শৰৎ মানেই পূজাৰ বতৰ । শৰৎ অহাৰ লগে লগে চাৰিওফালে পৰিলক্ষিত হৈছে সুকীয়া পৰিৱেশ। শৰৎ মানেই শাৰদী ৰাণীৰ আগমণ। নৈৰ কাষে কাষে হালি জালি শাৰী শাৰীকৈ ফুলিছে অসংখ্য কহুৱা। হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্ত-কালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গাপূজা আৰু আহিন অৰ্থাৎ শৰৎ-কালৰ দুৰ্গাপূজাক শাৰদীয় দুৰ্গাপূজা নামে জনাজাত।
আজি মহালয়া, ধৰাৰ বুকুলৈ আগমণ ঘটিব মা দুৰ্গাৰ। চৌপাশে এতিয়া দুৰ্গতি নাশিনীৰ আৰাধনাৰ বাবে সীমাহীন ব্যস্ততা । আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহালয়া উদযাপনৰ বাবে পুৱাতি নিশাৰে পৰা ৰাজ্যবাসীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । আজিৰ পৰা দেৱী পক্ষৰ সূচনা হৈছে । আজি পুৱাই চণ্ডীপাঠৰ জৰিয়তে দেৱী দুৰ্গাক ধৰালৈ আমন্ত্ৰণ জনাইছে ভক্তসকলে ।
অশুভ শক্তিক বিনাশৰ বাবে ধৰালৈ আগমন হোৱা দেৱী দুৰ্গাক আৰাধনা কৰাৰ বাবে পুৱাতি নিশাৰে পৰা ভক্তসকলে ব্যাপক আয়োজন কৰা দেখা গৈছে ।
এইবাৰ দেৱী দুৰ্গা ধৰালৈ ঘোঁৰাত আৰু গমন কৰিব নাৱত। জ্যোতিষী পৰশমণিৰ মতে, ‘ঘোঁৰাত আহিলে ভূমিকম্প, কাজিয়া আদি হব পাৰে। কিন্তু যোৱাৰ সময়খিনি ভাল। এই সময়ত মা দুৰ্গাই নাৱত গ’লে শস্য বৃদ্ধি হ’ব
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















