বৃন্দাবনত সন্ত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰমৰ এজন শিষ্যৰ ৰহস্যজনক মৃ*ত্যুক লৈ এতিয়া বহু প্ৰশ্ন উত্থাপন হৈছে। মৃ*ত শিষ্যজনৰ নাম ৰসিক দুলাৰী। ৰসিক দুলাৰীৰ পূৰ্বৰ নাম আছিল দীপক লোধী। ২৫ ছেপ্টেম্বৰৰ পুৱা বৃন্দাবনৰ গুৰু কৃপা কুঞ্জ আশ্ৰমৰ চতুৰ্থ মহলাৰ পৰা তললৈ পৰি তেওঁৰ মৃ*ত্যু হয়। আৰক্ষীয়ে প্ৰাথমিকভাৱে ঘটনাটো আত্মহ*ত্যাৰ আশংকা হিচাপে তদন্ত কৰি আছে যদিও ঘটনাৰ পূৰ্বে তেওঁৰ কোঠাত পোৱা ৰ*ক্তাক্ত গ্ৰাইণ্ডাৰ আৰু শৰীৰৰ আঘাতৰ চিহ্নই বিষয়টো অধিক ৰহস্যজনক কৰি তুলিছে।
শেষৰ ১১ মিনিটত কি হৈছিল?
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, CCTV ফুটেজত পুৱা প্ৰায় ১০:২৫ বজাৰ পৰা ১০:৩৬ বজালৈ ৰসিক দুলাৰীৰ গতিবিধি দেখা গৈছে। CCTVত আৱদ্ধ প্ৰায় ১১ মিনিটেই এতিয়া তদন্তৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। ফুটেজ অনুসৰি, তেওঁ কোঠাৰ পৰা ওলাই চতুৰ্থ মহলাৰ ছাদৰ ফালে যায়। কিছু সময় ছাদত বহি থকা দেখা যায়। তাৰ পাছত প্ৰায় ১০:৩৬ বজাত তেওঁ চতুৰ্থ মহলাৰ পৰা তললৈ পৰে। আৰক্ষীয়ে CCTVৰ এই ফুটেজ সংগ্ৰহ কৰি ঘটনাৰ ক্ৰমটো বুজিবলৈ চেষ্টা কৰিছে।
ঘটনাৰ পাছত আৰক্ষীয়ে তেওঁৰ কোঠাৰ পৰা এটা ইলেকট্ৰিক টাইলছ গ্ৰাইণ্ডাৰ উদ্ধাৰ কৰে। গ্ৰাইণ্ডাৰটোত তে*জৰ দাগ থকাৰ কথা তদন্তত পোহৰলৈ আহিছে। সেয়েহে আৰক্ষীয়ে ইয়াক ফৰেনছিক পৰীক্ষাৰ বাবে জব্দ কৰিছে। পোষ্টমৰ্টেমত ৰসিক দুলাৰীৰ শৰীৰত একাধিক আঘাতৰ চিহ্ন পোৱা গৈছে। বিশেষকৈ ব্যক্তিগত অংগত গুৰুতৰ আঘাতৰ কথা উল্লেখ কৰা হৈছে। তেওঁৰ মৃ*ত্যুৰ প্ৰধান কাৰণ হিচাপে অত্যধিক ৰ*ক্তক্ষৰণৰ ফলত হোৱা হেম’ৰেজিক শ্বক উল্লেখ কৰা হৈছে। মূৰ, ওঁঠ, থুঁতৰী, হাত-ভৰিতো আঘাত পোৱা গৈছে।
কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে—গ্ৰাইণ্ডাৰটো কেনেকৈ ব্যৱহাৰ হৈছিল আৰু শৰীৰত হোৱা আঘাতৰ সৈতে ইয়াৰ সম্পৰ্ক কি? এই প্ৰশ্নৰ উত্তৰ এতিয়াও আৰক্ষীৰ ফৰেনছিক তদন্তৰ ওপৰত নিৰ্ভৰ কৰিছে।
সম্প্ৰতি ইয়াৰ কোনো চূড়ান্ত উত্তৰ আৰক্ষীয়ে দিয়া নাই। CCTV ফুটেজৰ ভিত্তিত আৰক্ষীয়ে ঘটনাটো আত্মহ*ত্যা হোৱা বুলি প্ৰাথমিকভাৱে সন্দেহ কৰিছে। কিন্তু একে সময়তে ঘটনাৰ পূৰ্বে তেওঁৰ শৰীৰত হোৱা গুৰুতৰ আঘাত, কোঠাত পোৱা ৰ*ক্তাক্ত গ্ৰাইণ্ডাৰ আৰু পৰিয়ালৰ সন্দেহৰ বিষয়বোৰো তদন্ত কৰা হৈছে।
মৃতকৰ পৰিয়ালে ঘটনাটোক লৈ সন্দেহ প্ৰকাশ কৰি নিৰপেক্ষ তদন্তৰ দাবী কৰিছে। আনহাতে, আৰক্ষীয়ে কৈছে যে CCTV, ফৰেনছিক প্ৰমাণ, মোবাইল ফোনৰ তথ্য, পোষ্টমৰ্টেম আৰু আশ্ৰমত থকা লোকসকলৰ বক্তব্য—সকলো একেলগে পৰীক্ষা কৰা হৈছে।
ঘটনাটোৰ সৈতে কোনো নিচাজাতীয় সামগ্ৰীৰ সম্পৰ্ক আছিল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীয়ে এই বিষয়ত মৃ*তকৰ ৰক্তৰ নমুনা সংৰক্ষণ কৰি ফৰেনছিক পৰীক্ষালৈ পঠিওৱা বুলি জনাইছে। সেই প্ৰতিবেদন অহাৰ পাছতহে এই সন্দৰ্ভত কোনো স্পষ্ট তথ্য পোৱা যাব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















