ফুটবল খেলুৱৈসকলৰ বিপুল সম্পত্তিৰ কথা আমি প্ৰায়ে শুনিবলৈ পাওঁ। কিন্তু তেওঁলোকৰ প্ৰশিক্ষকসকলো যে সম্পত্তিৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰতে কম নহয়, সেয়া হয়তো বহুতে নাজানে। শিক্ষক দিৱস উপলক্ষে জানো আহক, বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক হিচাপে কাক গণ্য কৰা ৰুনীৰ সম্পত্তিৰ পৰিমাণ কিমান। বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক হিচাপে ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ফুটবলাৰ ৱেইন ৰুনীৰ নাম উল্লেখ কৰা হয়। অৱশ্যে বৰ্তমান তেওঁ প্ৰশিক্ষণৰ দায়িত্বত নাই যদিও বিভিন্ন অনুমান অনুসৰি, তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ২,১৭০ কোটি টকা।

ৱেইন ৰুনীয়ে কেৱল খেলুৱৈ হিচাপেই নহয়, প্ৰশিক্ষক হিচাপেও ফুটবল জগতত নিজৰ পৰিচয় গঢ়ি তুলিছে। তেওঁ বাৰ্মিংহাম চিটি, ডিচি ইউনাইটেড, ডাৰ্বি কাউন্টি আৰু প্লাইমাউথ আৰ্গাইলৰ দৰে দলৰ প্ৰশিক্ষক হিচাপে কাম কৰিছে। অৱশ্যে ২০২৪ চনৰ পিছত তেওঁ কোনো দলৰ প্ৰশিক্ষকৰ দায়িত্বত নাই।

ৱেইন ৰুনীৰ খেলুৱৈ জীৱন আছিল অত্যন্ত সফল। ইংলেণ্ডৰ এই প্ৰাক্তন তাৰকাগৰাকীয়ে মানচেষ্টাৰ ইউনাইটেডৰ হৈ ২৫৩ টা গ’ল কৰি ক্লাবটোৰ ইতিহাসত সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হৈছিল। ইয়াৰ উপৰি প্ৰিমিয়াৰ লীগত মানচেষ্টাৰ ইউনাইটেডৰ হৈ তেওঁ ১৮৩ টা গ’ল কৰিছিল। ক্লাবটোৰ হৈ তেওঁৰ এই অভিলেখসমূহ আজিও বিশেষভাৱে চৰ্চিত। মানচেষ্টাৰ ইউনাইটেডৰ হৈ ৰুনীয়ে মুঠ ১৬টা ট্ৰফী জয় কৰিছিল। ইয়াৰ ভিতৰত আছে পাঁচটা প্ৰিমিয়াৰ লীগ খিতাপ, ২০০৮ চনৰ চেম্পিয়নছ লীগ, এফ এ কাপ, লীগ কাপ আৰু ফিফা ক্লাব বিশ্বকাপ।
আন্তঃৰাষ্ট্ৰীয় ফুটবলতো ৱেইন ৰুনীয়ে নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। ইংলেণ্ডৰ জাৰ্চিত তেওঁ ১২০ খন মেচ খেলি ৫৩ টা গ’ল কৰিছিল। ২০১৫ চনৰ পৰা ২০২৩ চনলৈকে ৰুনীয়ে ইংলেণ্ডৰ সৰ্বকালৰ সৰ্বাধিক গ’লদাতা হিচাপে অভিলেখটো নিজৰ নামত ৰাখিছিল। সেয়েহে ৱেইন ৰুনীৰ পৰিচয় কেৱল এজন প্ৰাক্তন তাৰকা ফুটবলাৰতে সীমাবদ্ধ নহয়। খেলপথাৰত গঢ়া সফল কেৰিয়াৰ, পৰৱৰ্তী সময়ত প্ৰশিক্ষক হিচাপে কাম আৰু বিপুল সম্পত্তিৰ বাবে তেওঁ ফুটবল জগতৰ অন্যতম চৰ্চিত ব্যক্তিত্ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















