UPI পেমেণ্ট কৰিব বিচাৰে, কিন্তু আপোনাৰ মোবাইলত নেটৱৰ্ক নাই বা ইণ্টাৰনেটৰ সমস্যা হৈছে। বহুতে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। শেষত এই সমস্যাটোও সমাধান হ’বলৈ গৈ আছে। শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে ইউ পি আই পে এণ্ড টেপ সেৱা আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে এনএফচি সমৰ্থিত স্মাৰ্টফোন ব্যৱহাৰ কৰি এনএফচি সক্ষম পিঅ’এছ মেচিনত পেমেণ্ট কৰিব পৰা যাব। ফোনটো আনলক কৰি পি অ’ এছ মেচিনৰ ওচৰত টেপ কৰি পেমেণ্ট কৰিব পাৰি।
যোৱা ১০ ছেপ্টেম্বৰত আৰ বি আইৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাই এই নতুন সেৱাৰ কথা ঘোষণা কৰিছিল।ডিজিটেল পেমেণ্ট সহজ কৰি তোলাৰ লগতে গ্ৰাহকৰ সুৰক্ষা আৰু সমৰ্থন বৃদ্ধি কৰাৰ উদ্দেশ্যে দুটা নতুন সেৱা আৰম্ভ কৰা হৈছে। এটা হৈছে ‘ইউপিআই পে এণ্ড টেপ’, আৰু আনটো হৈছে এআই চালিত ‘মাইইউপিআই’।
ইণ্টাৰনেট অবিহনে ইউপিআইয়ে সকলোতে কাম কৰিবনে?
এটা কথা মনত ৰাখিব লাগে। ‘ইউপিআই পে এণ্ড টেপ’ আৰম্ভ হোৱাৰ অৰ্থ এইটো নহয় যে এতিয়াৰ পৰা ইণ্টাৰনেট অবিহনে সকলোতে ইউপিআই পেমেণ্ট কৰিব পৰা যাব। এই ব্যৱস্থাত গ্ৰাহকক তেওঁলোকৰ স্মাৰ্টফোনত মোবাইল ইণ্টাৰনেটৰ প্ৰয়োজন নহ’ব। অৱশ্যে পেমেণ্ট কৰা পি অ’ এছ মেচিনৰ ইণ্টাৰনেট সংযোগ ব্যৱহাৰ কৰি লেনদেন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।
ইউ পি আই পে এণ্ড টেপে কেনেকৈ কাম কৰিব ?
এই সেৱাই কন্টাক্টলেছ ডেবিট বা ক্ৰেডিট কাৰ্ড পেমেণ্টৰ দৰেই কাম কৰিব, আৰু গ্ৰাহকৰ হাতত এনএফচি সমৰ্থিত স্মাৰ্টফোন থকাটো প্ৰয়োজনীয়।
প্ৰথমে আপোনাৰ ফোনটো আনলক কৰিব লাগিব। তাৰ পিছত, এটা NFC-সমৰ্থিত POS মেচিনৰ ওচৰত আপোনাৰ ফোনটো টেপ কৰক। পি অ’ এছ টাৰ্মিনেলৰ ইণ্টাৰনেট সংযোগ ব্যৱহাৰ কৰি পেমেণ্ট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব।
ইউপিআইৰ সৈতে সংযুক্ত বিভিন্ন ধৰণৰ একাউণ্টৰ বাবে এই সুবিধা উপলব্ধ হ’ব। আনকি এই সেৱা ইউপিআইৰ সৈতে সংযুক্ত ৰূপে ক্ৰেডিট কাৰ্ডৰ বাবেও ব্যৱহাৰ কৰিব পাৰি।
UPI PIN ৰ প্ৰয়োজন নাই নেকি?
সৰু সৰু লেনদেন সহজ কৰি তোলা হৈছে। ৫,০০০ টকা পৰ্যন্ত পেমেণ্টৰ বাবে UPI PIN ৰ প্ৰয়োজন নহ’ব। অৱশ্যে ৫ হাজাৰ টকাৰ ওপৰৰ লেনদেনৰ বাবে ইউ পি আই পিনৰ প্ৰয়োজন হ’ব।
MyUPI কি?
মাইইউপিআই হৈছে এনপিচিআইয়ে বেংক আৰু ইউপিআই এপসমূহৰ মাজেৰে গ্ৰাহকৰ ইউপিআই লেনদেন আৰু অটো পে মেণ্ডেট তথ্য একত্ৰিত কৰিবলৈ বিকশিত কৰা এটা এআই-চালিত প্লেটফৰ্ম।
MyUPI ত এটা সুৰক্ষা চুইচ আছে। যদি কোনো গ্ৰাহকে সন্দেহ কৰে যে তেওঁলোকৰ একাউণ্টৰ সুৰক্ষাত আপোচ কৰা হৈছে, তেন্তে তেওঁলোকে এই সেৱাৰ জৰিয়তে ইউপিআই ডেবিট লেনদেন বন্ধ কৰিবলৈ অনুৰোধ কৰিব পাৰে। MyUPI এ কাৰোবালৈ ধন পঠোৱাৰ আগতে গ্ৰাহকৰ বিষয়ে অতিৰিক্ত তথ্যও দেখুৱাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















