• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

1 hour ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

21 minutes ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

55 minutes ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

57 minutes ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

2 hours ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

3 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

4 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

5 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

10 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

10 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

19 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

'আৰক্ষীৰ ওপৰত সন্দেহ আছে'

editor by editor
September 15, 2026
in অপৰাধ, অসম, লেখা
0
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ
0
SHARES
232
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত পৰিয়ালৰ লোকক চমজাই দিয়া হ’ল ৰামানুজৰ মৃ*তদেহ। মৰ্গৰ পৰা ৰামানুজৰ মৃ*তদেহ পিতৃয়ে গ্ৰহণ কৰে। মৃ*তদেহ চমজি লোৱাৰ পিছত আজি গৌৰীপুৰৰ নিজ বাসগৃহতে সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে ৰামানুজৰ শেষকৃত্য সম্পন্ন কৰিব বুলি জানিব পৰা গৈছে। ৰামানুজৰ মৃ*তদেহ চমজি ল’বলৈ পৰিয়ালৰ লোক গুৱাহাটীলৈ অহাৰ সময়তে সমগ্ৰ ঘটনাক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰামানুজৰ পক্ষৰ অধিবক্তাই। অধিবক্তাগৰাকীৰ মতে, আৰক্ষীৰ জিম্মাত থকা এজন অভিযুক্তৰ যদি মৃ*ত্যু ঘটে, তেন্তে সেই ঘটনাৰ বাবে আৰক্ষীয়েই দায়িত্ব ল’ব লাগিব।

অধিবক্তাগৰাকীয়ে কয় যে ৰামানুজৰ মৃ*ত্যুৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু আৰক্ষীৰ জিম্মাত থকাৰ সময়ত এনে ঘটনা সংঘটিত হোৱাত আৰক্ষীৰ গাফিলতিৰ অভিযোগ উত্থাপন হোৱাটো স্বাভাৱিক। তেওঁ কয়, আৰক্ষীৰ জিম্মাত থকা অভিযুক্তৰ নিৰাপত্তাৰ সম্পূৰ্ণ দায়িত্ব আৰক্ষীৰ ওপৰত থাকে। তেওঁ লগতে আৰক্ষীৰ বাহন সম্পৰ্কীয় বিষয়টোও উত্থাপন কৰে। অধিবক্তাগৰাকীৰ অভিযোগ অনুসৰি, আৰক্ষীৰ বাহন বেয়া হোৱা বা আৰক্ষীৰ ব্যৱস্থাপনাত কোনো ধৰণৰ গাফিলতি হোৱাৰ ফলত ৰামানুজৰ দৰে ঘটনা সংঘটিত প্ৰায়েই দেখা যায়। অৱশ্যে ৰামানুজৰ মৃ*ত্যুৰ প্ৰকৃত কাৰণ কি, সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব বুলি তেওঁ কয়।

আনহাতে, ৰামানুজ আৰু ৰিয়াৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল বুলিও মন্তব্য কৰে অধিবক্তাগৰাকীয়ে। তেওঁৰ ভাষ্য অনুসৰি, দুয়োজনে পৰিয়ালৰ অসন্মতি সত্ত্বেও বিৱাহপাশত আবদ্ধ হৈছিল। এই সম্পৰ্কক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা বিভিন্ন বিষয়ৰ সৃষ্টি হৈছিল বুলিও তেওঁ দাবী কৰে। ইফালে ৰামানুজৰ মৃ*তদেহ চমজি ল’বলৈ গুৱাহাটীলৈ অহাৰ পূৰ্বে তেওঁৰ পিতৃয়েও সমগ্ৰ ঘটনাক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। পিতৃৰ দাবী অনুসৰি, ৰামানুজক ‘এনকাউণ্টাৰ’ কৰা হৈছিল আৰু পিছত সেই বিষয়টো অন্য ধৰণে উপস্থাপন কৰা হৈছে।

ৰামানুজৰ পিতৃয়ে দাবী কৰে যে প্ৰথমে হাতীগাঁও থানাৰ OC ব্ৰহ্মই তেওঁক ফোন কৰিছিল। সেই ফোনত ৰামানুজে GMCHৰ ওপৰৰ পৰা জাঁপ দিয়া বুলি কোৱা হৈছিল বুলি পিতৃয়ে উল্লেখ কৰে। কিন্তু সেই সময়ত আৰক্ষী বিষয়াগৰাকীয়ে ৰামানুজৰ মৃ*ত্যু হোৱা বুলি তেওঁক জনোৱা নাছিল বুলিও পিতৃয়ে দাবী কৰে। এই ফোনকলৰ সত্যতা পৰীক্ষা কৰিবলৈ আৰক্ষী বিষয়াগৰাকীৰ ফোনটো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ দাবী জনাইছে ৰামানুজৰ পিতৃয়ে। তেওঁ স্পষ্টকৈ কয় যে তেওঁ যদি মিছা কথা কৈছে, তেন্তে ফোনকলৰ তথ্য ফৰেনছিক পৰীক্ষাৰ জৰিয়তে পৰীক্ষা কৰা হওক।

পিতৃৰ আন এক গুৰুতৰ অভিযোগ হৈছে—ৰামানুজৰ মৃ*ত্যুৰ খবৰ তেওঁ আৰক্ষীৰ পৰা পোনপটীয়াকৈ লাভ কৰা নাছিল, বৰং টেলিভিছনৰ জৰিয়তেহে প্ৰথমে মৃ*ত্যুৰ খবৰ লাভ কৰিছিল। এই ঘটনাই তেওঁক অধিক সন্দেহৰ সৃষ্টি কৰিছে বুলি পিতৃয়ে কয়। ঘটনাটোৰ সম্পূৰ্ণ সত্য উদঘাটনৰ বাবে আৰক্ষীৰ তদন্তৰ পৰিৱৰ্তে ন্যায়িক তদন্তৰ দাবী জনাইছে ৰামানুজৰ পৰিয়ালে। পিতৃৰ মতে, তদন্ত প্ৰক্ৰিয়াটো নিৰপেক্ষ হ’ব লাগিব আৰু ঘটনাৰ সৈতে জড়িত একেটা আৰক্ষী থানাই যাতে তদন্তৰ নথি বা প্ৰমাণৰ ওপৰত কোনো ধৰণে প্ৰভাৱ পেলাব নোৱাৰে, তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

বিশেষকৈ হাতীগাঁও থানাৰ ভূমিকাক লৈ তেওঁৰ সন্দেহ আছে বুলি স্পষ্ট মন্তব্য কৰে ৰামানুজৰ পিতৃয়ে। তেওঁৰ দাবী, সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্ত হ’লে প্ৰকৃত সত্য পোহৰলৈ আহিব। ইফালে আজি গৌৰীপুৰত ৰামানুজৰ শেষকৃত্য সম্পন্ন কৰাৰ প্ৰস্তুতি চলিছে। পৰিয়ালৰ লোকৰ উপস্থিতিত সম্পূৰ্ণ হিন্দু ৰীতি-নীতি অনুসৰি নিজ বাসগৃহতে শেষকৃত্য সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে।

ৰামানুজৰ পিতৃৰ ভাষ্য এই লিংকত শুনক-

ৰামানুজৰ মৃ*ত্যুক কেন্দ্ৰ কৰি ইতিমধ্যে আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ, পিতৃৰ বিস্ফোৰক দাবী আৰু অধিবক্তাৰ মন্তব্যই ঘটনাটোক অধিক ৰহস্যঘন কৰি তুলিছে। এতিয়া তদন্তৰ জৰিয়তে ৰামানুজৰ মৃ*ত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ আঁৰৰ সত্য কেতিয়া পোহৰলৈ আহে, সেয়া লক্ষ্যণীয় হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ
বিনোদন

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

September 15, 2026
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা
অপৰাধ

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

September 15, 2026
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং
জীৱনশৈলী

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

September 15, 2026
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
Next Post
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.