নিমিষা ঠাকুৰীয়াৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ঘটনাক্ৰমত নতুন মোৰ পোহৰলৈ আহিছে। ঘটনাক লৈ আছিক আলীৰ পৰিয়ালে কেইবাটাও গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰাৰ লগতে সমগ্ৰ ঘটনাৰ উচিত আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। পৰিয়ালৰ ভাষ্য অনুসৰি, আছিক আলীৰ ঘৰত ঈদ উপলক্ষে গৈছিল নিমিষা ঠাকুৰীয়াই। সেই সময়তে আছিকৰ মাতৃয়ে দুয়োৰে মাজৰ সম্পৰ্কক লৈ আপত্তি প্ৰকাশ কৰিছিল বুলি জানিবলৈ দিছে। তেওঁলোকৰ ধৰ্ম বেলেগ হোৱা বাবে এই সম্পৰ্ক আগবঢ়াই নিয়াটো ঠিক নহব বুলি নিমিষাক অৱগত কৰা হৈছিল বুলি পৰিয়ালটোৱে কয়।
আছিক আলীৰ পৰিয়ালটো এটা সাধাৰণ আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়াল। পৰিয়ালটোত আছে আছিকৰ অসুস্থ পিতৃ-মাতৃ আৰু দুজন কণিষ্ঠ ভাতৃ। আছিকৰ পিতৃ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়ে। আনহাতে, পৰিয়ালৰ মতে, আছিক পঢ়া-শুনাত ভাল আছিল যদিও আৰ্থিক সমস্যাৰ বাবে স্নাতক শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল। পৰিয়াল চলাবলৈ তেওঁ ৰঙৰ কাম কৰাৰ লগতে ৰেপিডোও চলাইছিল।
আছিকৰ পিতৃয়ে ঘটনাটোক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। বিশেষকৈ ঘটনাৰ নিশা ২ বজাত নিমিষাই মাতৃক ফোনত উল্লেখ কৰা ‘সিহঁত’ক লৈ প্ৰশ্ন উত্থাপন কৰিছে আচিকৰ পিতৃ-মাতৃয়ে। তেওঁ জানিব বিচাৰিছে, নিমিষাই ফোনত উল্লেখ কৰা সেই ‘সিহঁত’ আচলতে কোন আছিল? ইয়াৰ উপৰি, আছিকৰ পিতৃয়ে কয় যে যদি তেওঁৰ পুত্ৰই কোনো অপৰাধ সংঘটিত কৰিছিল, তেন্তে তেওঁ নিমিষাক চিকিৎসালয়লৈ কিয় লৈ গ’লহেঁতেন—এই বিষয়টোও তদন্তৰ আওতালৈ অহা উচিত। আছিকৰ পিতৃয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ পুত্ৰক দোষমুক্ত বুলি দাবী কৰা নাই। তেওঁৰ মতে, ঘটনাটোৰ সঠিক তদন্ত হ’ব লাগে আৰু তদন্তৰ অন্তত যদি আছিক দোষী প্ৰমাণিত হয়, তেন্তে তেওঁ আইনী ব্যৱস্থাৰে উপযুক্ত শাস্তি লাভ কৰিব লাগে।

আনহাতে, আছিকৰ মাতৃয়েও নিমিষাৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছে। তেওঁৰ ভাষ্য, “ছোৱালীজনীৰ মৃত্যু হোৱাত মনত দুখ পাইছোঁ। মোৰ ল’ৰা যদি দোষী হয়, সি শাস্তি পাওক, তাত মোৰ কোনো আপত্তি নাই।” আছিকৰ মাতৃৰ মতে, ঘটনাৰ দিনা নিশা প্ৰায় ৮ বজাত আছিক ঘৰৰ পৰা ওলাই গৈছিল। তেওঁ লগতে কয় যে ঈদৰ দিনা নিমিষা আছিকৰ ঘৰলৈ আহিছিল। সেই সময়তে আছিকৰ পিতৃয়ে দুয়োৰে সম্পৰ্কক লৈ আপত্তি প্ৰকাশ কৰিছিল।

পৰিয়ালটোৰ বক্তব্য অনুসৰি, আছিকৰ পিতৃয়ে সেই সময়ত তেওঁলোকৰ আৰ্থিক অৱস্থা আৰু ধৰ্মীয় পাৰ্থক্যৰ কথাও উল্লেখ কৰিছিল। “আমি হাজিৰা কৰি খোৱা মানুহ, গৰীৱ মানুহ। আমি মুছলমান, তেওঁলোক হিন্দু। গতিকে এই সম্পৰ্কটো বাদ দিয়াই ভাল”—এইদৰে তেওঁ নিমিষা আৰু আছিকৰ সম্পৰ্কৰ পৰা আঁতৰি থাকিবলৈ কৈছিল বুলি আছিকৰ মাতৃয়ে জানিবলৈ দিয়ে।
সমগ্ৰ ঘটনাক লৈ এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। অৱশ্যে ঘটনাটোৰ প্ৰকৃত সত্য কি, নিমিষাৰ মৃত্যুৰ আঁৰত সঠিকভাৱে কি ঘটিছিল আৰু আচিকৰ ভূমিকা কি আছিল—সেই সকলো তদন্তৰ জৰিয়তেহে স্পষ্ট হ’ব। সেয়ে পৰিয়ালৰ লোকসকলেও তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে সত্য পোহৰলৈ অহাৰ আশা প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















