এক হৃদয়বিদাৰক ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। একেটা পৰিয়ালৰ চাৰিজন সদস্যক নিৰ্মমভাৱে হত্যা কৰাৰ পিছত পৰিয়ালটোৰ মুৰব্বীজনে নিজেকে শেষ কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত।
সোমবাৰে ভূপালৰ ছোলা মন্দিৰ থানা এলেকাৰ মালিখেড়ীস্থিত এটা ঘৰৰ ভিতৰত উদ্ধাৰ হয় একেটা পৰিয়ালৰে চাৰিজন লোকৰ মৃ*তদেহ। মৃ*তকসকলৰ ভিতৰত আছে দুটা কণমানি শিশু, তেওঁলোকৰ মাতৃ আৰু বৃদ্ধা আইতাক। আনহাতে, পৰিয়ালৰ মুৰব্বী নৰেন্দ্ৰ চাহু (৩৫)ৰ মৃতদেহ শুকী চেভনিয়া থানা এলেকাৰ চোপড়া কলাত ৰে’লৱে ট্ৰেকত উদ্ধাৰ হয়।
আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, নৰেন্দ্ৰ চাহুৱে প্ৰথমে নিজৰ পৰিয়ালৰ চাৰি সদস্যক হ*ত্যা কৰে আৰু তাৰ পিছত ৰে’লৰ আগত পৰি নিজকে শেষ কৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃ*তদেহসমূহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনাত নিহত পত্নী সোমলতা চাহু (২৯), মাতৃ সৰস্বতী চাহু (৫০), কন্যা কৃতি চাহু (১০) আৰু পুত্ৰ খুশ চাহু (৬) বুলি চিনাক্ত কৰা হৈছে। একে পৰিয়ালৰ পাঁচজন লোকৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য আৰু প্ৰমাণ সংগ্ৰহ কৰিছে। ঘৰৰ ভিতৰৰ কোঠাসমূহত তেজৰ দাগ পোৱা গৈছে। প্ৰাথমিক তথ্য অনুসৰি, চাৰিওজন লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হ*ত্যা কৰা হৈছে। ইফালে, পৰিয়ালটোৰ মুৰব্বী নৰেন্দ্ৰ চাহুৰ মৃ*তদেহ চোপড়া কলাৰ ৰে’লৱে ট্ৰেকত উদ্ধাৰ হয়। আৰক্ষীয়ে মৃ*তদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ঋণৰ বোজাত ডুবি আছিল নৰেন্দ্ৰ সাহু
এই ভয়ংকৰ ঘটনাৰ আঁৰত আৰ্থিক সংকটৰ কথা পোহৰলৈ আহিছে। নৰেন্দ্ৰ চাহুৱে কেটাৰিং ব্যৱসায় কৰিছিল। তেওঁৰ এখন ৰেষ্টুৰেণ্টো আছিল যদিও কিছুদিন পূৰ্বে সেইটো বন্ধ হৈ পৰিছিল। পৰিয়ালৰ লোকৰ মতে, নৰেন্দ্ৰৰ ওপৰত যথেষ্ট ঋণ আছিল। বিগত প্ৰায় ১৫ দিন ধৰি পৰিয়ালটো আৰ্থিক সমস্যাৰ বাবে মানসিকভাৱে অশান্তিত আছিল। তেওঁ কাৰ পৰা ধন ঋণ লৈছিল আৰু ঋণৰ বাবে তেওঁৰ ওপৰত কিমান চাপ আছিল, সেই সম্পৰ্কে বৰ্তমানলৈকে স্পষ্ট তথ্য পোৱা হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















