মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ নলাচোপাৰা-পেলহাৰ অঞ্চলত এগৰাকী ১৫ বছৰীয়া কিশোৰীক ধ*ৰ্ষণ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুই ভাতৃক গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি, কিশোৰীগৰাকীক প্ৰথমে বিভিন্ন প্ৰলোভনেৰে নিজৰ প্ৰভাৱলৈ অনাৰ চেষ্টা কৰা হৈছিল। পৰৱৰ্তী সময়ত তেওঁৰ ফটো আৰু ভিডিঅ’ ব্যৱহাৰ কৰি ব্লেকমেইল কৰাৰ লগতে জোৰ-জবৰদস্তিৰে যৌ*ন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
৫ ঘণ্টা ধৰি নিৰ্যাতনৰ অভিযোগ
এজাহাৰত উল্লেখ কৰা অনুসৰি, ২৭ অক্টোবৰত পুৱা প্ৰায় ৭:৩০ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজাৰ ভিতৰত এই ঘটনা সংঘটিত হৈছিল। অভিযোগ অনুসৰি, গাভদেৱী মন্দিৰৰ সমীপত থকা এখন কাপোৰৰ দোকানৰ ভিতৰত কিশোৰীগৰাকীৰ সৈতে জোৰ-জবৰদস্তি কৰা হৈছিল। এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নাটিফ শ্বেইখ (২৪) আৰু তেওঁৰ ভাতৃ আৰবাজ শ্বেইখ (৩০)ৰ নাম পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, দুয়োজনে কিশোৰীগৰাকীক কেইবাঘণ্টা ধৰি আবদ্ধ কৰি ৰাখি বাৰে বাৰে ধ*ৰ্ষণ কৰিছিল।
ফটো-ভিডিঅ’ৰে ব্লেকমেইলৰো অভিযোগ
এজাহাৰ অনুসৰি, অভিযুক্তসকলে কিশোৰীগৰাকীৰ ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰিছিল। পিছত সেইবোৰ তেওঁৰ পৰিয়ালৰ লোকৰ ওচৰলৈ পঠিওৱা আৰু সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ ভাবুকি দি ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি, কিশোৰীগৰাকীক অভিযুক্তৰ ভায়েকৰ সৈতে যৌ*ন সম্পৰ্ক স্থাপন কৰিবলৈ হেঁচা দিয়াৰ অভিযোগো উত্থাপন হৈছে।
অভিনেতা-অভিনেত্ৰীৰ উদাহৰণ দি প্ৰলোভিত কৰাৰ অভিযোগ
ঘটনাটোৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে কিশোৰীগৰাকীক প্ৰলোভিত কৰাৰ বাবে বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ উদাহৰণ দিয়া বুলি উত্থাপিত অভিযোগ। কিশোৰীগৰাকীৰ সৈতে থানালৈ যোৱা এগৰাকী মহিলাৰ ভাষ্য অনুসৰি, অভিযুক্তই শ্বাহৰুখ খান আৰু গৌৰী খানৰ বিৱাহিত জীৱনৰ উদাহৰণ দিছিল। একেদৰে অভিনেত্ৰী সোনাক্ষী সিনহা আৰু জহিৰ ইকবালৰ বিৱাহৰ কথাও উল্লেখ কৰি তেওঁলোক সুখেৰে জীৱন কটোৱাৰ উদাহৰণ দিয়া হৈছিল বুলি অভিযোগ উঠিছে। অভিযোগ অনুসৰি, এইদৰে বিভিন্ন উদাহৰণ আৰু কথাৰ জৰিয়তে কিশোৰীগৰাকীৰ বিশ্বাস অৰ্জন কৰি তেওঁক নিজৰ প্ৰভাৱলৈ অনাৰ চেষ্টা কৰা হৈছিল।
POCSO আইনৰ অধীনত গোচৰ ৰুজু
ঘটনাটোৰ সন্দৰ্ভত ৩০ অক্টোবৰত পেলহাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয়। এজাহাৰ অনুসৰি, ভাৰতীয় ন্যায় সংহিতাৰ ৬৪(১), ৬৫(১), ৭০(২) আৰু ৩৫১(২) ধাৰাৰ লগতে POCSO Act, 2012-ৰ ৪ আৰু ৮ নং ধাৰা প্ৰয়োগ কৰা হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ লগতে দুয়ো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। কিশোৰীগৰাকীৰ সৈতে প্ৰকৃততে কি ঘটিছিল, আন কোনো লোক এই ঘটনাৰ সৈতে জড়িত আছে নেকি আৰু উত্থাপিত অভিযোগসমূহৰ সত্যতা কিমান, সেই সকলো দিশ তদন্তৰ জৰিয়তে নিৰ্ধাৰণ কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















