নিজৰ মৰমৰ পোহনীয়া কুকুৰটো হেৰাই যোৱাৰ পিছত কুকুৰটোৰ সন্ধান দিওতাজনক প্ৰায় ৬ লাখ ৭২ হাজাৰ টকাৰে পুৰস্কৃত কৰা হব বুলি ঘোষণা কৰিছিল এজন লোকে। কিন্তু কুকুৰটো বিচাৰি পোৱাৰ আশা কৰোঁতেই তেওঁ সন্মুখীন হ’ল এক অদ্ভুত ঘটনাৰ। এজন অচিনাকি ব্যক্তিয়ে কুকুৰটো বিচাৰি পোৱাৰ দাবী কৰি পিঞ্জৰাত বন্দী অৱস্থাত থকা কুকুৰৰ এখন ফটো পঠিয়ালে। কিন্তু পিছত সেই ফটোখন কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি প্ৰস্তুত কৰা বুলি সন্দেহ কৰে কুকুৰটোৰ গৰাকীয়ে। এই ঘটনা সংঘটিত হৈছে অষ্ট্ৰেলিয়াত।
‘টাইমছ অব ইণ্ডিয়া’ত প্ৰকাশিত বাতৰি অনুসৰি, অষ্ট্ৰেলিয়াৰ পশ্চিম অষ্ট্ৰেলিয়াৰ বেলিংগাপ অঞ্চলৰ বাসিন্দা ৱেষ্টিন ৰুইটাৰৰ পোহনীয়া কুকুৰ বান্দি (Bundy) নিৰুদ্দেশ হৈছিল। মৰমৰ কুকুৰটোৰ সন্ধানত তেওঁ ছ’চিয়েল মিডিয়াত সহায় বিচাৰি পোষ্ট দিয়াৰ লগতে নিৰাপদে ঘূৰাই পালে ১০ হাজাৰ অষ্ট্ৰেলিয়ান ডলাৰ (প্ৰায় ৬.৭২ লাখ টকা) পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছিল।
বান্দিৰ সন্ধান অব্যাহত থকাৰ মাজতে এজন অচিনাকি ব্যক্তিয়ে ৰুইটাৰৰ সৈতে যোগাযোগ কৰে। ব্যক্তিজনে কুকুৰটো বিচাৰি পোৱা বুলি দাবী কৰি সাক্ষাৎ কৰাৰ প্ৰস্তাৱ দিয়ে। এই খবৰে স্বাভাৱিকতেই ৰুইটাৰক আশাবাদী কৰি তোলে। তেওঁ ভাবিছিল, অৱশেষত হয়তো নিজৰ মৰমৰ কুকুৰটোক ঘূৰাই পাব।
সেই অনুসৰি, পশ্চিম অষ্ট্ৰেলিয়াৰ বেলিংগাপৰ এখন সাধাৰণ দোকানৰ ওচৰত সাক্ষাৎ কৰাৰ কথা ঠিক কৰা হয়। কিন্তু নিৰ্ধাৰিত স্থানত কোনো লোক কুকুৰটো লৈ উপস্থিত নহ’ল। প্ৰায় এঘণ্টা ধৰি অপেক্ষা কৰাৰ পিছতো কুকুৰটোৰ কোনো সন্ধান নোপোৱাত ৰুইটাৰৰ মনত সন্দেহৰ সৃষ্টি হয়।
সাক্ষাৎ কৰিবলৈ কোনো লোক উপস্থিত নোহোৱাত ৰুইটাৰে অচিনাকি ব্যক্তিজনৰ পৰা কুকুৰটো বিচাৰি পোৱাৰ প্ৰমাণ বিচাৰে। ইয়াৰ পিছতে ব্যক্তিজনে তেওঁলৈ পিঞ্জৰাৰ ভিতৰত বন্দী হৈ থকা বান্দিৰ এখন ফটো প্ৰেৰণ কৰে। কিন্তু ফটোখন ভালদৰে পৰীক্ষা কৰি ৰুইটাৰে কিছুমান অস্বাভাৱিক কথা লক্ষ্য কৰে। তেওঁৰ মতে, ফটোখনত থকা কুকুৰটোৰ পানী বা খাদ্যৰ বাটিটো কৃত্ৰিম যেন লাগিছিল। আনহাতে, কুকুৰটোৰ মুখৰ সন্মুখত থকা পিঞ্জৰাৰ অংশটোও অস্পষ্ট আছিল।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ফটোখনৰ মূল ছবিখন তেওঁ আগতেই ফেচবুকত শ্বেয়াৰ কৰিছিল। তেওঁৰ সন্দেহ অনুসৰি, সেই মূল ফটোখনকে ব্যৱহাৰ কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত কুকুৰটোক পিঞ্জৰাৰ ভিতৰত থকা যেন দেখুওৱা হৈছিল। এই ঘটনাৰ পিছত অচিনাকি ব্যক্তিজনে আৰু কোনো উত্তৰ নিদিলে। ফলত কুকুৰটো বিচাৰি পোৱাৰ দাবী আৰু ফটোখনৰ সত্যতাক লৈ সন্দেহ অধিক গভীৰ হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















