• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

1 hour ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

9 minutes ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

28 minutes ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

2 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

2 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

2 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

3 hours ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

4 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

5 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

6 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

10 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব নেকি অভিনেতাগৰাকী?

editor by editor
September 15, 2026
in অপৰাধ, চিনেমা, বিনোদন, ভাৰত
0
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চেক বাউন্সৰ গোচৰত বলীউডৰ অভিনেতা ৰাজপাল যাদৱক তীব্ৰ ধমক দিলে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰি ৰাজপাল যাদৱক বাকী থকা ধনৰ ভিতৰত কমেও ২ কোটি টকা উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়নত জমা দিবলৈ নিৰ্দেশ দিয়ে। আদালতে স্পষ্ট কৰি দিয়ে যে এইটোৱেই ৰাজপাল যাদৱৰ বাবে শেষ সুযোগ। শুনানিৰ সময়ত আদালতে তেওঁৰ পূৰ্বৰ কাৰ্যকলাপক লৈ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তেওঁক বিশ্বাস কৰাটো কঠিন বুলি মন্তব্য কৰে।

মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কঠোৰ মন্তব্য কৰি কয় যে ৰাজপাল যাদৱ বলীউডত অভিনয় আৰু নাটকৰ বাবে পৰিচিত, কিন্তু আদালততো তেওঁ একেধৰণৰ আচৰণ কৰি আছে। আদালতে প্ৰশ্ন কৰে—পূৰ্বৰ আচৰণৰ পিছত তেওঁক কোনে বিশ্বাস কৰিব? শুনানিৰ সময়ত ৰাজপাল যাদৱৰ অধিবক্তাই আদালতক আশ্বাস দিয়ে যে তেওঁ দুসপ্তাহৰ ভিতৰত কমেও ২ কোটি টকা উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়নত জমা দিব। লগতে বাকী ধনৰ ক্ষেত্ৰত জামিনৰ ব্যৱস্থা কৰাৰ কথাও আদালতক অৱগত কৰা হয়। উল্লেখ্য যে চেক বাউন্সৰ গোচৰত ৰাজপাল যাদৱ অভিযোগকাৰী মুৰলী প্ৰডাকচনৰ ওচৰত প্ৰায় ৫ কোটি টকা ঋণী বুলি জানিব পৰা গৈছে।

আদালতে ৰাজপাল যাদৱক ধন জমা দিয়াৰ বাবে শেষ সুযোগ দিয়াৰ লগতে গ্ৰেপ্তাৰৰ পৰাও সাময়িক সকাহ প্ৰদান কৰিছে। অহা ৫ অক্টোবৰত পৰৱৰ্তী শুনানি অনুষ্ঠিত নোহোৱালৈকে তেওঁৰ গ্ৰেপ্তাৰৰ ওপৰত স্থগিতাদেশ অব্যাহত থাকিব। ইয়াৰ উপৰি আদালতে অভিনেতাগৰাকীক তেওঁৰ পাছপ’ৰ্ট জমা দিবলৈও নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে চেক বাউন্সৰ সাতটা গোচৰত ৰাজপাল যাদৱক তিনি মাহৰ কাৰাদণ্ডৰ শাস্তি দিয়া হৈছিল। দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক ১০ ছেপ্টেম্বৰৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল।

ইয়াৰ পিছতে অভিনেতাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। ৮ ছেপ্টেম্বৰৰ শুনানিত উচ্চতম ন্যায়ালয়ে কৈছিল যে ৰাজপাল যাদৱ আৰু আন আবেদনকাৰীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত ৫ কোটি টকা আদালতৰ পঞ্জীয়নত জমা কৰিলে আত্মসমৰ্পণৰ পৰা ৰেহাই পাব পাৰে। কিন্তু নিৰ্ধাৰিত ধন জমা কৰাত ব্যৰ্থ হোৱাৰ পিছতো আদালতে তেওঁক তাৎক্ষণিক গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা প্ৰদান কৰে। এতিয়া ৫ অক্টোবৰৰ পৰৱৰ্তী শুনানিলৈকে এই সুৰক্ষা বাহাল থাকিব। আদালতৰ কঠোৰ মন্তব্য আৰু ২ কোটি টকা জমা দিয়াৰ নিৰ্দেশে গোচৰটোত নতুন গুৰুত্ব লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা
অপৰাধ

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

September 15, 2026
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ
অসম

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

September 15, 2026
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড
বাণিজ্য

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

September 15, 2026
Next Post
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.