অন্ধ্ৰপ্ৰদেশৰ বিজয়াৱাড়া ৰে’ল ষ্টেচনত ড্ৰা*গছ সৰবৰাহৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। আৰক্ষী আৰু চোৰাংচোৱা সংস্থাৰ অভিযানত এগৰাকী যুৱতীক ১১০ গ্ৰাম MDMAসহ গ্ৰেপ্তাৰ কৰা হৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ড্ৰা*গছ সৰবৰাহৰ নেটৱৰ্কৰ মূল অভিযুক্ত বছিৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তদন্ত অনুসৰি, প্ৰেমিকক জামিনত মুকলি কৰি অনাৰ বাবে ধনৰ প্ৰয়োজন হোৱাত যুৱতীগৰাকীয়ে ড্ৰা*গছ সৰবৰাহত জড়িত হৈ পৰিছিল। অভিযোগ অনুসৰি, বেংগালুৰুৰ পৰা বিজয়াৱাড়ালৈ ড্ৰা*গছ কঢ়িয়াই নিয়াৰ বিনিময়ত বছিৰে তেওঁক ৫০ হাজাৰ টকা দিয়াৰ প্ৰলোভন দিছিল।
আৰক্ষীৰ তথ্য অনুসৰি, প্ৰায় তিনিমাহ পূৰ্বে ড্ৰা*গছৰ গোচৰত যুৱতীগৰাকীৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান তেওঁ চিত্তুৰৰ কাৰাগাৰত বন্দী হৈ আছে বুলি জানিব পৰা গৈছে। প্ৰেমিকক জামিনত মুকলি কৰি আনিবলৈ যুৱতীগৰাকীৰ ধনৰ প্ৰয়োজন হৈছিল। এই পৰিস্থিতিৰ সুযোগ লৈ ড্ৰা*গছ সৰবৰাহকাৰী চক্ৰৰ মূল অভিযুক্ত বছিৰে তেওঁক নিজৰ জালত পেলোৱাৰ অভিযোগ উঠিছে। বেংগালুৰুৰ পৰা বিজয়াৱাড়ালৈ ড্ৰাগছ কঢ়িয়াই নিয়াৰ বিনিময়ত ৫০ হাজাৰ টকা দিয়াৰ প্ৰলোভনত পৰি যুৱতীগৰাকীয়ে এই অবৈধ কামত জড়িত হৈ পৰে বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে।
এই ড্ৰাগছ সৰবৰাহৰ বিষয়ে আগতীয়াকৈ চোৰাংচোৱা তথ্য লাভ কৰিছিল চৰকাৰী ৰে’ল আৰক্ষী (জি আৰ পি) আৰু বিশেষ ‘ঈগল’ দলে। ইয়াৰ পিছতে বিজয়াৱাড়া ৰে’ল ষ্টেচনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয় আৰু সন্দেহজনক লোকৰ ওপৰত নজৰ ৰখা হয়। বেংগালুৰুৰ পৰা ৰে’লযোগে বিজয়াৱাড়াত উপস্থিত হোৱাৰ পিছতে আৰক্ষীৰ দলে যুৱতীগৰাকীক আটক কৰে। ইয়াৰ পিছতে ঘটনাটোৰ সৈতে জড়িত আন লোকসকলৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।
যুৱতীগৰাকীক জেৰাৰ পিছত আৰক্ষীয়ে ড্ৰা*গছ সৰবৰাহৰ নেটৱৰ্কৰ মূল অভিযুক্ত বছিৰক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ অভিযোগ অনুসৰি, বছিৰে অন্ধ্ৰ প্ৰদেশৰ বিভিন্ন চহৰত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল। বিশেষকৈ কলেজীয়া ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি এই অবৈধ ব্যৱসায় চলোৱাৰ অভিযোগ উঠিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















