জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই আয়বৰ্হিভূত সম্পত্তিৰ গোচৰত জামিন লাভ কৰিছে। ক্ষন্তেক পূৰ্বে বিশেষ ন্যায়াধীশৰ আদালতে দুয়োগৰাকী দেহৰক্ষীক জামিন প্ৰদান কৰে। প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ কিছু ভুল-ত্ৰুটিৰ বাবেই আয়বৰ্হিভূত সম্পত্তিৰ গোচৰটোত দুয়োজনে জামিন লাভ কৰিবলৈ সক্ষম হয়। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছিল।

অৱশ্যে এই জামিনে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সুযোগ দিয়া নাই। ইয়াৰ মূল কাৰণ হৈছে, দুয়োজনেই এতিয়াও জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ সৈতে জড়িত গোচৰত কাৰাৰুদ্ধ হৈ আছে। অৰ্থাৎ, আয়বৰ্হিভূত সম্পত্তিৰ গোচৰত আদালতে জামিন দিলেও মূল গোচৰটোত কাৰাবন্দী হৈয়ে থাকিব লাগিব যাৰ বাবে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই এতিয়াই মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক কেন্দ্ৰ কৰি ইতিমধ্যে বিভিন্ন দিশত তদন্ত চলি আছে। সেই পৰিপ্ৰেক্ষিতত দুই দেহৰক্ষীৰ বিৰুদ্ধে থকা আয়বৰ্হিভূত সম্পত্তিৰ গোচৰত জামিন লাভ কৰাটো এক গুৰুত্বপূৰ্ণ আইনগত পৰিঘটনা যদিও, জুবিন গাৰ্গৰ হত্যাৰ গোচৰ চলি থকাৰ বাবে তেওঁলোকৰ কাৰাবাস অব্যাহত থাকিব।
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে দুই অভিযুক্তই?
ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ হ*ত্যাৰ গোচৰৰ দৰে অসমীয়াৰ আবেগ জড়িত এটা গোচৰৰ ক্ষেত্ৰত আৰক্ষীয়ে যিটো ভুল কৰিলে সেয়া জানিলে হয়টো আপোনাৰ চকু কপালত উঠিব। আইন অনুসৰি কোনো এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে সেই ব্যক্তিজনৰ আত্মীয়ক আৰু সেই ব্যক্তিজনক ভাৰতীয় নাগৰিক ন্যায় সংহিতাৰ ধাৰা ৪৭ আৰু ৪৮ৰ অধীনত এখনকৈ জাননী দিব লাগে। কিন্তু পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে এই ভুলটো কৰাৰ বাবেই জামিন লাভ কৰিলে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই। গ্ৰেপ্তাৰৰ সময়ত যদি এই জাননী দুখন নিদিয়ে তেনেহেলে অভিযুক্তই জামিন লাভ কৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰে। অসম আৰক্ষীয়ে কিয় এই ভুলটো কৰিছে সেয়াও ৰহস্যৰ আৱৰ্তত বুলি মত প্ৰকাশ কৰিছে অভিজ্ঞ আইন বিশেষজ্ঞ তথা সচেতন মহলে। আৰক্ষীৰ এনে ভুলৰ বাবেই শ্যামকানু, অমৃতপ্ৰভা, শেখৰেও এদিন জামিন লাভ কৰিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে।
সেয়ে, বৰ্তমানৰ পৰিস্থিতিত পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বাবে এই জামিনে দুয়োৰে বাবে কেৱল এটা গোচৰত সাময়িক সকাহহে আনিছে; কাৰাগাৰৰ পৰা সম্পূৰ্ণ মুক্তি লাভৰ পথ এতিয়াও মুকলি হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















