কৰ্কট ৰোগীৰ বাবে আহিছে কিছু সকাহৰ খবৰ। কৰ্কট ৰোগৰ ঔষধ অত্যধিক দামত বিক্ৰী কৰি ৰোগী বা পৰিয়ালক লুণ্ঠন কৰিব নোৱাৰিব পাইকাৰী আৰু খুচুৰা বিক্ৰেতাই। কেন্দ্ৰীয় চৰকাৰে কৰ্কট ৰোগৰ ঔষধৰ ক্ষেত্ৰত ট্ৰেড মাৰ্জিন সৰ্বাধিক ৩০ শতাংশত সীমিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই সিদ্ধান্তৰ অধীনত কৰ্কট ৰোগৰ সকলো অনা-সূচীবদ্ধ (Non-Scheduled) ঔষধ সামৰি লোৱা হ’ব। অৰ্থাৎ, ঔষধ বিক্ৰী কৰাৰ সময়ত বিক্ৰেতাই নিজৰ ইচ্ছামতে অত্যধিক লাভ যোগ কৰি দাম বৃদ্ধি কৰিব নোৱাৰিব। সহজ ভাষাত ক’বলৈ গ’লে, কৰ্কট ৰোগৰ কোনো ঔষধৰ মূল্য ১০০ টকা হ’লে খুচুৰা বিক্ৰেতাই সৰ্বাধিক ৩০ শতাংশ ট্ৰেড মাৰ্জিন, অৰ্থাৎ ৩০ টকা লাভ যোগ কৰিব পাৰিব। ফলত ১০০ টকাৰ ঔষধৰ ক্ষেত্ৰত সৰ্বাধিক ১৩০ টকা ল’ব পাৰিব।
এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে কৰ্কট ৰোগৰ চিকিৎসাৰ নামত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত পৰা আৰ্থিক বোজা হ্ৰাস কৰা। কৰ্কটৰ চিকিৎসা ইতিমধ্যে বহু ব্যয়বহুল। ঔষধৰ দামত অত্যধিক মাৰ্জিন যোগ হোৱাৰ ফলত বহু পৰিয়ালে অধিক খৰচ বহন কৰিবলগীয়া হয়।
চৰকাৰৰ এই সিদ্ধান্ত কাৰ্যকৰী হ’লে কৰ্কট ৰোগৰ কিছুমান ঔষধৰ দাম ৭০ শতাংশ পৰ্যন্ত হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণ কৰা বহু ৰোগীয়ে আগৰ তুলনাত কম খৰচত ঔষধ লাভ কৰাৰ সুযোগ পাব পাৰে। সামগ্ৰিকভাৱে, কৰ্কট ৰোগৰ ঔষধৰ দাম নিয়ন্ত্ৰণ কৰাৰ এই পদক্ষেপে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক কিছু আৰ্থিক সকাহ দিয়াৰ লগতে ঔষধ বিক্ৰীৰ ক্ষেত্ৰত অধিক স্বচ্ছতা আনিব বুলি আশা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















