বজাৰৰ পৰা কিনি অনা পানীলাউ তিতা হোৱাত ক্ষুব্ধ হৈ থানাত উপস্থিত হ’ল এজন গ্ৰাহক। কেৱল সেয়াই নহয়, আধা কটা পানীলাউৰ টুকুৰা হাতত লৈ বিক্ৰেতাৰ বিৰুদ্ধে এজাহাৰ দিবলৈ থানাত উপস্থিত হোৱা ঘটনাই এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক চৰ্চা। এই আজৱ ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ ঘিলাগুৰি অঞ্চলত। জানিব পৰা মতে, ঘটনাৰ সৈতে জড়িত লোকজনৰ নাম শ্ৰীমন্ত বিশ্বাস।
ঘটনাৰ বিৱৰণী অনুসৰি, শ্ৰীমন্ত বিশ্বাসে কালি স্থানীয় বজাৰৰ পৰা ৪০ টকা দি এটা পানীলাউ ক্ৰয় কৰিছিল। সন্ধিয়া ঘৰলৈ গৈ পানীলাউটো মাছৰ সৈতে ৰান্ধি সুস্বাদু আহাৰ গ্ৰহণ কৰাৰ পৰিকল্পনা আছিল তেওঁৰ। কিন্তু ৰন্ধাৰ সময়তে সকলো আশা যেন ভংগ হয়। পানীলাউটো ৰান্ধিবলৈ লোৱাৰ পিছত শ্ৰীমন্ত বিশ্বাসে লক্ষ্য কৰে যে পানীলাউটো অত্যন্ত তিতা। ইমানেই তিতা আছিল যে খাবলৈকে অসুবিধা হৈছিল বুলি অভিযোগ কৰে তেওঁ। ফলত বহু আশাৰে কিনি অনা পানীলাউৰে এসাজ তৃপ্তিৰে খোৱাৰ পৰিকল্পনা আধাতে সামৰিবলগীয়া হয়।

ইয়াৰ পিছতে খঙত শ্ৰীমন্ত বিশ্বাসে পানীলাউটোৰ আধা কটা টুকুৰা হাতত লৈ আজি পুৱাই উত্তৰ শালমাৰা আৰক্ষী চকীত উপস্থিত হয়। থানাত উপস্থিত হৈ তেওঁৰ অভিযোগ আছিল—বজাৰৰ পৰা ৪০ টকা দি ক্ৰয় কৰা পানীলাউটো ইমানেই তিতা যে সেয়া খাবই নোৱাৰি। সেয়ে তিতা পানীলাউ বিক্ৰী কৰাৰ অভিযোগত বিক্ৰেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বিচাৰে তেওঁ।

গ্ৰাহকজনৰ এনে অভিযোগত অৱশ্যে আৰক্ষীও কিছুসময়ৰ বাবে বিপাঙত পৰে। কাৰণ, পানীলাউ তিতা হোৱাৰ বাবে বিক্ৰেতাৰ বিৰুদ্ধে কোনটো আইনী ধাৰাত গোচৰ ৰুজু কৰিব, সেই লৈ সৃষ্টি হয় এক অস্বাভাৱিক পৰিস্থিতি। পিছত আৰক্ষীয়ে শ্ৰীমন্ত বিশ্বাসক বহু সময় বুজোৱাৰ পিছত অৱশেষত তেওঁ বিক্ৰেতাৰ বিৰুদ্ধে এজাহাৰ নিদিয়াৰ সিদ্ধান্ত লয় আৰু থানাৰ পৰা উভতি যায়।
অৱশ্যে, ৪০ টকীয়া পানীলাউটোৱে শ্ৰীমন্ত বিশ্বাসক হতাশ কৰিলেও ঘটনাটোৱে এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে এক ৰসাল পৰিস্থিতিৰ। বজাৰৰ পৰা কিনা এটা পানীলাউ তিতা হোৱাক কেন্দ্ৰ কৰি গ্ৰাহকজনে থানালৈ গৈ এজাহাৰ দিব বিচৰা ঘটনাই স্থানীয় লোকসকলৰ মাজত কৌতূহল আৰু হাস্যৰসৰ সৃষ্টি কৰিছে।
সাধাৰণতে বজাৰৰ পৰা কিনা শাক-পাচলি বেয়া বা তিতা হ’লে গ্ৰাহকে বিক্ৰেতাৰ ওচৰত অভিযোগ কৰা দেখা যায়। কিন্তু তিতা পানীলাউ লৈ পোনে পোনে থানাত উপস্থিত হোৱা এই ঘটনাই বিষয়টোক একেবাৰে অন্য মাত্ৰা দিছে। পানীলাউটো অৱশ্যে তিতাই হৈ থাকিল, কিন্তু ঘটনাটোৱে এতিয়া স্থানীয় ৰাইজৰ মাজত ‘ৰসাল’ চৰ্চাৰ সৃষ্টি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















