পুনৰ অসুস্থ হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। অসম জাতীয় বিদ্যালয়ৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ গৈছিল গৰিমা। কিন্তু চৌহদতে হঠাৎ অসুস্থ হৈ পৰা গৰিমা শইকীয়া গাৰ্গক প্ৰথমে প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। পৰৱৰ্তী সময়ত তেওঁক গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয়।
হঠাৎ অসুস্থ হৈ পৰা গৰিমা শইকীয়া গাৰ্গক লৈ উদ্বিগ্ন হৈ পৰিছে তেওঁৰ অনুৰাগী আৰু শুভাকাংক্ষীসকল। জানিব পৰা মতে, অসম জাতীয় বিদ্যালয়ৰ চৌহদতে অসুস্থ হৈ পৰাৰ লগে লগে তেওঁক বিদ্যালয়ৰ চৌহদতে প্ৰাথমিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হয়।
উল্লেখ্য যে, বৰ্তমান স্বাস্থ্যৰ উন্নতি ঘটিছে গৰিমা শইকীয়া গাৰ্গৰ। গৰিমা শইকীয়া গাৰ্গক বিশ্ৰামৰ পৰামৰ্শ চিকিৎসকৰ। নেমকেয়াৰ হাস্পতালৰ চিকিৎসকে প্ৰদান কৰে এই পৰামৰ্শ। গৰিমা শইকীয়া গাৰ্গৰ স্বাস্থ্যৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে এতিয়া অপেক্ষা কৰিছে তেওঁৰ অনুৰাগী আৰু শুভাকাংক্ষীসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















