অসমবাসীৰ বাবে ১৯ ছেপ্টেম্বৰ এক বেদনাবিধুৰ দিন। আজিৰ দিনটোতে এবছৰ পূৰ্বে অসমৰ সাংস্কৃতিক জগতত এক অপূৰণীয় শূন্যতা সৃষ্টি কৰি বিদায় লৈছিল অসমৰ প্ৰিয় শিল্পী জুবিন গাৰ্গে। প্ৰিয় শিল্পীগৰাকীৰ প্ৰথম মৃ*ত্যু বাৰ্ষিকীত পুনৰ এবাৰ জুবিনৰ প্ৰতি অসমবাসীৰ গভীৰ মৰম আৰু শ্ৰদ্ধাৰ প্ৰতিফলন দেখা গ’ল ডিব্ৰুগড়ত। জুবিন গাৰ্গক সোঁৱৰণ কৰি আজি ডিব্ৰুগড় চহৰত স্বতঃস্ফূৰ্তভাৱে বন্ধ পালন কৰা হৈছে। পুৱাৰে পৰা চহৰখনৰ বহু দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ ৰখা হয়। জুবিনৰ স্মৃতিত চহৰখনৰ বিভিন্ন প্ৰান্তত এক নীৰৱ পৰিৱেশ দেখা যায়। অৱশ্যে সাধাৰণ লোকৰ জৰুৰী প্ৰয়োজনৰ কথা মনত ৰাখি অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধৰ দোকানসমূহ খোলা ৰখা হৈছে।
উল্লেখ্য যে, ২০২৫ চনত জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছতো ডিব্ৰুগড়বাসীয়ে গভীৰ আবেগেৰে কেইবাদিনো স্বতঃস্ফূৰ্তভাৱে বন্ধ পালন কৰিছিল। এবছৰ পাৰ হৈ যোৱাৰ পাছতো জুবিনৰ প্ৰতি থকা একেই মৰম আৰু শ্ৰদ্ধা অটুট থকা আজি ডিব্ৰুগড়ৰ পৰিৱেশে যেন পুনৰ প্ৰমাণ কৰিলে। আজি ডিব্ৰুগড়ৰ নীৰৱ চহৰখনৰ বন্ধ দোকান-পোহাৰসমূহ যেন জুবিনৰ প্ৰতি জনোৱা একো একোটা নীৰৱ শ্ৰদ্ধাঞ্জলি। শিল্পীগৰাকী শাৰীৰিকভাৱে আমাৰ মাজত নাই যদিও তেওঁৰ সুৰ, গান আৰু সৃষ্টি আজিও প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত জীয়াই আছে।

জুবিন দাৰ প্ৰকৃত অনুৰাগীৰ সীমা সংখ্যা নাই। অনুৰাগীৰ এই ভিৰৰ মাজতো উজ্বলিছে নলবাৰীৰ ই-ৰিক্সাচালক মণ্টু কলিতা। মণ্টু কলিতাই জুবিন দিৱস উপলক্ষে আজিৰ নিজৰ উপাৰ্জনৰ সম্বল ই-ৰিক্সাখনেৰে যাত্ৰীক বিনামূলীয়া সেৱা আগবঢ়াইছে। সন্ধিয়া ৬ বজালৈ মণ্টু কলিতাই স্থানীয় যাত্ৰীসকলৰ বাবে এই সেৱা আগবঢ়াব বুলি তেওঁ ইতিমধ্যে সদৰী কৰিছিল। ইয়াৰ উপৰিও শিৱসাগৰতো বহুকেইখন ই-ৰিক্সাই আজি বিনামূলীয়া সেৱা আগবঢ়াইছে বুলি জানিব পৰা গৈছে।
কোনে ফালিলে জুবিন দাৰ পোষ্টাৰ?
ইপিনে, জুবিন দিৱসৰ দিনাই শিৱসাগৰত সংঘটিত হ’ল এক দুৰ্ভাগ্যজনক ঘটনা। শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিৰ সমীপত জুবিন গাৰ্গৰ ফটো সম্বলিত এখন বেনাৰ দুস্কৃতিকাৰীয়ে ফালি পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে।
জানিব পৰা মতে, AISS আৰু AIYF-ৰ উদ্যোগত আয়োজন কৰা হৈছিল ‘সমন্বয় দিৱস’। এই অনুষ্ঠান উপলক্ষে ষ্টেচন চাৰিআলিৰ সমীপৰ CPI কাৰ্যালয়ৰ সন্মুখত এখন বেনাৰ লগোৱা হৈছিল। বেনাৰখনত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ফটো সংলগ্ন আছিল।
কিন্তু কোনো দুস্কৃতিকাৰীয়ে বেনাৰখন ফালি পেলোৱাৰ অভিযোগ উঠিছে। ঘটনাটোক লৈ আয়োজনকাৰী সংগঠন দুটাৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে। ঘটনাটোৰ পিছতে সমগ্ৰ বিষয়টো সন্দৰ্ভত AISS আৰু AIYFৰ প্ৰতিনিধিয়ে আৰক্ষীৰ কাষ চাপিছে। বেনাৰ ফালি পেলোৱা ঘটনাৰ সৈতে জড়িত লোকক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংগঠন দুটাই।
জুবিন দিৱসৰ দৰে এটা বিশেষ দিনত শিল্পীগৰাকীৰ ফটো সম্বলিত বেনাৰ ফালি পেলোৱাৰ ঘটনাই শিৱসাগৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















