কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে ২০২৬ চনৰ জুলাই মাহৰ মৰগীয়া বানচ (DA) বৃদ্ধিৰ ঘোষণালৈ অপেক্ষা কৰি আছে। ১৪ অক্টোবৰৰ কেবিনেট বৈঠকত এই সন্দৰ্ভত কোনো ঘোষণা কৰা হোৱা নাছিল। এতিয়া ২৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত চৰকাৰে DA বৃদ্ধিৰ বিষয়ে সিদ্ধান্ত ঘোষণা কৰে নেকি, তাৰ ওপৰত কৰ্মচাৰীসকলৰ দৃষ্টি নিবদ্ধ হৈ আছে।
DA ৩ শতাংশ বৃদ্ধি হ’লে দৰমহা কিমান বাঢ়িব?
ধৰি লওক, এজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮,০০০ টকা। বৰ্তমান ৬০ শতাংশ ডি এ অনুসৰি তেওঁ প্ৰতিমাহে ১০,৮০০ টকা লাভ কৰে। যদি চৰকাৰে DA ৩ শতাংশ বৃদ্ধি কৰে, তেন্তে নতুন হাৰ হ’ব ৬৩ শতাংশ।
এই হিচাপ অনুসৰি—
মৌলিক দৰমহা: ১৮,০০০ টকা
বৰ্তমানৰ DA (৬০%): ১০,৮০০ টকা
নতুন DA (৬৩%): ১১,৩৪০ টকা
প্ৰতিমাহে অতিৰিক্ত লাভ: ৫৪০ টকা। অৰ্থাৎ, ডি এ ৩ শতাংশ বৃদ্ধি পালে ১৮,০০০ টকা মৌলিক দৰমহা পোৱা কৰ্মচাৰীজনৰ মাহিলী ডি এ ৫৪০ টকা বৃদ্ধি পাব।
DA ৪ শতাংশ বৃদ্ধি হ’লে কিমান টকা বাঢ়িব?
যদি চৰকাৰে DA ৪ শতাংশ বৃদ্ধি কৰে, তেন্তে বৰ্তমানৰ ৬০ শতাংশৰ পৰা এই হাৰ ৬৪ শতাংশলৈ বৃদ্ধি পাব। সেই অনুসৰি, ১৮,০০০ টকা মৌলিক দৰমহা পোৱা কৰ্মচাৰীজনৰ হিচাপ হ’ব এনেধৰণৰ—
মৌলিক দৰমহা: ১৮,০০০ টকা
বৰ্তমানৰ DA (৬০%): ১০,৮০০ টকা
নতুন DA (৬৪%): ১১,৫২০ টকা
প্ৰতিমাহে অতিৰিক্ত লাভ: ৭২০ টকা
অৰ্থাৎ, ডি এ ৪ শতাংশ বৃদ্ধি পালে কৰ্মচাৰীজনৰ মাহিলী ডি এ ৭২০ টকা বৃদ্ধি পাব। মন কৰিবলগীয়া যে এই হিচাপসমূহ কেৱল উদাহৰণস্বৰূপে দিয়া হৈছে। কৰ্মচাৰীৰ মৌলিক দৰমহা অনুসৰি প্ৰকৃত অতিৰিক্ত ধনৰ পৰিমাণ বেলেগ হ’ব।
১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব পাৰে নতুন DA। চৰকাৰে জুলাই মাহৰ DA বৃদ্ধিত অনুমোদন জনালে, নিয়ম অনুসৰি ১ জুলাই, ২০২৬ৰ পৰা পূৰ্বৰ তাৰিখৰ ভিত্তিত এই বৃদ্ধি কাৰ্যকৰী হ’ব পাৰে। তেনে ক্ষেত্ৰত যোগ্য কৰ্মচাৰীসকলে বকেয়া ধন লাভ কৰাৰো সম্ভাৱনা থাকিব। সেয়েহে, ২৮ অক্টোবৰৰ কেবিনেট বৈঠকত DA বৃদ্ধিৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হয় নেকি, এতিয়া সেয়াই লক্ষণীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















