পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণৰ চেষ্টা কৰাৰ অভিযোগক কেন্দ্ৰ কৰি কলকাতাৰ কালিঘাট অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছে। মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ একাংশ কৰ্মীৰ অভিযোগ অনুসৰি, তেওঁৰ বাসগৃহৰ বাহিৰত এগৰাকী মহিলাই মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ কৰে। অৱশ্যে যুৱতীগৰাকীৰ আক্ৰমণৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে মমতা দিদি।
অভিযোগ অনুসৰি, দুৰ্গা পূজাৰ এখন পূজা মণ্ডপ উদ্বোধন কৰিবলৈ বাসগৃহৰ পৰা ওলাই অহাৰ সময়তে এই ঘটনা সংঘটিত হয়। সেই সময়ত মহিলাগৰাকীয়ে মমতা বেনাৰ্জীৰ শাৰী টানি ধৰাৰ অভিযোগ উত্থাপন হৈছে। লগতে, মহিলাগৰাকীৰ পৰা এখন ছুৰী উদ্ধাৰ হোৱা বুলিও অভিযোগ উত্থাপিত হৈছে।
ঘটনাৰ পিছতে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে মহিলাগৰাকীক আটক কৰে। অভিযোগ অনুসৰি, কৰ্মীসকলে তেওঁক মাটিত বগৰাই ধৰি ৰখাৰ পিছত কালিঘাট আৰক্ষীৰ হাতত গতাই দিয়ে। সেই সময়তো মহিলাগৰাকীয়ে নিজৰ স্থিতিত অটল হৈ থকা বুলি জানিব পৰা গৈছে।
ইফালে, এই ঘটনাক লৈ মমতা বেনাৰ্জীৰ সহযোগীসকলে তেওঁৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত এনে ঘটনা কেনেকৈ সংঘটিত হ’বলৈ পালে, তাক লৈও উদ্বেগ প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে, এই ঘটনাৰ বিষয়ে বৰ্তমান উপলব্ধ তথ্যসমূহ মূলতঃ মমতা বেনাৰ্জীৰ পক্ষৰ অভিযোগৰ ওপৰত আধাৰিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















