উত্তৰ প্ৰদেশৰ ঝান্সী জিলাৰ মৌৰাণীপুৰ থানা এলেকাত মঙলবাৰে সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। ৰাণীপুৰ অঞ্চলৰ সুখনাই নদীত ডুবি একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ মৃত্যু ঘটে।
জানিব পৰা মতে, শ্ৰাদ্ধৰ ৰীতি-নীতি সম্পন্ন কৰাৰ পিছত পৰিয়ালটোৰ লোকসকলে পিণ্ড দান অনুষ্ঠানৰ বাবে সুখনাই নদীৰ পাৰত উপস্থিত হৈছিল। পিণ্ড দানৰ পূৰ্বে পৰিয়ালৰ একাংশ লোকে নদীত গা ধুবলৈ নামে। সেই সময়তে হঠাতে ৫ জন লোক নদীৰ গভীৰ পানীত সন্ধানহীন হৈ পৰে। ঘটনাটো ইমানেই আকস্মিক আছিল যে ওচৰত থকা লোকসকলে কোনো ধৰণৰ সহায় আগবঢ়োৱাৰ সুযোগ পোৱাৰ পূৰ্বেই আটাইকেইগৰাকী লোকৰ সলিল সমাধি ঘটে। লগে লগে নদীৰ পাৰত হুলস্থূলৰ সৃষ্টি হয় আৰু স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে।
খবৰ লাভ কৰাৰ পিছতে মৌৰাণীপুৰ আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। এছ ডি এম মনোজ কুমাৰ, চি অ’ মৌৰাণীপুৰ ৰত্নেশ্বৰ সিং আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰে। দীৰ্ঘ সময়ৰ চেষ্টাৰ অন্তত আটাইকেইজন লোককে নদীৰ পৰা উদ্ধাৰ কৰা হয় যদিও তেতিয়ালৈকে আটাইকেইজনৰ মৃ*ত্যু হৈছিল। নিহতসকলৰ ভিতৰত পিতৃ আৰু পুত্ৰও আছে বুলি জানিব পৰা গৈছে। মৃ*ত লোককেইজন অনুপ তিৱাৰী আৰু তেওঁৰ পুত্ৰ অৰ্পিত তিৱাৰী, অভিনৱ তিৱাৰী, শ্ৰেয়াংশ তিৱাৰী আৰু পুষ্কৰ শুক্লা বুলি চিনাক্ত কৰা হৈছে।
ঘটনাৰ পিছত আৰক্ষীয়ে পাঁচোটা মৃ*তদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। দুৰ্ঘটনাটো সন্দৰ্ভত আৰক্ষী আৰু প্ৰশাসনে অধিক তথ্য সংগ্ৰহ কৰি আছে। একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ একেলগে মৃ*ত্যু হোৱা ঘটনাই ৰাণীপুৰ অঞ্চলত গভীৰ শোকৰ সৃষ্টি কৰিছে। পৰিয়ালটোৰ আত্মীয়-স্বজন শোকত ভাগি পৰিছে। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে নদীৰ পাৰত বহু লোকৰ ভিৰো হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















