এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। আজি পুৱা এখন তীব্ৰবেগী ৰে’লক আন এখন তীব্ৰবেগী ৰে’লে পিছফালৰ পৰা খুন্দাৰ ফলত এই পৰ্যন্ত ৩৯ জন লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধিৰ আশংকা আছে। অৱশ্যে মৃত্যুৰ সংখ্যা এতিয়াও নিশ্চিত হোৱা নাই, ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে স্পেইনৰ টলেডো প্ৰদেশত।
কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনা?
প্ৰাথমিক তথ্য অনুসৰি, স্পেইনৰ মাদ্ৰিদৰ পৰা ছেভিল অভিমুখে গৈ থকা দুখন তীব্ৰবেগী ৰে’লৰ মাজত এই সংঘৰ্ষ ঘটে। টলেডো প্ৰদেশৰ লছ য়েবেনেছ আৰু উৰ্দাৰ মাজত মাদ্ৰিদ-আন্দালুছিয়া হাই-স্পীড ৰে’লপথৰ ১১৯.৭ কিলোমিটাৰ অংশত পুৱা প্ৰায় ৮ বাজি ৫৪ মিনিটত দুৰ্ঘটনাটো সংঘটিত হয়। খবৰ অনুসৰি, আগত গৈ থকা Iryo ৰে’লখনৰ পিছফালে আহি খুন্দা মাৰে Renfe AVE নামৰ আন এখন ৰে’লে। সংঘৰ্ষৰ ফলত Iryo ৰে’লখনৰ দুটা ডবা লাইনচ্যুত হৈ ওচৰৰ এটা দ’খাৱৈত বাগৰি পৰে। দুয়োখন ৰে’লত প্ৰায় ৫০০জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।
উদ্ধাৰ অভিযান অব্যাহত
দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনী, অসামৰিক সুৰক্ষা বিভাগৰ কৰ্মী আৰু চিকিৎসা কৰ্মীসকলে উদ্ধাৰ অভিযান চলাই আছে। আহতসকলক চিকিৎসালয়লৈ নিয়াৰ বাবে তিনিখন এয়াৰ এম্বুলেঞ্চ আৰু দুটা ICU ইউনিট ব্যৱহাৰ কৰা হৈছে। দুৰ্ঘটনাৰ পিছতে মাদ্ৰিদ, ছিউদাদ ৰিয়েল আৰু আন্দালুছিয়াৰ মাজৰ ৰে’ল চলাচল সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে।
প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজৰ প্ৰতিক্ৰিয়া
স্পেইনৰ ৰে’ল আন্তঃগাঁথনি পৰিচালনা সংস্থা ADIF-এ দুৰ্ঘটনাৰ কথা নিশ্চিত কৰিছে। দেশখনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰখাৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে।
মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা
দুৰ্ঘটনাটোৰ পিছত মৃতকৰ সংখ্যাক লৈ বিভিন্ন প্ৰতিবেদন প্ৰকাশ পাইছে। চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশিত প্ৰাৰম্ভিক খবৰ অনুসৰি, কমেও ১০জন লোকৰ মৃত্যুৰ তথ্য নিশ্চিত কৰা হৈছিল। আনহাতে, El Español-কে ধৰি কিছুমান সংবাদ মাধ্যম আৰু জৰুৰীকালীন সেৱাৰ সূত্ৰই মৃতকৰ সংখ্যা ৩৯জন বা তাতকৈ অধিক হ’ব পাৰে বুলি প্ৰকাশ কৰিছে। উদ্ধাৰ অভিযান অব্যাহত থকাৰ বাবে হতাহত লোকৰ প্ৰকৃত সংখ্যা নিশ্চিত হ’বলৈ এতিয়াও বাকী আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















