মধ্যপ্ৰদেশৰ খাণ্ডৱা জিলাত আন্তঃৰাজ্যিক বাহন চুৰি চক্ৰৰ বিৰুদ্ধে ডাঙৰ সফলতা লাভ কৰিছে আৰক্ষীয়ে। খাণ্ডৱা কোতৱালি আৰক্ষী আৰু চাইবাৰ চেলৰ যুটীয়া অভিযানত গেংটোৰ মাষ্টাৰ মাইণ্ডসহ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তসকলৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে মুঠ ৬১খন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰিছে। উদ্ধাৰ হোৱা বাইকসমূহৰ আনুমানিক মূল্য প্ৰায় ৩০ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে এই গেংটো কেৱল খাণ্ডৱাতে সীমাবদ্ধ নাছিল। মধ্যপ্ৰদেশৰ কেইবাখনো জিলাৰ লগতে চুবুৰীয়া ৰাজ্য মহাৰাষ্ট্ৰৰো বিভিন্ন অঞ্চলত গেংটোৱে বাইক চুৰি কৰি আহিছিল। খাণ্ডৱাৰ আৰক্ষী অধীক্ষক আগম জৈনে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি জনোৱা মতে, গেংটোৰ মাষ্টাৰমাইণ্ড হৈছে খাৰগোণ জিলাৰ বাসিন্দা বিশাল ৰাথোৰ। আচৰিত কথাটো হৈছে বিশাল বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী আৰু এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপেও কৰ্মৰত। পৰৱৰ্তী সময়ত তেওঁ বাহন চুৰিৰ অপৰাধী চক্ৰৰ সৈতে জড়িত হৈ পৰে।
আৰক্ষীয়ে সদৰী কৰা মতে, বিশালে বাইকৰ লক ভাঙি চুৰি কৰাৰ এক বিশেষ কৌশল আয়ত্ত কৰিছিল। বিশালে মাত্ৰ তিনি মিনিটৰ ভিতৰতে বিভিন্ন বাইকৰ লক ভাঙিব পাৰিছিল বুলি তদন্তত প্ৰকাশ পাইছে। বিশালৰ বিৰুদ্ধে মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন থানাত ইতিমধ্যে ১০টা অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। আনহাতে, তেওঁৰ সহযোগী বাবলুৰ বিৰুদ্ধেও পূৰ্বে দুটা গোচৰ ৰুজু হোৱা বুলি আৰক্ষীয়ে সদৰী কৰে।
খাণ্ডৱা জিলাত ধাৰাবাহিকভাৱে বাইক চুৰিৰ ঘটনা সংঘটিত হোৱাৰ পিছত কোতৱালি আৰক্ষী আৰু চাইবাৰ চেলে বিশেষ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে বিভিন্ন অঞ্চলৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে। ফুটেজসমূহ বিশ্লেষণ কৰি আৰক্ষীয়ে লক্ষ্য কৰে যে বহু চুৰিৰ ঘটনাত অভিযুক্তসকলে একেধৰণৰ পদ্ধতি ব্যৱহাৰ কৰিছিল। এই তথ্যৰ লগতে কাৰিকৰী প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে সন্দেহযুক্ত লোকসকলৰ সন্ধান আৰম্ভ কৰে। দীৰ্ঘ অনুসন্ধানৰ পিছত আৰক্ষীয়ে বিশাল আৰু বাবলুক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জেৰাৰ সময়ত দুয়োজনে ৬১খন মটৰ চাইকেল চুৰি কৰাৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















