সাংস্কৃতিক নগৰী যোৰহাটত এটা বিশেষ ‘মেচমেকিং’ ইভেণ্টক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক। যোৰহাটৰ অজন্তা বাইপাছৰ সমীপত থকা হোটেল চাইনিং চানত অহা ৩ অক্টোবৰত আয়োজন কৰা হৈছে বুলি প্ৰকাশ পোৱা এই ইভেণ্টক লৈ আপত্তি উত্থাপন কৰিছে একাংশ দল-সংগঠনে।
প্ৰকাশিত তথ্য অনুসৰি, ‘মেচমেকিং’ অৰ্থাৎ নিজৰ পছন্দ অনুসৰি সংগী বিচাৰি লোৱাৰ উদ্দেশ্যেৰে এই অনুষ্ঠান আয়োজনৰ প্ৰস্তুতি চলিছে। অনুষ্ঠানটোৰ বাবে ৩৯৯ টকা আৰু ১,১৯৯ টকাৰ দুটা শ্ৰেণীৰ টিকট ৰখা হৈছে বুলি জানিব পৰা গৈছে। প্ৰকাশিত তথ্য অনুসৰি, অনুষ্ঠানটোত প্ৰায় ৪০গৰাকী যুৱতী আৰু ৬০গৰাকী যুৱকৰ বাবে টিকটৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে নিশাজোৰা পাৰ্টি, DJৰ সংগীত আৰু নৃত্যৰ আয়োজন থকাৰ কথাও প্ৰকাশ পাইছে। যুৱতীসকলৰ বাবে বিনামূলীয়া সুৰাৰ ব্যৱস্থা থকাৰ দাবীয়ে বিষয়টোক অধিক চৰ্চালৈ আনিছে।
ইফালে, অনুষ্ঠানটোৰ প্ৰচাৰৰ বাবে একাংশ কণ্টেণ্ট ক্ৰিয়েটৰৰ জৰিয়তে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ প্ৰচাৰ চলোৱা হৈছে বুলি অভিযোগ উঠিছে। একাংশ দল-সংগঠনে এই প্ৰচাৰক ‘সস্তীয়া আৰু যৌ*নগন্ধী বিজ্ঞাপন’ বুলি অভিহিত কৰি তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। ইভেণ্টটোক লৈ ইতিমধ্যে সৰৱ হৈ পৰিছে যোৰহাটৰ বিভিন্ন দল-সংগঠন। বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অসম সেনাই অনুষ্ঠানটো বাতিল কৰাৰ দাবী উত্থাপন কৰিছে। সংগঠনকেইটাই অভিযোগ কৰিছে যে, ‘মেচমেকিং’ বা পছন্দ অনুসৰি সংগী বিচৰাৰ নামত যোৰহাটৰ দৰে সাংস্কৃতিক পৰিৱেশত এনে অনুষ্ঠানৰ আয়োজন গ্ৰহণযোগ্য নহয়। অনুষ্ঠানটো বাতিল নকৰিলে পৰিস্থিতি উত্তপ্ত হ’ব পাৰে বুলিও হুংকাৰ দিয়া হৈছে।
আনহাতে, অনুষ্ঠানটোৰ আয়োজনৰ বাবে স্থানীয় প্ৰশাসনৰ পৰা কেনেধৰণৰ অনুমতি লোৱা হৈছে, সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰিছে প্ৰতিবাদকাৰী দল-সংগঠনসমূহে। তেওঁলোকৰ প্ৰশ্ন—যদি অনুষ্ঠানটোত নিশাজোৰা পাৰ্টি, DJ, মদ্যপান আৰু মেচমেকিং কাৰ্যসূচী থাকে, তেন্তে ইয়াৰ বাবে প্ৰশাসনে কি ভিত্তিত অনুমতি প্ৰদান কৰিলে? অৱশ্যে, অনুষ্ঠানটোৰ আয়োজক বা সংশ্লিষ্ট প্ৰশাসনৰ তৰফৰ পৰা এই অভিযোগসমূহ সন্দৰ্ভত কোনো স্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে নে নাই, সেয়া বৰ্তমানলৈকে স্পষ্ট নহয়।
ইতিমধ্যে সামাজিক মাধ্যমতো বিষয়টোক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। দল-সংগঠনসমূহে স্পষ্ট কৰি দিছে যে, অনুষ্ঠানটো বাতিল নকৰিলে যোৰহাটত প্ৰতিবাদ তীব্ৰতৰ কৰাৰ লগতে পৰিস্থিতি উত্তপ্ত হ’ব পাৰে। ৩ অক্টোবৰত অনুষ্ঠানটো অনুষ্ঠিত হ’ব নে নহয়, সেয়া এতিয়া প্ৰশাসনৰ পৰৱৰ্তী সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিছে। সাংস্কৃতিক পৰিৱেশৰ বাবে পৰিচিত যোৰহাটত এই বিতৰ্কিত ইভেণ্টক লৈ শেষ মুহূৰ্তত কি পদক্ষেপ গ্ৰহণ কৰা হয়, সেয়া লক্ষ্যণীয় হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















