কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে সুখবৰ। ডিয়াৰনেছ এলাৱেন্স (DA) আৰু ডিয়াৰনেছ ৰিলিফ (DR) বৃদ্ধিৰ বাবে অপেক্ষা কৰি থকা কৰ্মচাৰী-পেঞ্চনাৰসকলক সকাহ দি কেন্দ্ৰীয় চৰকাৰে ৩ শতাংশ বৃদ্ধিৰ অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা ঘোষণা কৰে। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত দেশৰ প্ৰায় ৪৮ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৮ লাখ পেঞ্চনাৰ উপকৃত হ’ব। দীপাৱলীৰ পূৰ্বে চৰকাৰৰ এই সিদ্ধান্তই কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক আৰ্থিকভাৱে সকাহ দিব বুলি আশা কৰা হৈছে।
৩% বৃদ্ধি পালে কিমান হ’ব নতুন হাৰ?
সপ্তম দৰমহা আয়োগৰ অধীনত থকা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিয়াৰনেছ এলাৱেন্স (DA) ৬০ শতাংশৰ পৰা ৬৩ শতাংশলৈ বৃদ্ধি পাব। একেদৰে পেঞ্চনাৰসকলৰ ডিয়াৰনেছ ৰিলিফ (DR)ৰ হাৰো ৩ শতাংশ বৃদ্ধি কৰা হৈছে। এই বৰ্ধিত হাৰ ২০২৬ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব। অৰ্থাৎ, যোগ্য কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জুলাই মাহৰ পৰা বৰ্ধিত হাৰৰ সুবিধা লাভ কৰিব। লগতে জুলাইৰ পৰা অক্টোবৰলৈকে প্ৰাপ্য বকেয়া ধনো লাভ কৰিব। চৰকাৰৰ এই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ প্ৰায় ১০,০১৬ কোটি টকা ব্যয় হ’ব বুলি জানিব পৰা গৈছে।
কাৰ কিমান বাঢ়িব দৰমহা?
DA আৰু DR ৩ শতাংশ বৃদ্ধি পোৱাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কিমান অতিৰিক্ত ধন লাভ কৰিব, সেই বিষয়ে জানি লওক।
১৮,০০০ টকা মৌলিক দৰমহা পোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত
যদি এজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মাহিলী মৌলিক দৰমহা ১৮,০০০ টকা হয়, তেন্তে ৬০ শতাংশ DA অনুসৰি তেওঁ বৰ্তমান ১০,৮০০ টকা লাভ কৰি আছিল। এতিয়া DA ৬৩ শতাংশ হোৱাত তেওঁ লাভ কৰিব ১১,৩৪০ টকা।
উদাহৰণস্বৰূপে-
মৌলিক দৰমহা: ১৮,০০০ টকা
পুৰণি DA (৬০%): ১০,৮০০ টকা
নতুন DA (৬৩%): ১১,৩৪০ টকা
মাহিলী অতিৰিক্ত লাভ: ৫৪০ টকা
অৰ্থাৎ, এই কৰ্মচাৰীজনে প্ৰতিমাহে ৫৪০ টকা অধিক DA লাভ কৰিব।
৯,০০০ টকা মৌলিক পেঞ্চন পোৱা পেঞ্চনাৰৰ ক্ষেত্ৰত
এজন পেঞ্চনাৰৰ মাহিলী মৌলিক পেঞ্চন ৯,০০০ টকা হ’লে ৬০ শতাংশ DR অনুসৰি তেওঁ বৰ্তমান ৫,৪০০ টকা লাভ কৰি আছিল। এতিয়া DR ৬৩ শতাংশ হোৱাত এই পৰিমাণ ৫,৬৭০ টকালৈ বৃদ্ধি পাব।
মন কৰিবলগীয়া যে DA আৰু DRৰ পৰা লাভ কৰা অতিৰিক্ত ধনৰ পৰিমাণ প্ৰতিগৰাকী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৌলিক দৰমহা বা মৌলিক পেঞ্চনৰ ওপৰত নিৰ্ভৰ কৰিব। ষষ্ঠ আৰু পঞ্চম দৰমহা আয়োগৰ কৰ্মচাৰীসকলৰ বাবেও আছে সুখবৰ। কেৱল সপ্তম দৰমহা আয়োগৰ অধীনত থকা কৰ্মচাৰীসকলেই নহয়, ষষ্ঠ আৰু পঞ্চম দৰমহা আয়োগৰ দৰমহা গাঁথনিৰ অধীনত থকা কৰ্মচাৰীসকলৰ DA বৃদ্ধিৰ ক্ষেত্ৰতো অনুমোদন জনোৱা হৈছে।
নতুন হাৰসমূহ তলত উল্লেখ কৰা ধৰণৰ—
সপ্তম দৰমহা আয়োগ: DA ৬০ শতাংশৰ পৰা ৬৩ শতাংশলৈ বৃদ্ধি।
ষষ্ঠ দৰমহা আয়োগ: DA ২৬২ শতাংশৰ পৰা ২৬৯ শতাংশলৈ বৃদ্ধি।
পঞ্চম দৰমহা আয়োগ: DA ৪৮৩ শতাংশৰ পৰা ৪৯৭ শতাংশলৈ বৃদ্ধি।
এই বৃদ্ধিও ২০২৬ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















