কিৰণ ৰাওক সকলোৱে চিনি পায়। কিছুদিন পূৰ্বে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে ‘লাপাটা লেডিজ’ৰ জৰিয়তে দৰ্শকৰ হৃদয় জয় কৰিছিল। এইবাৰ তেওঁ লাইমলাইটলৈ আহিল সম্পূৰ্ণ বেলেগ কাৰণত। অতি সোনকালে আহি আছে নতুন প্ৰজেক্ট ‘লাষ্ট ষ্ট’ৰীজ ৩’। সেই প্ৰকল্পটো প্ৰচাৰ কৰাৰ সময়ত এই জনপ্ৰিয় পৰিচালকগৰাকী আজিৰ প্ৰজন্মৰ প্ৰেম, স্বাধীনতা আৰু শাৰীৰিক সম্পৰ্কৰ বিষয়ে অতি স্পষ্টভাৱে ক’লে।
কি ক’লে?
শেহতীয়া এক সাক্ষাৎকাৰত কিৰণ ৰাওক সোধা হৈছিল যে আজিৰ ল’ৰা-ছোৱালীবোৰ প্ৰেমৰ ক্ষেত্ৰত বেছি হয়। আজিৰ প্ৰজন্ম তেওঁৰ দৃষ্টিত এই প্ৰজন্ম বহুত বেছি ‘স্বাধীন’।
অতীত আৰু আজিৰ সম্পৰ্কৰ পাৰ্থক্য ব্যাখ্যা কৰি কিৰণে তেওঁৰ সাক্ষাৎকাৰত কয়, “মই ভাবো এতিয়া স্বাধীনতাৰ ভাৱ এটা আছে। আমাৰ প্ৰজন্মৰ তুলনাত আজিৰ নৱ প্ৰজন্মৰ মাজত কোনো বাধা নাই। পৃথিৱীখন এতিয়া সলনি হৈছে, নিজকে প্ৰকাশ কৰাৰ ধৰণো এতিয়া বহুত বেলেগ। আমি সেইটো আমাৰ কাহিনীত উজ্জ্বল কৰি তুলিব বিচাৰিছিলো।”
আগতে সমাজে ভাবিছিল যে বিয়াৰ পিছতহে সম্পৰ্ক সম্পূৰ্ণ হয়। পৰিচালকে আমাক সোঁৱৰাই দিলে যে সেই পুৰণি নিয়মটো আৰু প্ৰযোজ্য নহয়। এই প্ৰসংগত তেওঁ স্পষ্টকৈ ক’লে, “মোৰ সময়ত আশা কৰা হৈছিল যে আপুনি মাত্ৰ এজন ব্যক্তিৰ সৈতে এটা নিৰ্দিষ্ট সময়ৰ বাবেহে জড়িত হ’ব।বিবাহৰ পিছতহে সেই ব্যক্তিজনৰ সৈতে শাৰীৰিক বা আৱেগিক সম্পৰ্ক গঢ়ি তুলিব।এতিয়া তেনেকুৱা নহয়।”
আজিৰ প্ৰজন্মৰ সম্পৰ্কৰ গভীৰতা বৰ্ণনা কৰি কিৰণ ৰাৱে কয়, “মানুহে এতিয়া বিবাহৰ প্ৰয়োজন নোহোৱাকৈ ইজনে সিজনৰ লগত গভীৰ, তীব্ৰ, আৰু আৱেগিক আৰু শাৰীৰিকভাৱে পূৰ্ণতাপূৰ্ণ সম্পৰ্কত প্ৰৱেশ কৰিছে। ঠিক তেনেকৈয়ে আজি পৃথিৱীখন বেলেগ হৈ পৰিছে। আমি সেই পৃথিৱীতে এই কাহিনীটো সৃষ্টি কৰিলোঁ।”
কিৰণে কয় যে তেওঁ কোনো আক্ষেপ নথকা, ইজনে সিজনৰ প্ৰেমত পৰা আৰু কিছুমান অভাৱনীয় সিদ্ধান্ত লোৱা দুজন যুৱকৰ হাস্যকৰ কাহিনী পৰ্দাত চিত্ৰিত কৰিব বিচাৰিছিল। পুৰণি কু-সংস্কাৰ ভংগ কৰি আধুনিক প্ৰেমৰ এই সতেজ কাহিনীয়ে দৰ্শকৰ হৃদয় কিমান জয় কৰিব পাৰে সেয়া হ’ব লক্ষ্যণীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















