দিল্লীৰ সত্য নিকেতন ভৱন ভাঙি পৰাৰ ঘটনাৰ পিছত দেশৰ বিভিন্ন স্থানৰ ভাড়াতীয়া এপাৰ্টমেণ্ট আৰু PGত থকা লোকসকলৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা কিছু ভিডিঅ’ই আন এটা গুৰুত্বপূৰ্ণ বিষয় পোহৰলৈ আনিছে। অভিযোগ অনুসৰি, অসুৰক্ষিত বুলি গণ্য কৰা কিছু PG খালী কৰি ছাত্ৰ-ছাত্ৰী বাহিৰলৈ ওলাই যাবলগীয়া হোৱাৰ পিছতো একাংশ PGৰ মালিকে তেওঁলোকৰ ছিকিউৰিটি ডিপ’জিট ঘূৰাই দিবলৈ অস্বীকাৰ কৰিছে।
PGত থকা বা শেহতীয়াকৈ PG এৰি অহা লোকসকলৰ বাবে নিজৰ অধিকাৰ জনাটো অতি গুৰুত্বপূৰ্ণ। PG সাধাৰণতে সুবিধাজনক আৰু তুলনামূলকভাৱে সুলভ হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু চাকৰিয়ালসকলে ইয়াক বেছিকৈ বাছি লয়। কিন্তু বহু সময়ত ভাড়া, ছিকিউৰিটি ডিপ’জিট আৰু PG এৰাৰ নিয়মসমূহ স্পষ্টভাৱে লিখিত নথিত নাথাকে। ফলত পিছত মালিক আৰু ভাড়াতীয়াৰ মাজত বিবাদৰ সৃষ্টি হয়। কেৱল পিজিত থকাসকলৰ ক্ষেত্ৰতেই নহয়, ভাড়াঘৰত থকা পৰিয়ালেয়েও বিভিন্ন সময়ত এই সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।
PG বা ঘৰ এৰিলে ছিকিউৰিটি ডিপ’জিটৰ কি হ’ব?
কেৱল PG খালী কৰি দিয়াৰ বাবেই মালিকে ভাড়াতীয়াৰ ছিকিউৰিটি ডিপ’জিট নিজৰ ওচৰত ৰাখিব নোৱাৰে। সাধাৰণতে ভাড়াতীয়াৰ পৰা ল’বলগীয়া বৈধ ধন থাকিলে সেই ধন ডিপ’জিটৰ পৰা কৰ্তন কৰিব পাৰি। উদাহৰণস্বৰূপে— বাকী থকা ভাড়া, বিদ্যুৎ বা পানীৰ বিল, চুক্তি অনুসৰি পৰিশোধ কৰিবলগীয়া আন ধন, ভাড়াতীয়াৰ দ্বাৰা হোৱা প্ৰকৃত ক্ষতিৰ খৰচ। এইবোৰ কৰ্তন কৰাৰ পিছত বাকী থকা ধন ভাড়াতীয়াক ঘূৰাই দিয়াটো উচিত। অৱশ্যে সাধাৰণ ব্যৱহাৰৰ ফলত হোৱা সৰু-সুৰা ক্ষতি বা স্বাভাৱিক পৰিধানৰ বাবে ডিপ’জিটৰ পৰা ধন কৰ্তন কৰাটো স্বাভাৱিকভাৱে ন্যায্য বুলি ধৰা নহয়। কোনো ক্ষতিৰ নামত ধন কৰ্তন কৰিলে তাৰ যুক্তিসংগত কাৰণ আৰু চুক্তিৰ ভিত্তি থকা উচিত।
যদি PG বা আন ভাড়াঘৰৰ মালিকে কোনো কাৰণ নোহোৱাকৈ সম্পূৰ্ণ ছিকিউৰিটি ডিপ’জিট ঘূৰাই দিবলৈ অস্বীকাৰ কৰে, তেন্তে ভাড়াতীয়াই প্ৰথমে লিখিতভাৱে ধন ঘূৰাই বিচাৰিব পাৰে। প্ৰয়োজন অনুসৰি আইনী জাননী বা আন উপযুক্ত আইনী ব্যৱস্থাৰ সহায় ল’ব পাৰি।
PG বা ঘৰ ভাড়াৰ চুক্তিত কি কথা থাকিব লাগে?
PG বা ঘৰ ভাড়া লোৱাৰ সময়ত মালিকৰ সৈতে লিখিত চুক্তি কৰা অতি গুৰুত্বপূৰ্ণ। কেৱল মুখেৰে হোৱা কথা-বতৰাৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল। চুক্তিখনত অন্ততঃ এই বিষয়সমূহ স্পষ্টকৈ উল্লেখ থকা উচিত— ছিকিউৰিটি ডিপ’জিটৰ পৰিমাণ, মাহিলী ভাড়াৰ পৰিমাণ, ভাড়া দিয়াৰ তাৰিখ, PG বা ঘৰ এৰাৰ সময়ত ডিপ’জিট ঘূৰাই দিয়াৰ নিয়ম, ডিপ’জিট ঘূৰাই দিয়াৰ সময়সীমা, PG বা ভাড়াঘৰত থকাৰ সময়সীমা, চুক্তি নবীকৰণৰ নিয়ম, ঘৰৰ নিয়ম-কানুন, অতিথি অহা-যোৱাৰ নিয়ম, PG বা ভাড়া ঘৰ খালী কৰাৰ আগতে কিমান দিনৰ জাননী দিব লাগিব, কোনবোৰ পৰিস্থিতিত ছিকিউৰিটি ডিপ’জিটৰ পৰা ধন কৰ্তন কৰিব পাৰিব ইত্যাদি। এনে লিখিত চুক্তি থাকিলে ভৱিষ্যতে কোনো বিবাদ সৃষ্টি হ’লে দুয়োপক্ষৰ বাবেই নিজৰ বক্তব্য আৰু অধিকাৰ প্ৰমাণ কৰাটো সহজ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















