বংগোপসাগৰত সৃষ্টি হোৱা ‘অৰ্ণৱ’ (Arnab) ঘূৰ্ণি বতাহে ক্ৰমাৎ শক্তিশালী ৰূপ ধাৰণ কৰিছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ (IMD) শেহতীয়া তথ্য অনুসৰি, ঘূৰ্ণি বতাহ অৰ্ণৱে ইতিমধ্যে অতি শক্তিশালী ৰূপ লৈছে। এই ঘূৰ্ণি বতাহে বুধবাৰে পুৱা অন্ধ্ৰ প্ৰদেশৰ উপকূলত খুন্দা মৰাৰ আশংকা আছে। ইয়াৰ ফলত অন্ধ্ৰ প্ৰদেশৰ লগতে ওড়িশাৰ কিছু অঞ্চলত ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড বতাহৰ আশংকা কৰা হৈছে।
আজি পুৱা ৫.৩০ বজাত অৰ্ণৱে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ পৰা প্ৰায় ২৬০ কিলোমিটাৰ দক্ষিণ-পূব দিশত অৱস্থান কৰিছিল। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি, ২৮ অক্টোবৰৰ পুৱা অন্ধ্ৰ প্ৰদেশৰ বাপটলা আৰু বিশাখাপট্টনমৰ মাজৰ উপকূলীয় অঞ্চলত, ইয়ানামৰ ওচৰত, অৰ্ণৱ ঘূৰ্ণি বতাহে স্থলভাগত প্ৰৱেশ কৰাৰ আশংকা আছে।
সেই সময়ত বতাহৰ গতিবেগ ঘণ্টাত ১১৫ৰ পৰা ১২৫ কিলোমিটাৰ হ’ব পাৰে। কোনো কোনো সময়ত বতাহৰ জোকাৰণিৰ গতিবেগ ঘণ্টাত ১৪০ কিলোমিটাৰ পৰ্যন্ত হোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে তামিলনাডুৰ বিভিন্ন অঞ্চলত সাগৰৰ ঢৌৰ উচ্চতা যথেষ্ট যথেষ্ট বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে।
অৰ্ণৱ ঘূৰ্ণি বতাহৰ ফলত অন্ধ্ৰ প্ৰদেশৰ উপকূলীয় অঞ্চল আৰু দক্ষিণ ওড়িশাত প্ৰচণ্ড বৰষুণৰ আশংকা কৰা হৈছে। বিশেষকৈ অন্ধ্ৰ প্ৰদেশৰ কেইবাখনো জিলাত অতি ধাৰাসাৰ বৰষুণ হ’ব পাৰে। ইয়াৰ উপৰি, বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি, ঘূৰ্ণি বতাহৰ অৱশিষ্ট প্ৰভাৱৰ ফলত তেলেংগানা, ছত্তীশগড়, বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পূব অংশতো বৰষুণৰ পৰিমাণ বৃদ্ধি পাব পাৰে।
ঘূৰ্ণি বতাহৰ সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাৰ প্ৰশাসন সতৰ্ক হৈ আছে। বিপদাশংকা থকা অঞ্চলৰ লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা বাহিনীকো সাজু কৰি ৰখা হৈছে। সমুদ্ৰ উফন্দি উঠাৰ পৰিপ্ৰেক্ষিতত মাছমৰীয়াসকলক ২৯ অক্টোবৰলৈকে বংগোপসাগৰৰ বিপদসংকুল অঞ্চললৈ মাছ ধৰিবলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে।
আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰাৰম্ভিক তথ্য অনুসৰি এই সাগৰীয় ঘূৰ্ণি বতাহৰ পৰোক্ষ প্ৰভাৱ অসমত পৰাৰ আশংকা কম আছে। অৱশ্যে অসমৰ কোনো কোনো অঞ্চলত পাতলীয়া বৰষুণ পৰাৰ সম্ভাৱনা নথকা নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















