অৱশেষত ফোল্ডেবল স্মাৰ্টফোনৰ বজাৰত প্ৰৱেশ কৰিছে Apple-এ। কোম্পানীটোৱে প্ৰথমবাৰৰ বাবে ফোল্ডেবল আইফোন ‘আইফোন ডুঅ’ মুকলি কৰিছে। এপলৰ এই নতুন ফোনক লৈ বিশ্বজুৰি চৰ্চা চলি থকাৰ মাজতে প্ৰতিদ্বন্দ্বী SAMSUNG-এ ছচিয়েল মিডিয়াত আৰম্ভ কৰিছে ঠাট্টা-মস্কৰা। ফোল্ডেবল ফোনৰ বজাৰত ছেমছাঙে এপলতকৈ বহু আগতেই প্ৰৱেশ কৰিছিল। ২০১৯ চনতে কোম্পানীটোৱে নিজৰ প্ৰথম ফোল্ডেবল স্মাৰ্টফোন ‘Galaxy Fold’ মুকলি কৰিছিল। তাৰ পিছত যোৱা কেইবছৰত ছেমছাঙৰ লগতে গুগল, মটৰ’লা আদি কোম্পানীয়েও বিভিন্ন ধৰণৰ ফোল্ডেবল ফোন বজাৰলৈ আনিছে। এতিয়া এপলে এই বজাৰত প্ৰৱেশ কৰাৰ পিছতে ছেমছাঙে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Xত কেইবাটাও পোষ্ট কৰি এপলক কটাক্ষ কৰে।
ছেমছাঙৰ Appleক উদ্দেশ্যি কৰা আটাইতকৈ চৰ্চিত পোষ্টটো আছিল—“আপোনালোকে আমাৰ পুৰণি ধাৰণাবোৰ পুনৰ ব্যৱহাৰ কৰা শেষ হ’লে আমাক জনাওক।” লগতে Appleক ছেমছাঙৰ নিজৰ মডেল কপী কৰা বুলিও মন্তব্য কৰে।

এই পোষ্টৰ জৰিয়তে ছেমছাঙে বুজাবলৈ চেষ্টা কৰে যে ফোল্ডেবল ফোনৰ ক্ষেত্ৰত এপল বহু পলমকৈ আহিছে। কোম্পানীটোৰ মতে, এণ্ড্ৰইড ফোন নিৰ্মাতাসকলে বহু বছৰ আগতেই এই প্ৰযুক্তিৰ ওপৰত কাম আৰম্ভ কৰিছিল।
আন এটা পোষ্টত ছেমছাঙে লিখে, “এই সকলোবোৰ চিনাকি যেন লাগিছে। এইটোৱেই নেকি পৰৱৰ্তী ছিকুৱেল?” ইয়াৰ উপৰি আন এটা পোষ্টত ছেমছাঙে নিজৰ থ্ৰী-ৱে ফোল্ডেবল ফোনৰ কথা উল্লেখ কৰি এপলক কটাক্ষ কৰে। অৰ্থাৎ এপলে এতিয়া মাত্ৰ ফোল্ডেবল ফোন বজাৰত প্ৰৱেশ কৰাৰ সময়তে আন কোম্পানীয়ে ইতিমধ্যে তিনিটা অংশত ভাঁজ কৰিব পৰা স্ক্ৰীণৰ দৰে নতুন ডিজাইনৰ দিশত আগবাঢ়িছে বুলি ছেমছাঙে দেখুৱাব বিচাৰিছে। ছেমছাঙে ফোল্ডেবল আইফোনৰ আনুষংগিক সামগ্ৰীক লৈও ধেমালি কৰে। আন এটা পোষ্টত কোম্পানীটোৱে লিখে—“ইমান একে।”

ফোল্ডেবল ফোনৰ বজাৰত ছেমছাঙৰ অভিজ্ঞতা এপলতকৈ বহু বেছি। ২০১৯ চনত কোম্পানীটোৱে প্ৰথম ‘Galaxy Fold’ মুকলি কৰাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে নতুন নতুন ফোল্ডেবল মডেল বজাৰলৈ আনিছে। প্ৰথমে মুকলি কৰা ফোল্ডেবল ফোনসমূহত কেইবাটাও সমস্যা দেখা গৈছিল। স্ক্ৰীণত স্পষ্ট ক্ৰীজ, হিঞ্জৰ স্থায়িত্ব, ফোনৰ অধিক ওজন আদি আছিল অন্যতম সমস্যা। কিন্তু সময়ৰ লগে লগে কোম্পানীসমূহে এই সমস্যাবোৰ কমোৱাৰ বাবে প্ৰযুক্তিগত উন্নতি কৰিছে।
ফোল্ডেবল আইফোনক লৈ আন এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে ইয়াৰ ডিছপ্লে। দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যম Korea Heraldৰ তথ্য অনুসৰি, এপলে আইফোন ডুঅ’ৰ ফোল্ডিং কম্পোনেণ্ট নিৰ্মাণৰ দায়িত্ব ছেমছাং ডিছপ্লেক দিছে। অৰ্থাৎ, এপলে নিজৰ প্ৰয়োজনীয়তা আৰু ডিজাইনৰ সৈতে মিলাই ডিছপ্লে প্ৰস্তুত কৰাইছে। তাৰ পিছত সেই ডিছপ্লেক কেন্দ্ৰ কৰি আইফোনৰ আন অংশসমূহৰ ডিজাইন কৰা হৈছে। কোৰিয়াৰ ডিছপ্লে উদ্যোগৰ এজন বিষয়াই দাবী কৰিছে যে ছেমছাং ডিছপ্লেৰ ফোল্ডেবল পেনেল অবিহনে আইফোন ডুঅ’ৰ দৰে ফোল্ডেবল ডিজাইন প্ৰস্তুত কৰাটো কঠিন হ’লহেঁতেন।
অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে এপলে ছেমছাঙৰ বজাৰত থকা কোনো ফোল্ডেবল ফোনৰ স্ক্ৰীণ পোনপটীয়াকৈ কিনি আইফোনত ব্যৱহাৰ কৰিছে। বৰং এপলৰ প্ৰয়োজনীয়তা আৰু ডিজাইন অনুসৰি ডিছপ্লে প্ৰস্তুত কৰাৰ পিছত সেই ডিছপ্লেৰ ওপৰত ভিত্তি কৰি ফোনটোৰ বাকী অংশ নিৰ্মাণ কৰা হৈছে। ফলত, ফোল্ডেবল ফোনৰ বজাৰত এপলৰ প্ৰৱেশে নতুন প্ৰতিযোগিতাৰ সৃষ্টি কৰাৰ লগতে ছেমছাং আৰু এপলৰ মাজৰ প্ৰযুক্তিগত প্ৰতিদ্বন্দ্বিতাকো অধিক আকৰ্ষণীয় কৰি তুলিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















