ঝাৰখণ্ডৰ গমহাৰিয়া আৰক্ষী থানাৰ চৌহদৰ ভিতৰতে এগৰাকী মহিলাক ধ*ৰ্ষণ কৰাৰ অভিযোগক লৈ ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনাৰ তদন্তৰ মাজতে এগৰাকী উপ-পৰিদৰ্শক (SI) আৰু এগৰাকী কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে এই গোচৰত এজন আৰক্ষী কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছিল। ফলত এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা আৰক্ষীৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে। আনহাতে, কৰ্তব্যত অৱহেলা, সতৰ্কতাৰ অভাৱ আৰু আৰক্ষীৰ ভাবমূৰ্তি ম্লান কৰাৰ অভিযোগত মুঠ ১৫জন আৰক্ষী কৰ্মীক নিলম্বন কৰা হৈছে।
উল্লেখ্য যে, বিগত ২৯ অক্টোবৰৰ নিশা গমহাৰিয়া আৰক্ষী থানাৰ ভিতৰত এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। ঘটনাৰ পিছদিনাই ছাৰাইকেলা-খৰছাৱান জিলাৰ আৰক্ষী অধীক্ষক (SP) মনোজ স্বৰ্গীয়াৰ নিৰ্দেশত এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হয়। ছাৰাইকেলাৰ মহকুমা আৰক্ষী বিষয়া (SDPO)ৰ নেতৃত্বত দলটোৱে ঘটনাৰ তদন্ত অব্যাহত ৰাখে। তদন্তৰ সময়ত গমহাৰিয়া থানাৰ ৱায়াৰলেছ অপাৰেটৰ নীৰজ লাক্ৰাক প্ৰথমে গ্ৰেপ্তাৰ কৰা হয়। শনিবাৰে তেওঁক গ্ৰেপ্তাৰ কৰি আদালতৰ নিৰ্দেশত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
ইয়াৰ পিছতে SIT-এ দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত দেওবাৰে গমহাৰিয়া থানাৰ উপ-পৰিদৰ্শক মনোজ কুমাৰ চাহু আৰু কনিষ্টবল সন্তোষ কুমাৰ ৰায়ক গ্ৰেপ্তাৰ কৰা হয়। দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
ঘটনাটোৰ পিছতে কৰ্তব্যত অৱহেলাৰ অভিযোগত গমহাৰিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (OC) তথা পৰিদৰ্শক সঞ্জয় প্ৰসাদ, উপ-পৰিদৰ্শক মনোজ চাহু, অনিৰুদ্ধ সিং, হাবিলদাৰ মুনেশ্বৰ কুমাৰ আৰু কনিষ্টবল সন্তোষ ৰায়ক নিলম্বন কৰা হৈছিল। ইয়াৰ উপৰি দেওবাৰে আৰক্ষী অধীক্ষকে আৰু ১০জন আৰক্ষী কৰ্মীক নিলম্বন কৰে। নিলম্বিতসকলৰ ভিতৰত উপ-পৰিদৰ্শক অজয় পাছৱান আৰু লালন ৰবিদাস, সহকাৰী উপ-পৰিদৰ্শক বিষ্ণু ওৰাঁও, মুকেশ কুজুৰ, মুকেশ ৰবিদাস, সীতাৰাম সিং পাহান, হাবিলদাৰ পিতাম্বৰ মাহাতো, বাহাদুৰ হান্সদা আৰু কনিষ্টবল মনোজ গোৰাই আছে। আৰক্ষীৰ মতে, কৰ্তব্যত অৱহেলা, সতৰ্কতাৰ অভাৱ আৰু আৰক্ষী বিভাগৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰাৰ অভিযোগত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
কেনেকৈ সংঘটিত হৈছিল ঘটনা?
নিৰ্যাতিত মহিলাগৰাকীয়ে দাখিল কৰা অভিযোগ অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া স্বামীৰ সৈতে তেওঁৰ কাজিয়া হৈছিল। স্বামীয়ে মাৰপিট কৰিব পাৰে বুলি আশংকা কৰি তেওঁ ঘৰ এৰি ওলাই আহিছিল। ইয়াৰ পিছত সংঘটিত ঘটনাক লৈ আৰক্ষী থানাৰ ভিতৰতে ধ*ৰ্ষণৰ অভিযোগ উত্থাপন হয়। মহিলাগৰাকীয়ে স্বামীৰ পৰা পোৱা নিৰ্যাতনৰ নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষ চাপিছিল। কিন্তু অভিযোগ অনুসৰি, যিসকল আৰক্ষীৰ পৰা তেওঁ সুৰক্ষা আশা কৰিছিল, তেওঁলোকৰ মাজৰে এজন জোৱানে থানাৰ ভিতৰতে তেওঁৰ ওপৰত যৌ*ন নিৰ্যাতন চলায়।
ভুক্তভোগী মহিলাগৰাকীৰ বিৱৰণ অনুসৰি স্বামীয়ে তেওঁক মাৰধৰ কৰিব পাৰে বুলি আশংকা কৰি মহিলাগৰাকীয়ে ঘৰ এৰি ওচৰ-চুবুৰীয়াৰ ঘৰত আশ্ৰয় লয়। চুবুৰীয়াৰ ঘৰত থাকি মহিলাগৰাকীয়ে নিজৰ মোবাইল ফোনেৰে আৰক্ষীৰ সৈতে যোগাযোগ কৰে। ইয়াৰ পিছত আৰক্ষীৰ PCR ভান ঘটনাস্থলীত উপস্থিত হয় আৰু মহিলাগৰাকীক গামহাৰিয়া আৰক্ষী থানালৈ লৈ যায়। থানাত উপস্থিত হোৱাৰ পিছত কৰ্তব্যৰত আৰক্ষীয়ে মহিলাগৰাকীক নিশাটো জিৰণি ল’বলৈ এটা কোঠা দিয়ে। কিন্তু অভিযোগ অনুসৰি, সেই কোঠাতে থানাৰ ৱায়াৰলেছ অপাৰেটৰ হিচাপে কৰ্মৰত কনিষ্টবল নীৰজ লাক্ৰাই (Neeraj Lakra) মহিলাগৰাকীক ধৰ্ষণ কৰে।
বৰ্তমান SIT-এ ঘটনাৰ বিভিন্ন দিশৰ তদন্ত অব্যাহত ৰাখিছে। গোচৰটোৰ সৈতে জড়িত আন কোনো আৰক্ষী কৰ্মীৰ ভূমিকা আছে নেকি, সেই বিষয়েও অনুসন্ধান চলি আছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ