• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

58 seconds ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

1 hour ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

2 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

2 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

3 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

3 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

4 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

4 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

5 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

6 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

6 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

7 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

ভাষ্য সলনি কৰি এইবাৰ ৰামানুজৰ মুখত এইবাৰ নতুন সংলাপ

editor by editor
September 10, 2026
in অপৰাধ, অসম, লেখা
0
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটীৰ বেলতলা-বশিষ্ঠপুৰৰ ৰিয়া তালুকদাৰ হ*ত্যাকাণ্ডই প্ৰতিদিনে নতুন নতুন ভয়ংকৰ তথ্য পোহৰলৈ আনিছে। পত্নীক নৃশংসভাৱে হ*ত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰামানুজ গোস্বামীয়ে প্ৰথমে নিজৰ কু-কৃতিৰ বাবে কোনো অনুতাপ নথকাৰ কথা কৈছিল। আনকি জে’লৰ পৰা ওলাই আহিলে পত্নীৰ কথিত ‘ছুগাৰ ডেডী’কো হ*ত্যা কৰাৰ ভাবুকি দিছিল। কিন্তু এতিয়া সেই ৰামানুজৰ মুখতেই সলনি হৈছে সুৰ। বৃহস্পতিবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত সংবাদ মাধ্যমৰ আগত নিজৰ ভুল স্বীকাৰ কৰি অনুতাপ প্ৰকাশ কৰে তেওঁ।

‘মই যি কৰিছো, বহুত বেয়া কাম কৰিছো।’
‘মোক চাই যাতে কোনেও এনেকুৱা কাম নকৰে।’
‘গালি খাবলগীয়া কামেই কৰিছো মই।’
ৰামানুজৰ এই মন্তব্যই গোচৰটোৰ তদন্তৰ মাজতে নতুন চৰ্চাৰ সৃষ্টি কৰিছে। কিন্তু এই অনুতাপৰ আঁৰত থকা ঘটনাৰ প্ৰতিটো অধ্যায় এতিয়াও শিহৰণ জগোৱা।

আৰক্ষীৰ আগত কি তথ্য প্ৰকাশ ৰামানুজৰ?

আৰক্ষীৰ মতে, ৩ ছেপ্টেম্বৰৰ পুৱা বশিষ্ঠপুৰৰ ফ্লেটত স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হৈছিল। ৰামানুজে আৰক্ষীৰ আগত দাবী কৰা মতে, পত্নীৰ আন কাৰোবাৰ সৈতে সম্পৰ্ক থকা সন্দেহক লৈ তেওঁলোকৰ মাজত আগৰ পৰাই কাজিয়া চলি আছিল। অৱশ্যে ৰিয়াৰ বিৰুদ্ধে কৰা এই অভিযোগ আৰক্ষীৰ তদন্তত স্বাধীনভাৱে প্ৰমাণিত হোৱা নাই। কাজিয়াৰ পিছতেই ৰিয়াক হ*ত্যা কৰাৰ অভিযোগ উঠিছে ৰামানুজৰ বিৰুদ্ধে। আৰক্ষীয়ে জনোৱা মতে, মৃ*তদেহৰ মূৰটো শৰীৰৰ পৰা পৃথক কৰি পলিথিনৰ মোনাত মেৰিয়াই ফ্ৰীজৰ ভিতৰত ৰাখিছিল। ৰিয়াৰ হাতৰ কেইবাটাও আঙুলিও কাটি পেলোৱা হৈছিল। ঘটনাস্থলীৰ পৰা হ*ত্যাত ব্যৱহৃত এখন দা আৰু কেইবাটাও সুৰাৰ বটল উদ্ধাৰ কৰা হৈছিল।

মৃ*তদেহৰ কাষতেই কটাইছিল সময়!

এই হ*ত্যাকাণ্ডৰ আটাইতকৈ শিহৰণকাৰী তথ্যসমূহৰ ভিতৰত এটা হৈছে—হ*ত্যাৰ পাছতো ৰামানুজ কিছু সময় ফ্লেটৰ ভিতৰতে আছিল বুলি তদন্তত পোহৰলৈ আহিছে। মৃ*তদেহৰ কাষতে তেওঁ খাদ্য ৰান্ধি খোৱাৰ কথাও পোহৰলৈ আহিছে। আনকি মৃ*তদেহৰ কিছু অংশ কুকুৰক খুৱাবলৈ পৰিকল্পনা কৰা হৈছিল বুলিও তদন্তৰ সৈতে জড়িত তথ্যত প্ৰকাশ পাইছে। ৰিয়াৰ হাতৰ কটা আঙুলিৰ সন্ধান এতিয়াও লাভ কৰা হোৱা নাই। আৰক্ষীৰ অপৰাধস্থল পুনৰ নিৰ্মাণৰ সময়তো এই অংশসমূহৰ সন্ধান গুৰুত্ব সহকাৰে চলোৱা হৈছে। ইপিনে ৰিয়াৰ কটা আঙুলিকেইটা কুকুৰক খুওৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে আৰক্ষীৰ তদন্ততহে এই কথা নিশ্চিত হব।

ৰিয়াক হ*ত্যা কৰি কি কৰিছিল ৰামানুজে?

CCTV ভিজুৱেলৰ তথ্য অনুসৰি, হ*ত্যাকাণ্ডৰ পিছতে ৰামানুজে ফ্লেটৰ পৰা ওলাই যায়। ইয়াৰ পূৰ্বে তেওঁ অত্যধিক সুৰাপান কৰিছিল বুলি আৰক্ষীৰ তদন্তত সুৰাৰ বটল উদ্ধাৰৰ তথ্যই ইংগিত দিয়ে। ফ্লেটৰ পৰা ওলাই যোৱাৰ পিছত তেওঁ কিছু সময় পাৰ্কিঙত আছিল আৰু চিগাৰেট খাইছিল। তাৰ পিছত তেওঁ বাহন লৈ সেই স্থানৰ পৰা আঁতৰি যায়। এই সময়ছোৱাৰ CCTV ফুটেজ এতিয়া গুৰুত্বপূৰ্ণ প্ৰমাণ হৈ পৰিছে। হ*ত্যাৰ পিছত অভিযুক্তৰ গতিবিধি, তেওঁ কেতিয়া ফ্লেট এৰিছিল আৰু তাৰ পিছত ক’লৈ গৈছিল—এই সকলোবোৰ CCTV আৰু অন্যান্য প্ৰমাণৰ জৰিয়তে মিলাই চোৱা হৈছে।

ঘটনাটো প্ৰথমে পোহৰলৈ অহা নাছিল। কেইদিনমান পিছত ফ্লেটটোৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰাত চুবুৰীয়াৰ সন্দেহ হয়। পৰিয়ালৰ লোকেও দম্পতীটোৰ সৈতে যোগাযোগ কৰিব নোৱাৰি আৰক্ষীক খবৰ দিয়ে। ৬ ছেপ্টেম্বৰৰ নিশা আৰক্ষীয়ে ফ্লেটত উপস্থিত হৈ ভিতৰৰ ভয়ংকৰ দৃশ্য দেখা পায়। মজিয়াত উদ্ধাৰ হয় ৰিয়াৰ মৃ*তদেহ আৰু ফ্ৰীজৰ ভিতৰত পলিথিনেৰে মেৰিয়াই ৰখা অৱস্থাত উদ্ধাৰ হয় ছিন্নমু*ণ্ড।

ঘটনাৰ পিছত ৰামানুজে পলাই থকাৰ পৰিৱৰ্তে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণৰ সময়তো তেওঁৰ কাপোৰত তেজৰ দাগ আছিল বুলি স্থানীয় সংবাদ প্ৰতিবেদনত প্ৰকাশ পাইছে। পিছত জেৰাত তেওঁ হ*ত্যাৰ কথা স্বীকাৰ কৰে বুলি আৰক্ষীয়ে জনায়। ইয়াৰ পিছতেই আদালতে তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। তদন্তকাৰীসকলে এতিয়া হ*ত্যাৰ সম্পূৰ্ণ ক্ৰম, হ*ত্যাৰ আগৰ কাজিয়া, ব্যৱহৃত অ*স্ত্ৰ, মৃ*তদেহৰ সৈতে কৰা কাৰ্য আৰু হ*ত্যাৰ পিছত তেওঁৰ গতিবিধি—সকলো দিশ পৰীক্ষা কৰি আছে।

৯ ছেপ্টেম্বৰত আৰক্ষীয়ে ৰামানুজক পুনৰ বেলতলাৰ সেই ফ্লেটলৈ লৈ যায়। তাত crime scene recreation অৰ্থাৎ অপৰাধ সংঘটিত হোৱাৰ সমগ্ৰ ক্ৰম পুনৰ নিৰ্মাণ কৰা হয়। আৰক্ষীয়ে জানিব বিচাৰিছিল—ৰামানুজে ঠিক ক’ত, কেনেকৈ আৰু কোন ক্ৰমত ঘটনাটো সংঘটিত কৰিছিল। আৰক্ষীয়ে সেই সময়ত ফ্লেটত থকা ফ্ৰীজটোও জব্দ কৰিছে। লগতে হ*ত্যাত ব্যৱহৃত বুলি সন্দেহ কৰা অস্ত্ৰও আৰক্ষীয়ে জব্দ কৰিছে।

ৰামানুজৰ মুখত এইবাৰ নতুন সংলাপ

এই গোচৰৰ আটাইতকৈ নাটকীয় দিশটো হৈছে ৰামানুজৰ বক্তব্যৰ পৰিৱৰ্তন। কেইদিন পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত তেওঁ সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছিল—‘No regrets, no apology’। আনকি জে’লৰ পৰা ওলাই আহিলে পত্নীৰ কথিত ‘ছুগাৰ ডেডী’ক হ*ত্যা কৰাৰ ভাবুকিও দিছিল। কিন্তু এতিয়া ৬ দিনৰ ভিতৰতে সম্পূৰ্ণ বিপৰীত সুৰ। ‘মই বহুত বেয়া কাম কৰিছো।’ ‘মোক চাই বেলেগে এনেকুৱা কাম নকৰিব।’ ‘সকলোকে ৰিকুৱেষ্ট কৰিছো, একেকুৱা নকৰিব।’ এই বক্তব্যই এতিয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে—এইটো সঁচা অনুতাপ নে তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ মাজত ৰামানুজৰ নতুন কৌশল?

তাৰ উত্তৰ এতিয়াও আৰক্ষীৰ হাতত নাই। কিন্তু এটা কথা স্পষ্ট—বেলতলাৰ এই নৃ*শংস হ*ত্যাকাণ্ডৰ প্ৰতিটো নতুন তথ্যই ঘটনাটোক অধিক ভয়ংকৰ কৰি তুলিছে। ৰিয়াৰ আঙুলিকেইটা ক’ত গ’ল, হ*ত্যাৰ পিছত ৰামানুজে ঠিক কি কৰিছিল, CCTVত ধৰা পৰা প্ৰতিটো মুহূৰ্তৰ আঁৰত কি ৰহস্য লুকাই আছে—এই প্ৰশ্নসমূহৰ উত্তৰ এতিয়া তদন্তৰ পৰৱৰ্তী পৰ্যায়ত বিচৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু
ভাৰত

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

September 10, 2026
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ
জীৱনশৈলী

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

September 10, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.