অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিল প্ৰতিবাদৰ পৰিৱেশ। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, তেওঁৰ মৃত্যুৰ ঘটনাৰে জড়িত দোষীক কঠোৰ শাস্তি দিব লাগিব আৰু সমগ্ৰ ঘটনাৰ পুনৰ তদন্ত কৰিব লাগিব—এই দাবীৰে ৰাজপথলৈ ওলাই আহিল জুবিনৰ অনুৰাগীসকল।
মহানৱমীৰ দিনাই দিছপুৰত সাব্যস্ত কৰা এই প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ‘জয় জুবিন দা’ ধ্বনিৰে কঁপি উঠিল ৰাজধানীৰ ৰাজপথ। প্ৰতিবাদকাৰীসকলৰ দাবী, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব লাগিব আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ হ’ব নালাগে।

কিন্তু আৰক্ষীয়ে প্ৰতিবাদীসকলক আটক কৰাৰ পিছত সামাজিক মাধ্যমত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে দিয়ে বিশেষ পোষ্ট। তেওঁ লিখিছে- “”জুবিন গাৰ্গ জনতাৰ কণ্ঠ.. সেয়ে আজি জনতাও হৈ পৰিছে জুবিন গাৰ্গৰ বাবে এক সন্মিলিত শক্তিকণ্ঠ””
এখেতসকলে আন একো কথা বুজি নাপায় .. নিজৰ আপোন ল’ৰাটোৰ বাবে ন্যায় লাগে মাথোঁ । আমাৰো একেই কথা ,, ৰাজনীতি, সমাজনীতি, পাক লগা আইনী ব্যৱস্থা একো বুজি নাপাওঁ .. জুবিন গাৰ্গৰ ভাষাৰেই চিধা কথা ১৯ ছেপ্টেম্বৰত কি হৈছিল, কি ঘটিছিল সেইয়াই জানিব লাগে.. আমাৰ প্ৰাণৰ মানুহজনক আমি কিয় হেৰুৱালোঁ ? আমাক এতিয়া মাথো দোষীৰ শাস্তিৰে ন্যায় লাগে । অকণমানো ৰেহাই গ্ৰহণযোগ্য নহʼব ।
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ঘোষণা মতেই হত্যাই যদি হয়, বিশেষ SIT দলৰ তদন্ত মতে হত্যাৰ ধাৰা লাগি থকা মূল অপৰাধী কেইটাৰ ৰেহাই কোনোপধ্যে হ’ব নোৱাৰে । কিন্তু এজনী মূল হত্যাকাৰী প্ৰথমেই মুকলি আকাশৰ তললৈ আহি দপদপাই ঘূৰি ফুৰিছে ।
অতদিনে বহুত ধৈৰ্য্য ধৰি সকলোৱে শান্তিৰে বাট চাই আছিলে.. অশান্তিকৰ একো পৰিস্থিতিয়েই সৃষ্টি হোৱা নাছিল । মনে প্ৰাণে বিশ্বাস আছিল যে অপৰাধী দানৱ কেইটাৰ বাহিৰে বাকী প্ৰতিজন অসমীয়াই জুবিনক ভালপায় আৰু জুবিনৰ বাবেই সকলো কৰিব ।কিন্তু, যেতিয়া বিশ্বাস ভগাৰ উপক্ৰম হয়, যেতিয়া অন্যায় হোৱাৰ সংশয় আহে.. মানুহৰ মনলে প্ৰতিবাদ আহিবই । এইয়া প্ৰতিজন অসমীয়াৰ মনৰ সংশয় –” যে আমাৰ আস্থাত আঘাত হানিছে” ।
প্ৰতিবাদৰ ভাষাও শুনিব লাগিব.. আৰু যদি সকলো সঠিক পথত আছে, তেন্তে সময়ে সময়ে একো সলনি নোহোৱাকৈ ন্যায় নিশ্চিত কৰক । প্ৰতিজন দোষীয়ে অপৰাধীৰ দৰেই কঠোৰ শাস্তি আৰু ব্যৱহাৰ পাওক.. ন্যায় বিচৰা সাধাৰণ ৰাইজে নহয় ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















