গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ চলাচল কৰা নৈশবাছ ‘আইদেউজান’ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। যোৱানিশা বাছখনৰ যাত্ৰাৰ সময়ত সংঘটিত এক ঘটনাই সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। বাছখনৰ মালিক, চালক আৰু হেণ্ডিমেনে দেখুওৱা মানৱীয়তাই সকলোৰে প্ৰশংসা বুটলিছে। জানিব পৰা মতে, যোৱানিশা গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা অৱস্থাত কাজিৰঙাৰ সমীপৰ জখলাবন্ধাত বাছখনৰ ভিতৰতে এগৰাকী মহিলাই এটি কন্যা সন্তান জন্ম দিয়ে। চলন্ত বাছতে প্ৰসৱৰ দৰে জৰুৰী পৰিস্থিতিৰ সৃষ্টি হোৱাত বাছখনৰ কৰ্মচাৰীসকলে তৎপৰতাৰে পৰিস্থিতিৰ মোকাবিলা কৰে।
প্ৰসূতিৰ সহায়ৰ বাবে আগবাঢ়ি আহিল বাছৰ কৰ্মচাৰী
বাছখনত যাত্ৰী ভৰ্তি হৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। এনে পৰিস্থিতিত বাছখন ৰখাই পুৰুষ যাত্ৰীসকলক নমাই দি প্ৰসূতি মহিলাগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহে বাছখনৰ কৰ্মচাৰীসকল। বাছখনৰ চালক বাবুল বৰপাত্ৰ, ৰাকিব আহমেদ, চাহাবুদ্দিনসহ পৰিচালনাৰ সৈতে জড়িত চাৰিজনীয়া দলটোৱে মহিলাগৰাকীক পাৰ্যমানে প্ৰয়োজনীয় সহায় আগবঢ়ায়। তেওঁলোকৰ তৎপৰতাৰ মাজতে বাছখনৰ ভিতৰতে এটি সুস্থ কন্যা সন্তানৰ জন্ম হয়।
মাতৃ আৰু নৱজাতকক চিকিৎসালয়লৈ পঠিওৱাৰ ব্যৱস্থা
সন্তান জন্ম দিয়াৰ পিছত মাতৃ আৰু নৱজাতকক প্ৰাৰম্ভিক সহায় আগবঢ়োৱাৰ লগতে তেওঁলোকক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থাও কৰে বাছখনৰ কৰ্মচাৰীসকলে। এম্বুলেন্সৰ সহায়ত প্ৰসূতি মহিলাগৰাকীক নিকটৱৰ্তী চিকিৎসালয়লৈ ততাতৈয়াকৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয়। ঘটনাটো মাজনিশা সংঘটিত হৈছিল। এনে জৰুৰী সময়ত পৰিয়ালটোৱে যাতে চিকিৎসাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বাছখনৰ মালিকেও পৰিয়ালটোক ৫,০০০ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।
নামৰ দৰেই মানৱীয়তাৰ পৰিচয় দিলে ‘আইদেউজানে’
বাছখনৰ কৰ্মচাৰী আৰু মালিকৰ এই পদক্ষেপে মানৱীয়তা আৰু সহমৰ্মিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। কেৱল যাত্ৰীক গন্তব্যস্থানলৈ লৈ যোৱাই নহয়, বিপদৰ সময়ত এগৰাকী মাতৃ আৰু তেওঁৰ নৱজাতকৰ কাষত থিয় দি তেওঁলোকে নিজৰ দায়িত্ববোধৰ পৰিচয় দিছে। ‘আইদেউজান’ নামৰ বাছখনে যেন এই ঘটনাৰ জৰিয়তে নামটোৰো এক বিশেষ সাৰ্থকতা প্ৰতিপন্ন কৰিলে। এগৰাকী মাতৃৰ প্ৰসৱৰ সময়ত সহায়ৰ হাত আগবঢ়াই বাছখনৰ কৰ্মচাৰীসকলে প্ৰমাণ কৰিলে যে মানৱীয়তাৰ কোনো নিৰ্দিষ্ট সময় বা সীমা নাথাকে। এই ঘটনাই পুনৰ এবাৰ দেখুৱাই দিলে যে সংকটৰ মুহূৰ্তত অলপ সহায়, সহমৰ্মিতা আৰু তৎপৰতাই কাৰোবাৰ জীৱনত কিমান ডাঙৰ ভূমিকা পালন কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















