• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

2 months ago
পুৱা ৬ বজাত, ১১ বজাত নে আবেলি?

পুৱা ৬ বজাত, ১১ বজাত নে আবেলি?

29 minutes ago
দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

58 minutes ago
ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

1 hour ago
জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

জৰিমনাৰ বাবে নহয়, সুৰক্ষাৰ বাবে বাছনি কৰক সঠিক হেলমেট

2 hours ago
৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

৬টা ৰাশিৰ জীৱনত আহিব পাৰে বিভিন্ন সমস্যা!

3 hours ago
জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

3 hours ago
১২ বছৰীয়া নাবালিকাক নিৰ্যাতনৰ অভিযোগ

১২ বছৰীয়া নাবালিকাক নিৰ্যাতনৰ অভিযোগ

4 hours ago
এমাহৰ ভিতৰত দ্বিতীয়বাৰ অসমলৈ ‘দুৱাৰ্ছ ৰাণী’ৰ ৰোমাঞ্চকৰ যাত্ৰা

এমাহৰ ভিতৰত দ্বিতীয়বাৰ অসমলৈ ‘দুৱাৰ্ছ ৰাণী’ৰ ৰোমাঞ্চকৰ যাত্ৰা

4 hours ago
ৰাজ্যত মেট্ৰিকৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল

ৰাজ্যত মেট্ৰিকৰ প্ৰমাণ পত্ৰৰ নামত ভয়ংকৰ প্ৰৱঞ্চনাৰ জাল

5 hours ago
কঠিন সংগ্ৰামৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদী…: ছোনিয়া গান্ধী

কঠিন সংগ্ৰামৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদী…: ছোনিয়া গান্ধী

5 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ

6 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লত এইবোৰ বস্তু বহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা, হ’ব লাগিব ৰঙাঘৰৰ আলহী!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

কম দূৰত্বৰ যাত্ৰীক 'NO' কোৱা চালকৰ বিৰুদ্ধে কঠোৰ হ'ব পৰিবহণ বিষয়া

editor by editor
September 8, 2026
in প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক
0
SHARES
339
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুম্বাইত অটো আৰু টেক্সি চালকৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে আঞ্চলিক পৰিবহণ কাৰ্যালয়ে। বিশেষকৈ কম দূৰত্বৰ ভাড়া লবলৈ অস্বীকাৰ কৰা, যাত্ৰীক অযথা অপেক্ষা কৰোৱা বা যাত্ৰা নিবলৈ অস্বীকাৰ কৰা চালকৰ বিৰুদ্ধে এতিয়াৰে পৰা অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মুম্বাইত অটো বা টেক্সি বিচাৰি কম দূৰত্বলৈ যাবলগীয়া যাত্ৰীসকলে প্ৰায়ে সমস্যাৰ সন্মুখীন হয়। ভাড়া কম হোৱাৰ আশংকাত বহু চালকে এনে যাত্ৰীক নিবলৈ অস্বীকাৰ কৰে বুলি অভিযোগ আছে। এই সমস্যাৰ ফলত বিশেষকৈ বৃদ্ধ, মহিলা আৰু বিশেষভাৱে সক্ষম লোকসকল অধিক অসুবিধাত পৰে। যাত্ৰীৰ পৰা ক্ৰমাৎ বৃদ্ধি পোৱা অভিযোগৰ পিছতে পৰিবহণ বিভাগে এই বিষয়টোক গুৰুত্ব সহকাৰে লৈছে। এতিয়া যাত্ৰীক সেৱা আগবঢ়াবলৈ অস্বীকাৰ কৰা বা ইচ্ছাকৃতভাৱে হাৰাশাস্তি কৰা চালকৰ বিৰুদ্ধে অভিযান চলোৱা হ’ব।

এই অভিযান মুম্বাইৰ টাৰ্ডেও, ৱাডালা, আন্ধেৰী আৰু বৰিভালি RTO-ই নিজ নিজ অঞ্চলত চলাব। ইয়াৰ বাবে পৃথক দল গঠন কৰা হ’ব। RTOৰ এই দলসমূহে ৰে’ল ষ্টেচন, বাছ ডিপো আৰু অন্যান্য ব্যস্ত অঞ্চলত অটো আৰু টেক্সি চালকসকলৰ ওপৰত নজৰ ৰাখিব। যাত্ৰীক গন্তব্য স্থানলৈ নিবলৈ অস্বীকাৰ কৰা, অযথা দীঘলীয়া সময় অপেক্ষা কৰোৱা বা যাত্ৰীক কোনো ধৰণে হাৰাশাস্তি কৰাৰ অভিযোগ পালে বিষয়টো তদন্ত কৰা হ’ব।

এই ক্ষেত্ৰত টাৰ্ডেও RTO-ই ইতিমধ্যে যথেষ্ট কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। যোৱা পাঁচ মাহত ২০৭ জন টেক্সি চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সময়ছোৱাত প্ৰায় ৫.৩৩ লাখ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে। ইয়াৰ উপৰি ১৬৭জন চালকক জাননী জাৰি কৰা হৈছে। আনহাতে, বৰিভালি RTOই যোৱা দুমাহত ১৭৩খন বাহন পৰিদৰ্শন কৰিছে। ইয়াৰ ভিতৰত ২৫টা গোচৰত মুঠ ৬২,৫০০ টকা জৰিমনা বিহা হৈছে। এই ঘটনাসমূহৰ সৈতে জড়িত ২৫জন চালকৰ অনুজ্ঞাপত্ৰও স্থগিত কৰা হৈছে।

ৱাডালা RTO-ইও যাত্ৰীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে ৪৬ টা গোচৰত ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত যাত্ৰীক যাত্ৰা নিবলৈ অস্বীকাৰ কৰাৰ অভিযোগো আছে। পৰিবহণ বিভাগে বিশেষভাৱে জ্যেষ্ঠ নাগৰিক, মহিলা আৰু বিশেষভাৱে সক্ষম যাত্ৰীসকলক সেৱা আগবঢ়াবলৈ অস্বীকাৰ কৰাৰ অভিযোগক গুৰুত্ব দিছে। RTOৰ এই বিশেষ অভিযানৰ মূল উদ্দেশ্য হৈছে মুম্বাইৰ যাত্ৰীসকলক অটো আৰু টেক্সি সেৱা অধিক সহজলভ্য আৰু নিৰ্ভৰযোগ্য কৰি তোলা। কম দূৰত্বৰ যাত্ৰা হ’লেও যাত্ৰীক সেৱা আগবঢ়াবলৈ অস্বীকাৰ কৰা চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ফলত আগন্তুক দিনত এনে অভিযোগ হ্ৰাস পাব বুলি আশা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24taxi-auto service
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!
ৰাজনীতি

দেশৰ কৃষকক চৰম অপমান বিজেপিৰ সাংসদ জনাৰ্দন মিশ্ৰৰ!

November 10, 2026
ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী
ৰাজনীতি

ৰাজীৱ গান্ধীয়ে নিজেই খান্দিছিল সন্তানৰ কবৰঃ ছোনিয়া গান্ধী

November 10, 2026
জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে
ভাৰত

জন্মদিনৰ দিনাই এনে কি ঘটনা ঘটিল যে নিজকে শেষ কৰিলে ৩ সন্তানৰ মাতৃয়ে

November 10, 2026
কঠিন সংগ্ৰামৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদী…: ছোনিয়া গান্ধী
ৰাজনীতি

কঠিন সংগ্ৰামৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ নৰেন্দ্ৰ মোদী…: ছোনিয়া গান্ধী

November 10, 2026
Next Post
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.