বাংলাদেশৰ চট্টোগ্ৰামত সামৰিক অনুশীলনৰ সময়ত সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। হাথাহাজাৰী ফিল্ড ফায়াৰিং ৰেঞ্জত ফায়াৰিং ড্ৰিলৰ সময়ত চীনত নিৰ্মিত টাইপ ৫৯ টেংক বিস্ফোৰণত বাংলাদেশ সেনাৰ দুজন জোৱান থিতাতে নিহত হোৱাৰ লগতে এজন বিষয়া গুৰুতৰভাৱে আহত হয়।
অনুশীলনৰ সময়ত দুৰ্ঘটনা
বাংলাদেশ সেনাৰ আন্তঃসেৱা জনসংযোগ সঞ্চালকালয় (আই এছ পি আৰ) আৰু স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জোৱানসকলে টেংকৰ ভিতৰৰ পৰা গুলীচালনাৰ অনুশীলন কৰি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে টেংকৰ ভিতৰত থকা দুজন জোৱানৰ মৃত্যু হয়।
গুৰুতৰভাৱে আহত বিষয়াজনক বিমানযোগে চিকিৎসাৰ বাবে ঢাকাৰ কম্বাইণ্ড মিলিটাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ