এখন পুৰীৰ দোকানত এজন গ্ৰাহকে পুৰীৰ সৈতে অতিৰিক্ত চবজি বিচৰাটোৱে যেন কাল হ’ল। গ্ৰাহকজনে অতিৰিক্ত চবজি বিচৰাত খঙত অগ্নিশৰ্মা হৈ পৰে দোকানীজন। কেৱল ইয়াতে ক্ষান্ত নাথাকি দোকানীজনে গ্ৰাহকজনৰ ওপৰত দোকানখনৰ চুৰীৰে নিৰ্মমভাৱে আক্ৰমণ কৰে। ৰাজধানী দিল্লীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। খাদ্যৰ দোকানত অতিৰিক্ত চোলে বিচৰাক কেন্দ্ৰ কৰি হোৱা সামান্য বিবাদে ভয়ংকৰ ৰূপ ল’লে। অভিযোগ অনুসৰি, এজন খাদ্যৰ দোকানীয়ে ৩৫ বছৰীয়া গ্ৰাহকক বাৰে বাৰে ছু*ৰীৰে আঘাত কৰে। গুৰুতৰভাৱে আহত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অৱশেষত তেওঁৰ মৃ*ত্যু হয়। ইতিমধ্যে আৰক্ষীয়ে মূল অভিযুক্ত দোকানীজনক গ্ৰেপ্তাৰ কৰিছে।
নিহত লোকজনৰ নাম সন্দীপ। আৰক্ষীৰ তথ্য অনুসৰি, নি*হত সন্দীপৰ ঘৰ দিল্লীৰ নিহাল বিহাৰ অঞ্চলত। তেওঁ এটা ব্যক্তিগত কোম্পানীত চালক হিচাপে কৰ্মৰত আছিল সন্দীপ। দেওবাৰে নিশা বন্ধুবৰ্গৰ সৈতে তেওঁ জ্ৱালাপুৰীৰ দেওবাৰৰ বজাৰলৈ গৈছিল। সেই নিশা সন্দীপে বন্ধুসকলৰ সৈতে চোলে ভাটুৰে খোৱাৰ পিছত নিজৰ সৰু ল’ৰা-ছোৱালী দুটাৰ বাবে ঘৰলৈ নিবলৈ খাদ্য পেক কৰাইছিল। তেওঁৰ চাৰি বছৰীয়া পুত্ৰ আৰু দহ বছৰীয়া কন্যা সন্তান আছে। কিন্তু পেকেটত থকা চোলেৰ পৰিমাণ কম দেখা পাই সন্দীপে দোকানৰ মালিক চিন্তু গুপ্তাক আৰু কিছু চোলে দিবলৈ কয়। এই কথাক লৈ দুয়োৰে মাজত প্ৰথমে তৰ্কৰ সৃষ্টি হয়। পিছলৈ এই তৰ্কই ভয়ংকৰ কাজিয়াৰ ৰূপ লয়।
সাতবাৰ ছুৰীৰে আঘাত কৰাৰ অভিযোগ
অভিযোগ অনুসৰি, বিবাদৰ মাজতে দোকানৰ মালিক চিন্তু গুপ্তাই খঙৰ বশৱৰ্তী হৈ সন্দীপক ছুৰীৰে আক্ৰমণ কৰে। তেওঁ সন্দীপক মুঠ সাতবাৰ ছুৰীৰে আঘাত কৰে বুলি অভিযোগ উত্থাপন হৈছে। এই আক্ৰমণত সন্দীপ গুৰুতৰভাৱে আহত হয়। পুত্ৰৰ আক্ৰমণৰ খবৰ পাই তেওঁৰ পিতৃ ব্ৰজেশ সিং ঘটনাস্থলীত উপস্থিত হয়। তাত তেওঁ খাদ্যৰ দোকানখনৰ ওচৰত পুত্ৰক তেজেৰে তুমৰলি অৱস্থাত পৰি থকা দেখে। সংকটজনক অৱস্থাত সন্দীপক প্ৰথমে সঞ্জয় গান্ধী মেম’ৰিয়েল হাস্পতাললৈ লৈ যোৱা হয়। পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক পঞ্জাৱী বাগস্থিত মহাৰাজা আগৰসেন হাস্পতাললৈ স্থানান্তৰ কৰা হয়। কিন্তু চিকিৎসাধীন অৱস্থাতে বুধবাৰে তেওঁৰ মৃ*ত্যু হয়।
হ*ত্যাৰ গোচৰ ৰুজু, গ্ৰেপ্তাৰ মূল অভিযুক্ত
সন্দীপৰ মৃ*ত্যুৰ পিছতে আৰক্ষীয়ে ঘটনাটোক গুৰুত্বসহকাৰে লৈ পূৰ্বৰ গোচৰত হ*ত্যাৰ অভিযোগ সংযোজন কৰে। পশ্চিম বিহাৰ আৰক্ষীয়ে এই ঘটনাৰ মূল অভিযুক্ত চিন্তু গুপ্তাক গ্ৰেপ্তাৰ কৰিছে। আনহাতে, ঘটনাটোৰ সৈতে আন লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে নিহ*তৰ পৰিয়ালে। সন্দীপৰ পিতৃ ব্ৰজেশ সিঙে ঘটনাত আৰু ৫-৬জন লোক জড়িত থকা অভিযোগ প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















