• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

2 hours ago
ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

9 minutes ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

53 minutes ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

2 hours ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

15 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

15 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

16 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

16 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

17 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

18 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

18 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

19 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

বিস্ফোৰণৰ পিছতে নিলম্বিত আৰক্ষী বিষয়া, কিন্তু কিয়?

editor by editor
October 24, 2026
in অপৰাধ, ভাৰত, লেখা
0
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু
0
SHARES
31
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰৰ ছিৱান জিলাৰ জামো থানাৰ অন্তৰ্গত আলমাপুৰ গাঁৱত অৱস্থিত এটা ঘৰত ফটকা নিৰ্মাণ কৰি থকা অৱস্থাত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। এই দুৰ্ঘটনাত এতিয়ালৈকে পাঁচজন লোকৰ মৃ*ত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছে। বিস্ফোৰণৰ ফলত ঘৰটোৰ এটা বৃহৎ অংশ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ ধ্বংসাৱশেষত পৰিণত হয়। ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়।

বিস্ফোৰণৰ ভয়ংকৰ দৃশ্যৰ বৰ্ণনা কৰি এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, “ইয়াত কাৰোবাৰ হাত পৰি আছিল, আন ঠাইত কাৰোবাৰ ভৰি। ধ্বংসাৱশেষৰ মাজত মৃ*তদেহ পৰি আছিল। আমি জীৱনত কেতিয়াও এনে দৃশ্য দেখা নাই।” ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ছিৱানৰ জিলা দণ্ডাধীশ বিজয় প্ৰকাশ মীনা আৰু আৰক্ষী অধীক্ষক ভাৰত ছোনীয়েও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

প্ৰাপ্ত তথ্য অনুসৰি, আলমাপুৰ গাঁৱৰ আমিৰুদ্দিনৰ ঘৰত ফটকা নিৰ্মাণৰ কাম চলি আছিল। সেই সময়তে হঠাৎ এক শক্তিশালী বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ শব্দ বহু দূৰলৈ শুনা যায় আৰু ঘৰটোৰ এটা বৃহৎ অংশ ভাঙি পৰে। বিস্ফোৰণৰ শব্দ শুনি ওচৰ-পাঁজৰৰ লোক ঘটনাস্থলীলৈ দৌৰি আহে। তাৰ পিছতে আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰত্যক্ষদৰ্শীৰ মতে, বিস্ফোৰণৰ পিছত ঘটনাস্থলীত অতি কৰুণ আৰু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ঘৰৰ ধ্বংসাৱশেষৰ মাজত মৃ*তদেহ আৰু শৰীৰৰ বিভিন্ন অংগ সিঁচৰতি হৈ পৰি আছিল। বিস্ফোৰণৰ তীব্ৰতা ইমানেই বেছি আছিল যে ঘৰটোৰ যথেষ্ট ক্ষতিসাধন হয়।

প্ৰশাসনৰ তথ্য অনুসৰি, দুৰ্ঘটনাটোত প্ৰথমে তিনিজন লোকৰ মৃ*ত্যু হোৱা বুলি নিশ্চিত কৰা হৈছিল। পৰৱৰ্তী সময়ত মৃ*তকৰ সংখ্যা বৃদ্ধি পাই পাঁচজন হয়। ঘটনাৰ সময়ত ঘৰটোত কিমানজন লোক উপস্থিত আছিল আৰু কিমানজন আহত হৈছে, সেই সন্দৰ্ভত প্ৰশাসনে তথ্য সংগ্ৰহ কৰি আছে।

ইফালে, আৰক্ষী অধীক্ষক ভাৰত ছোনীয়ে কয় যে স্থানীয় বাসিন্দাৰ পৰা লাভ কৰা তথ্য অনুসৰি, বিস্ফোৰণৰ সময়ত ঘৰটোত সাতজন লোক উপস্থিত আছিল। অৱশ্যে, ঘটনাৰ সৈতে জড়িত সকলো তথ্য পৰীক্ষা কৰি থকা হৈছে। আহত লোকসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনাস্থলীত উদ্ধাৰ অভিযান চলোৱা হয়। এই দুৰ্ঘটনাই গাঁওখনৰ বহু পৰিয়াললৈ গভীৰ শোক কঢ়িয়াই আনিছে।

ঘটনাৰ পিছতে আৰক্ষী বিভাগে ব্যৱস্থা গ্ৰহণ কৰি জামো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰাজ কুমাৰ আৰু চৌকিদাৰ চন্দ্ৰিকা মাঝিক নিলম্বন কৰে।গোটেই ঘটনাটোৰ তদন্তৰ বাবে মহাৰাজগঞ্জৰ এছডিপিঅ’ অমনৰ নেতৃত্বত এটা তদন্তকাৰী দল গঠন কৰা হৈছে। আৰক্ষী অধীক্ষক আৰু জিলা দণ্ডাধীশে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তদন্তৰ অগ্ৰগতিৰ বিষয়ে খবৰ লয়।

ঘৰটোত ফটকা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অনুমতি লোৱা হৈছিল নে নাই, সেই বিষয়েও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ফটকা নিৰ্মাণৰ অনুজ্ঞাপত্ৰ আৰু অন্যান্য নথি-পত্ৰ পৰীক্ষা কৰাৰ পিছতহে এই সন্দৰ্ভত স্পষ্ট তথ্য পোহৰলৈ আহিব।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া
বিনোদন

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

October 24, 2026
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা
জীৱনশৈলী

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

October 24, 2026
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি
জীৱনশৈলী

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

October 24, 2026
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
Next Post
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

ৰজনীকান্তৰ 'জেইলৰ ২'ত ৩ অসমীয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.