জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই আয়বৰ্হিভূত সম্পত্তিৰ গোচৰত জামিন লাভ কৰিছে। ক্ষন্তেক পূৰ্বে বিশেষ ন্যায়াধীশৰ আদালতে দুয়োগৰাকী দেহৰক্ষীক জামিন প্ৰদান কৰে। প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ কিছু ভুল-ত্ৰুটিৰ বাবেই আয়বৰ্হিভূত সম্পত্তিৰ গোচৰটোত দুয়োজনে জামিন লাভ কৰিবলৈ সক্ষম হয়। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছিল।

অৱশ্যে এই জামিনে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সুযোগ দিয়া নাই। ইয়াৰ মূল কাৰণ হৈছে, দুয়োজনেই এতিয়াও জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ সৈতে জড়িত গোচৰত কাৰাৰুদ্ধ হৈ আছে। অৰ্থাৎ, আয়বৰ্হিভূত সম্পত্তিৰ গোচৰত আদালতে জামিন দিলেও মূল গোচৰটোত কাৰাবন্দী হৈয়ে থাকিব লাগিব যাৰ বাবে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই এতিয়াই মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন দিশত তদন্ত চলি আছে। সেই পৰিপ্ৰেক্ষিতত দুই দেহৰক্ষীৰ বিৰুদ্ধে থকা আয়বৰ্হিভূত সম্পত্তিৰ গোচৰত জামিন লাভ কৰাটো এক গুৰুত্বপূৰ্ণ আইনগত পৰিঘটনা যদিও, জুবিন গাৰ্গৰ হত্যাৰ গোচৰ চলি থকাৰ বাবে তেওঁলোকৰ কাৰাবাস অব্যাহত থাকিব।
সেয়ে, বৰ্তমানৰ পৰিস্থিতিত পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বাবে এই জামিনে দুয়োৰে বাবে কেৱল এটা গোচৰত সাময়িক সকাহহে আনিছে; কাৰাগাৰৰ পৰা সম্পূৰ্ণ মুক্তি লাভৰ পথ এতিয়াও মুকলি হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















