• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

1 hour ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 seconds ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

42 minutes ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

2 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

3 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

3 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

4 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

5 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

5 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

6 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

7 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

অভিযুক্ত ৩ আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে?

editor by editor
October 5, 2026
in অপৰাধ, ভাৰত, লেখা
0
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড
0
SHARES
464
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিটেনচন চেণ্টাৰত আটক হৈ থকা এগৰাকী বাংলাদেশী মহিলাক তিনিজন আৰক্ষী কৰ্মীয়ে ধ*ৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ঝাৰখণ্ডৰ হাজাৰীবাগ ডিটেনচন চেণ্টাৰত এই ঘটনা সংঘটিতৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাক সন্দৰ্ভত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। ইতিমধ্যে অভিযুক্ত তিনি কনিষ্টবলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে তেওঁলোকক নিলম্বন কৰা হৈছে।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ এন প্ৰসাদ আৰু ন্যায়াধীশ অখিল কুমাৰৰ বিচাৰপীঠত সোমবাৰে এই গোচৰৰ শুনানি অনুষ্ঠিত হয়। শুনানিৰ সময়ত ৰাজ্য চৰকাৰৰ ফালৰ পৰা আদালতক জনোৱা হয় যে মহিলাগৰাকীৰ সৈতে সংঘটিত ধ*ৰ্ষণৰ অভিযোগৰ ভিত্তিত তিনিজন কনিষ্টবলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁলোকক নিলম্বন কৰা হৈছে। আনহাতে, ঝাৰখণ্ড ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণে (DLSA) আদালতত দাখিল কৰা প্ৰতিবেদনতো তিনিজন আৰক্ষী কৰ্মীৰ বিৰুদ্ধে মহিলাগৰাকীক ধ*ৰ্ষণৰ অভিযোগৰ উল্লেখ আছে।
আদালতে ডিটেনচন চেণ্টাৰত থকা সময়ছোৱাত মহিলাগৰাকীক প্ৰয়োজনীয় সকলো সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানি ১৫ অক্টোবৰত অনুষ্ঠিত হ’ব। লগতে ৰাজ্য চৰকাৰে দাখিল কৰা উত্তৰৰ ওপৰত আবেদনকাৰীক প্ৰতি-উত্তৰ দাখিল কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে।

শুনানিৰ সময়ত ৰাজ্য চৰকাৰে আদালতক জনায় যে মহিলাগৰাকীক বাংলাদেশলৈ ঘূৰাই পঠিওৱাৰ বাবে ২০২৩ চনৰ পৰাই কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ চিঠি প্ৰেৰণ কৰি অহা হৈছে। কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো উত্তৰ লাভ কৰা হোৱা নাই।
এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাকো আদালতে উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

ইফালে, অভিযুক্ত ৩ আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে ৰুজু কৰা এজাহাৰত কোনবোৰ ধাৰা প্ৰয়োগ কৰা হৈছে, সেই বিষয়তো আদালতে প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উত্তৰত মহাধিবক্তা ৰোহিত্য ৰায়ে আদালতক আশ্বাস দিয়ে যে প্ৰয়োজন অনুসৰি এজাহাৰত উপযুক্ত সংশোধন কৰা হ’ব।

মহিলাগৰাকীক দীৰ্ঘদিন ধৰি আটক কৰি ৰখাক লৈও আদালতে চৰকাৰক প্ৰশ্ন কৰে। আদালতে মৌখিকভাৱে জানিব বিচাৰে যে যদি ২০২১ চনত বিদেশী আইন উলংঘনৰ গোচৰত মহিলাগৰাকীক তিনিবছৰৰ কাৰাদণ্ড দিয়া হৈছিল, তেন্তে শাস্তিৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছতো তেওঁক বাংলাদেশলৈ কিয় ঘূৰাই পঠিওৱা নহ’ল? তেওঁক ডিটেনচন চেণ্টাৰত ৰখাৰ প্ৰয়োজন কিয় হ’ল? আদালতে এইটোও প্ৰশ্ন কৰে যে ২০২৫ চনত মহিলাগৰাকীৰ বিৰুদ্ধে পুনৰ বিদেশী আইন অনুসৰি গোচৰ ৰুজু কৰা হৈছিল। কিন্তু ২০২৬ চনত সেই গোচৰতে তেওঁক আদালতে খালাছ কৰে। তেন্তে সেই ৰায়ৰ বিৰুদ্ধে চৰকাৰে কিয় আপীল নকৰিলে?

শুনানিৰ সময়ত উপস্থিত থকা গৃহ সচিবে আদালতক জনায় যে মহিলাগৰাকীক বাংলাদেশলৈ পঠিওৱাৰ বাবে চৰকাৰৰ ফালৰ পৰা বাংলাদেশ চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছিল। কিন্তু বাংলাদেশৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা নগ’ল। ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, মহিলাগৰাকীৰ বিৰুদ্ধে ২০১৮ চনত দুটা গোচৰ ৰুজু হৈছিল। ইয়াৰে এটা আছিল এটি শিশুক অপহৰণৰ গোচৰ আৰু আনটো বিদেশী আইন সম্পৰ্কীয় গোচৰ। শিশু অপহৰণৰ গোচৰত মহিলাগৰাকীক দুবছৰৰ কাৰাদণ্ড দিয়া হৈছিল। আনহাতে, ২০২১ চনত বিদেশী আইন সম্পৰ্কীয় গোচৰত তেওঁক তিনি বছৰৰ কাৰাদণ্ড দিয়া হয়। কাৰাদণ্ডৰ ম্যাদ সম্পূৰ্ণ হোৱাৰ পিছত মহিলাগৰাকীক হাজাৰীবাগ ডিটেনচন চেণ্টাৰলৈ স্থানান্তৰ কৰা হয়। ২০২৫ চনৰ শেষৰ ফালে তেওঁ ডিটেনচন চেণ্টাৰৰ পৰা পলাই যায়। ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে বিদেশী আইন অনুসৰি পুনৰ এটা গোচৰ ৰুজু কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24rape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
Next Post
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.