ঝাৰখণ্ডৰ কবিতা কুমাৰীৰ চৰকাৰী চাকৰি লাভৰ সপোনক লৈ শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে। শাড়ী পিন্ধি খালী ভৰিৰে দৌৰি সামাজিক মাধ্যমত চৰ্চালৈ অহা কবিতাই হোমগাৰ্ড নিযুক্তিৰ শাৰীৰিক পৰীক্ষাত ১,৬০০ মিটাৰ দৌৰ সফলতাৰে অতিক্ৰম কৰিছিল যদিও হাই জাম্প বিফল হোৱাৰ বাবে তেওঁক অসফল ঘোষণা কৰা হৈছে।
ঝাৰখণ্ডৰ ৰামগড় জিলাৰ দুলমি ব্লকৰ ছোছো গাঁৱৰ বাসিন্দা কবিতা কুমাৰীৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। আৰ্থিক অভাৱৰ বাবে দৌৰাৰ বাবে প্ৰয়োজনীয় জোতা আৰু উপযুক্ত পোছাক কিনিব নোৱাৰা কবিতাই শাড়ী পিন্ধি খালী ভৰিৰে দৌৰিছিল। তেওঁৰ দৌৰৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত বহু লোকে তেওঁৰ সাহস আৰু পৰিশ্ৰমৰ প্ৰশংসা কৰিছিল।
কিন্তু সামাজিক মাধ্যমত ভাইৰেল হোৱা সেই দৌৰ আছিল প্ৰস্তুতিমূলক ট্ৰায়েল। প্ৰকৃত হোমগাৰ্ড নিযুক্তিৰ শাৰীৰিক পৰীক্ষাত সফল হোৱাটোহে আছিল তেওঁৰ মূল লক্ষ্য। প্ৰকৃত পৰীক্ষাত কবিতাই ১,৬০০ মিটাৰ দৌৰ ৮ মিনিট ৫৭ ছেকেণ্ডত সম্পূৰ্ণ কৰে। মহিলাৰ বাবে নিৰ্ধাৰিত ১০ মিনিটৰ সময়সীমাৰ ভিতৰত দৌৰ সম্পূৰ্ণ কৰি তেওঁ এই পৰ্যায়ত সফল হৈছিল।
দৌৰৰ পৰীক্ষাত সফল হোৱাৰ পাছত কবিতাৰ সন্মুখত আছিল আন এটা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান সেয়া হৈছে হাই জাম্প। নিযুক্তিৰ শাৰীৰিক পৰীক্ষাৰ নিয়ম অনুসৰি, নিৰ্ধাৰিত উচ্চতা অতিক্ৰম কৰিবলৈ তেওঁক তিনিটা সুযোগ দিয়া হৈছিল। কিন্তু তিনিওটা প্ৰচেষ্টাতে কবিতাই নিৰ্ধাৰিত উচ্চতা অতিক্ৰম কৰিব নোৱাৰিলে।
ফলত তেওঁক শাৰীৰিক পৰীক্ষাৰ এই পৰ্যায়ত অসফল ঘোষণা কৰা হয় আৰু পৰৱৰ্তী প্ৰতিযোগিতাৰ পৰা বাদ দিয়া হয়। অৰ্থাৎ, দৌৰত সফল হ’লেও হাই জাম্পত বিফল হোৱাৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়াত তেওঁৰ চাকৰি লাভৰ সুযোগ শেষ হোৱা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
কবিতাৰ কাহিনী কেৱল দৌৰ প্ৰতিযোগিতাত সফলতা বা বিফলতাৰ কাহিনী নহয়। ইয়াৰ আঁৰত আছে আৰ্থিক সংকট আৰু পৰিয়ালৰ দায়িত্ব বহন কৰাৰ এক কঠিন সংগ্ৰাম। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, কবিতা দুটা সন্তানৰ মাতৃ আৰু স্বামীহাৰা মহিলা। স্বামীৰ মৃত্যুৰ পাছত তেওঁৰ ওপৰত দুটা সন্তানৰ লগতে বৃদ্ধ শহুৰ-শাহুৰ দায়িত্বও আহি পৰিছে। পৰিয়ালৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ লগতে সন্তান দুটাৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ আশাত তেওঁ হোমগাৰ্ডৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাইছিল।
অৰ্থনৈতিক অসুবিধাৰ মাজতো তেওঁ নিয়মীয়াকৈ দৌৰৰ অনুশীলন কৰিছিল। জোতা আৰু উপযুক্ত ক্ৰীড়া-পোছাকৰ অভাৱৰ বাবে শাড়ী পিন্ধি খালী ভৰিৰে দৌৰা দৃশ্যই বহু লোকৰ সহানুভূতি আৰু সমৰ্থন লাভ কৰিছিল। বিভিন্ন প্ৰতিবেদন অনুসৰি, কবিতাৰ শাৰীৰিক পৰীক্ষাৰ দিনা প্ৰায় ৯৩০গৰাকী মহিলা প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।
এই নিযুক্তি প্ৰক্ৰিয়াত কেৱল দৌৰ সম্পূৰ্ণ কৰাটোৱেই যথেষ্ট নাছিল। নিৰ্ধাৰিত আন শাৰীৰিক পৰীক্ষাসমূহতো সফল হোৱাটো প্ৰয়োজনীয় আছিল। কবিতাই দৌৰত নিজৰ সামৰ্থ্য প্ৰমাণ কৰিবলৈ সক্ষম হ’লেও হাই জাম্পত বিফল হোৱাৰ ফলত তেওঁ আগবাঢ়িব নোৱাৰিলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















