অবিৰত বৰষুণ আৰু আৰ্দ্ৰ বতৰৰ বাবে বৃদ্ধি পাইছে সৰ্প দংশনৰ ঘটনা। এনে অৱস্থাত নিশা গেৰেজ বা অন্যস্থানত ৰখাই থোৱা বাইকৰ ফাক থকা বিভিন্নস্থানত সাপ সোমাই আপোনাৰ বিপদ মাতিব পাৰে। বিশেষকৈ বহু বাইকৰ চিটৰ তলত থকা ফাঁকত সাপে বাহ ল’ব পাৰে। শুকুৰবাৰে ঠিক এনেকুৱাই ঘটনা সংঘটিত হৈছে। চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত অতি সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি হবলগীয়া হৈছে এজন যুৱক। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বৰেলী জিলাত। ঘটনাটো সংঘটিত হৈছে জিলাখনৰ সুভাষ নগৰ থানা এলেকাৰ মদিনাথ অঞ্চলৰ বাসিন্দা সূৰ্য প্ৰকাশ পাঠকৰ সৈতে।
জানিব পৰা মতে, শুকুৰবাৰে সূৰ্য প্ৰকাশে বাইকেৰে কালিবাৰী মন্দিৰলৈ গৈছিল। তাৰ পিছত এজেন্সীৰ কামত তেওঁ চিভিল লাইনছ অঞ্চললৈ যাত্ৰা কৰে। চৌপলা আৰু পেটেল চক অঞ্চলত উপস্থিত হোৱাৰ সময়তে হঠাৎ তেওঁৰ উৰুৰ ওচৰত তীব্ৰ বিষ আৰু জ্বলা-পোৰা অনুভৱ হয়। তেওঁ পৰিস্থিতি বুজি উঠাৰ আগতেই বাইকৰ ছিটৰ তলত লুকাই থকা সাপটোৱে তেওঁক কামুৰি দিয়ে। সাপৰ বিষৰ প্ৰভাৱত সূৰ্য প্ৰকাশৰ মূৰ ঘূৰাবলৈ ধৰে আৰু তেওঁ আতংকিত হৈ পৰে।
স্বাস্থ্যৰ অৱনতি ঘটিলেও সূৰ্য প্ৰকাশে কোনো মতে বাইকখন ৰখাবলৈ সক্ষম হয়। তাৰ পিছত তেওঁ পথৰ কাষত থিয় হৈ সহায় বিচাৰে। পৰিস্থিতি দেখি তাত উপস্থিত পথচাৰীয়ে তৎকালীনভাৱে তেওঁক জিলা চিকিৎসালয়লৈ লৈ যায়। লগতে তেওঁৰ পৰিয়ালক ফোনযোগে ঘটনাটোৰ বিষয়ে অৱগত কৰা হয়। খবৰ লাভ কৰাৰ পিছতে তেওঁৰ পৰিয়াল চিকিৎসালয়ত উপস্থিত হয়। বৰ্তমান সূৰ্য প্ৰকাশ চিকিৎসকৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁৰ অৱস্থা সংকটজনক।
ইফালে বৰেলী জিলাত বাৰিষা আৰু আৰ্দ্ৰ বতৰৰ বাবে সাপৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, ১ আগষ্টৰ পৰা কেৱল জিলা চিকিৎসালয়তে ১২৫ জনতকৈ অধিক লোক সাপৰ কামোৰৰ চিকিৎসাৰ বাবে আহিছে। চিকিৎসালয়ত সাপৰ বিষ প্ৰতিৰোধী ঔষধ অৰ্থাৎ এণ্টি-স্নেক ভেনম পৰ্যাপ্ত পৰিমাণে মজুত থকাৰ বাবে আক্ৰান্ত লোকসকলক সময়মতে চিকিৎসা প্ৰদান কৰা হৈছে।
চিকিৎসকে এই সময়ছোৱাত সাৱধানতা অৱলম্বন কৰিবলৈ ৰাইজক আহ্বান জনাইছে। বিশেষকৈ বাইক, গাড়ী, জোতা আদি ব্যৱহাৰ কৰাৰ পূৰ্বে ভালদৰে পৰীক্ষা কৰি ল’বলৈ পৰামৰ্শ দিয়া হৈছে। বৰষুণ আৰু আৰ্দ্ৰতাৰ সময়ত সাপ বাহন, জোতা বা আন্ধাৰ ঠাইত লুকাই থাকিব পাৰে বুলি চিকিৎসকে সতৰ্ক কৰি দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















