়তে প্ৰথমে জোনালী নাথৰ সৈতে মতানৈক্য হয় আৰু হাছানুৰে জোনালীক হ*ত্যা কৰি ৰাস্তাৰ কাষত পেলাই থৈ যায়। এই সমগ্ৰ তথ্য আৰক্ষীয়ে তদন্তৰ পিছত সদৰী কৰে।

উপৰিউক্ত ঘটনাবোৰ অবৈধ প্ৰেমৰ ভয়ংকৰ পৰিণতিৰ একো একোটা উদাহৰণহে। এনে ঘটনা আৰু অলেখ-অসংখ্য আছে। পৰকীয়া বা অবৈধ প্ৰেমৰ সফল সমাপ্তি কেতিয়াও নহয়। ইয়াৰ ফলাফল সদায়ে ক্ষতিকাৰক। অবৈধ সম্পৰ্কই বহু সময়ত কেৱল এটা জীৱন শেষ কৰাই নহয়, এটা পৰিয়াল বা একোখন সমাজকো বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰে। এনেধৰণৰ অবৈধ সম্পৰ্কবোৰে সশ্লিষ্ট ব্যক্তিৰ উত্তৰ প্ৰজন্মকো বাৰুকৈ ক্ষতিগ্ৰস্ত কৰে। সম্পৰ্কৰ মাজত বিশ্বাস হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। কিন্তু যেতিয়া সেই বিশ্বাস ভংগ হয় আৰু কোনো ব্যক্তি বিবাহিত বা প্ৰতিশ্ৰুতিবদ্ধ সম্পৰ্কৰ বাহিৰত আন এক সম্পৰ্কত জড়িত হয়, তেতিয়া ইয়াৰ প্ৰভাৱ কেৱল দুজন মানুহৰ মাজতে সীমাবদ্ধ নাথাকে। বহু সময়ত ইয়াৰ সৈতে জড়িত হৈ পৰে এটা সম্পূৰ্ণ পৰিয়ালৰ ভৱিষ্যৎ। অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ ফলত মানসিক অশান্তি, দাম্পত্য জীৱনত ভাঙোন, পাৰিবাৰিক বিবাদ আৰু সামাজিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। কেতিয়াবা এনে সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰি অপৰাধ, হিংসা আনকি জীৱনহানিৰ দৰে ঘটনালৈও গতি কৰে।

এটা গোপন সম্পৰ্ক পোহৰলৈ অহাৰ পিছত কেৱল স্বামী বা পত্নীয়েই নহয়, সন্তান, পিতৃ-মাতৃ আৰু অন্যান্য পৰিয়ালৰ সদস্যসকলেও মানসিকভাৱে ভাঙি পৰিব পাৰে। কাৰণ সম্পৰ্ক কেতিয়াও গোপন হৈ নাথাকে, এদিন নহয় এদিন সেয়া পোহৰলৈ আহিবই। বিশেষকৈ সন্তান, বয়োজ্যেষ্ঠ পিতৃ-মাতৃসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ গভীৰ হ’ব পাৰে। পিতৃ-মাতৃৰ মাজত সংঘাত, বিচ্ছেদ বা ঘৰুৱা অশান্তিৰ পৰিৱেশত ডাঙৰ হোৱা শিশুৰ মনত ভয়, অনিশ্চয়তা আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ প্ৰভাৱ তেওঁলোকৰ শিক্ষা, ব্যক্তিত্ব আৰু ভৱিষ্যৎ সম্পৰ্কৰ ওপৰতো পৰিব পাৰে।

দাম্পত্য বা যিকোনো ঘনিষ্ঠ সম্পৰ্কত সমস্যা থাকিবই পাৰে। কিন্তু সমস্যাৰ সমাধান হিচাপে গোপন সম্পৰ্ক বাছি লোৱাৰ পৰিৱৰ্তে সংগীৰ সৈতে মুকলিকৈ কথা পতা, নিজৰ অসুবিধা প্ৰকাশ কৰা আৰু প্ৰয়োজন হ’লে পৰিয়ালৰ বিশ্বাসযোগ্য লোক বা পেছাদাৰী পৰামৰ্শদাতাৰ সহায় লোৱাটো অধিক স্বাস্থ্যকৰ পথ। সম্পৰ্কত ভুল হ’ব পাৰে, মতানৈক্য হ’ব পাৰে। কিন্তু বিশ্বাস, সন্মান আৰু দায়িত্ববোধেৰে সেই সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা কৰাটোৱেই এখন সুস্থ সমাজৰ লক্ষণ।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Marital Affair
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?
জীৱনশৈলী

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

September 5, 2026
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক
ভাৰত

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

September 5, 2026
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

September 5, 2026
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?
জীৱনশৈলী

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

September 4, 2026
Next Post
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.