কোৱা হয় যে প্ৰেমৰ কোনো বয়স নাথাকে। উত্তৰ প্ৰদেশৰ ঔৰৈয়া জিলাৰ পৰা পোহৰলৈ অহা এটা প্ৰেম কাহিনীয়ে এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে। জিলাখনৰ সাহাৰ উন্নয়ন খণ্ডৰ আৰিয়াৰী গাঁৱৰ ৭৫ বছৰীয়া ৰামছুগাৰ আৰু ঔৰৈয়া চহৰৰ ৩০ বছৰীয়া ছ’চিয়েল মিডিয়া ব্লগাৰ ৰাণী ৰাজপুতে এংগেজমেণ্ট কৰি সকলোকে আচৰিত কৰি তুলিছে। দুয়োৰে বয়সৰ পাৰ্থক্য প্ৰায় ৪৫ বছৰ।
এংগেজমেণ্টৰ পিছতে তেওঁলোকৰ হালদী অনুষ্ঠানৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। ঢোল-ট্ৰুম্পেটৰ শব্দৰ মাজত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ ভিডিঅ’ই এতিয়া বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। পৰিয়ালৰ সন্মতি অনুসৰি, নৱৰাত্ৰিৰ পিছতে পৰম্পৰাগত ৰীতি-নীতিৰে দুয়োৰে বিৱাহ সম্পন্ন কৰাৰ পৰিকল্পনা কৰা হৈছে।
কেনেকৈ আৰম্ভ হৈছিল প্ৰেমৰ কাহিনী?
এই প্ৰেম কাহিনীৰ আৰম্ভণি হৈছিল ছ’চিয়েল মিডিয়াত ভিডিঅ’ আৰু ৰিল নিৰ্মাণৰ জৰিয়তে। ৰামছুগাৰৰ কন্যা ৰাধাই ইনষ্টাগ্ৰামত ভিডিঅ’ বনাইছিল। ৰাণী ৰাজপুত আছিল ৰাধাৰ বন্ধু। সেই সূত্ৰে ৰাণীয়ে প্ৰায়ে ৰাধাৰ ঘৰলৈ গৈছিল আৰু তাত ৰিল তথা ভিডিঅ’ শ্বুট কৰিছিল। প্ৰায় সাত বছৰ পূৰ্বে ৰামছুগাৰৰ পত্নীৰ মৃত্যু হৈছিল। ৰাণীৰ সৈতে পৰিচয় হোৱাৰ পিছত দুয়োৰে মাজত কথা-বতৰা আৰম্ভ হয়। সময়ৰ লগে লগে এই চিনাকি ঘনিষ্ঠতালৈ পৰিণত হয় আৰু অৱশেষত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ ঔৰৈয়া চহৰৰ এখন স্থানীয় বিউটি পাৰ্লাৰত পৰিয়ালৰ লোক আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত দুয়োজনে আঙঠি বিনিময় কৰে।
নিসংগতা আৰু অতীতৰ দুখে আনিলে ওচৰলৈ
ৰামছুগাৰৰ পৰিয়ালত এজন বিৱাহিত পুত্ৰ আৰু তিনিগৰাকী কন্যা আছে। সকলোৱে নিজৰ নিজৰ সংসাৰক লৈ ব্যস্ত থকাৰ বাবে পত্নীৰ মৃত্যুৰ পিছত তেওঁ নিসংগতাত ভুগি আহিছিল বুলি জানিব পৰা গৈছে। আনহাতে, ৩০ বছৰীয়া ৰাণী ৰাজপুতৰো পূৰ্বে বিৱাহ হৈছিল আৰু তেওঁৰ দুটা সন্তান আছে। ৰাণীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা মতে, তেওঁৰ প্ৰথম স্বামীয়ে তেওঁক এৰি থৈ গৈছিল। জীৱনৰ কঠিন সময়ত ৰামছুগাৰৰ মাজত তেওঁ এজন প্ৰকৃত সংগী বিচাৰি পোৱা বুলি উল্লেখ কৰিছে। দুয়োৰে জীৱনৰ অভিজ্ঞতা আৰু পৰিস্থিতিয়ে তেওঁলোকক ওচৰ চপাই আনিলে বুলি চৰ্চা চলিছে।
বিৱাহক লৈ চলিছে প্ৰস্তুতি
এংগেজমেণ্টৰ পিছতে ৰামসুগাৰৰ ঘৰত হালদী অনুষ্ঠানৰ আয়োজন কৰা হয়। পৰিয়ালৰ লোক আৰু আত্মীয়-স্বজনৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানৰ ভিডিঅ’ ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈছে। ৰামছুগাৰৰ মতে, পৰিয়ালৰ সন্মতি অনুসৰি নৱৰাত্ৰিৰ ঠিক পিছতে শুভ সময়ত বিৱাহ সম্পন্ন কৰা হ’ব। এই বিৱাহত পৰিয়ালৰ সদস্য আৰু ঘনিষ্ঠ আত্মীয়-স্বজনকহে নিমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















