নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা জুবিন গাৰ্গৰ ন্যায়ৰ দাবীক সন্মুখত ৰাখি ভোটাৰৰ পৰা সমৰ্থন বিচাৰিলে আজমলে। ধিং সমষ্টিৰ বেচামাৰীত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী সভাত জুবিন গাৰ্গৰ নাম উল্লেখ কৰি ভোটাৰক নিজৰ পক্ষত ভোটদান কৰিবলৈ আহ্বান জনোৱা দেখা গ’ল আজমলক।
সভাখনত উপস্থিত সমৰ্থকসকলৰ মাজতো দেখা গ’ল জুবিন গাৰ্গক লৈ বিশেষ আবেগ। সভাৰ পৰিৱেশত সকলোৱে একেলগে গালে জনপ্ৰিয় গীত ‘মায়াবিনী’। জুবিন গাৰ্গৰ গীতৰ সুৰত সভাস্থলীত সৃষ্টি হয় আবেগিক পৰিৱেশ।
সভাৰ পৰা আজমলৰ সমৰ্থনত ভোট বিচাৰি কোৱা হয়—“জুবিন দাৰ ন্যায় লাগে যদি আজমলক জিকাই দিয়ক।” ইয়াৰ লগতে সভাত এই কথাও উত্থাপন কৰা হয় যে আজমলক সংসদলৈ পঠিয়াব পাৰিলে জুবিন গাৰ্গে ন্যায় লাভ কৰাৰ ক্ষেত্ৰত তেওঁ অধিক শক্তিশালীভাৱে মাত মাতিব পাৰিব।
‘আজমলক পাৰ্লিয়ামেন্টলৈ পঠিয়ালে জুবিন দাই ন্যায় পাব’
সভাত জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোক নিৰ্বাচনী প্ৰচাৰৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় হিচাপে উপস্থাপন কৰা হয়। সমৰ্থকসকলৰ মাজত কোৱা হয়—“আজমলক পাৰ্লিয়ামেন্টলৈ পঠিয়ালে জুবিন দাই ন্যায় পাবলৈ সক্ষম হ’ব।”
জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা তেওঁৰ অনুৰাগী আৰু ৰাজ্যবাসীৰ মাজত তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ন্যায় বিচাৰি বিভিন্ন দাবী উত্থাপন হৈ আহিছে। সেই আবেগকেই নিৰ্বাচনী সভাত ভোট বিচৰাৰ সময়ত সন্মুখলৈ অনা হয়।
জয়ী হ’লে জুবিনক ন্যায় দিয়াৰ ঘোষণা
ইফালে সভাত আজমলে নিজেও জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ উত্থাপন কৰে। নিৰ্বাচনত জয়ী হৈ সংসদলৈ যাব পাৰিলে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতিব বুলি ঘোষণা কৰে আজমলে।
জুবিন গাৰ্গৰ প্ৰতি থকা অসমৰ ৰাইজৰ আবেগ আৰু ভালপোৱাক সন্মান জনাই তেওঁৰ ন্যায়ৰ বাবে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আজমলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















